এখনো OYO হোটেলত ৰূম খালি নাই
পূজাৰ বতৰত OYO হোটেলৰ ফুল বুকিং
আপুনি ছাগে পূজাৰ সৈতে OYO হোটেলৰ কি সম্পৰ্ক আছে সেয়া ভাবি আচৰিত হৈ পৰিছে৷ কিন্তু ৰ’ব, পূজাৰ সৈতে OYO হোটেল ডাঙৰ সম্পৰ্ক আছে৷ সম্ভৱত: সেইবাবেই শাৰদীয় বতৰত বুকিং ফুল হৈছে OYO হোটেলৰ৷ আচৰিত হ’বলগীয়া কথাটো হৈছে যে গুৱাহাটীৰ OYO হোটেলৰ ৯০ শতাংশ ৰূমেই বুক হৈ আছে৷ গুৱাহাটীনিৱাসী যুৱকে নিশাটোৰ বাবে বুকিং কৰি থৈছে ৰূম৷ কিন্তু সম্পূৰ্ণ ধন আদায় দিলেও কোনো OYO হোটেলৰ ৰূমত গোটেই নিশাটো নাথাকে৷ দুঘণ্টাৰ বাবেহে তেওঁলোকে ৰূমটো ব্যৱহাৰ কৰিব বুলি জনাই দিছে ভাৰা লোৱা যুৱকে৷ বৰপেটা আৰু নলবাৰীতো OYO হোটেলৰ বিজনেছ তুংগত উঠিছে৷ পূজা চোৱাৰ শেষত প্ৰেমিকাৰ সৈতে এনজয় কৰাৰ বাবে বয়ফ্ৰেণ্ডে ভাৰা কৰিছে OYO ৰূম৷ বেলতলাৰ এখন OYO হোটেলৰ নাম প্ৰকাশত অনিচ্ছুক মেনেজাৰে প্ৰকাশ কৰা অনুসৰি তেওঁ বৰ্তমান কাকো ৰূম দিব পৰা অৱস্থাত নাই৷ কাৰণ সকলো ৰূমেই আগতীয়াকৈ বুকিং কৰা হৈছে৷ পূজাৰ সময়ত কেবাজনো যুৱকে অধিক পইচা দি হ’লেও দুঘণ্টাৰ বাবে এটা ৰূম ব্যৱহাৰ কৰিব বিচাৰিছিল৷ কিন্তু মেনেজাৰৰ উপায় নাই৷ পুলিচে নথি-পত্ৰ চাইহে ৰূম দিবলৈ যিমানে নিয়ম নকৰক কিয়, পূজাৰ বতৰত OYO হোটেলৰ ৰূম দিয়াৰ বাবে মেনেজাৰে একো চোৱা নাই৷ পূৰ্বে সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে’ৰ উপলক্ষত OYO হোটেলত এনেকৈ দুঘণ্টাৰ বাবে প্ৰেমাস্পদে ৰূম বিচাৰিছিল৷ বৰ্তমান দুৰ্গা পূজাকো প্ৰেমৰ উৎসৱ কৰি পেলালে অসমৰ প্ৰেমাস্পদে৷ শাৰদীয় উৎসৱত শৰীৰৰ খেল খেলি ৰিলেক্স অনুভৱ কৰিবলৈ তেওঁলোকে OYO হোটেলৰ মেনেজাৰক দিছে বেছিকৈ পইচা৷ তাৰ বিনিময়ত ৰূমতে বিচাৰিছে সকলো সুবিধা৷
অৱশ্যে পইচা উপাৰ্জনৰ বাবে OYO হোটেল কৰ্তৃপক্ষই অস্বীকাৰ কৰা নাই৷ প্ৰেমাস্পদে বিচৰাৰ ধৰণেৰে ৰূমতে বিৰিয়ানীৰ পৰা ব্ৰিজাৰপৰ্যন্ত আটাইবোৰ যোগান ধৰা হৈছে৷ OYO হোটেলৰ মেনেজাৰে দৰকাৰ পৰিলে কনড’মো যোগান ধৰিছে প্ৰেমাস্পদক৷ গুৱাহাটীৰ এখন OYO হোটেলৰ তথ্য অনুসৰি পূজাৰ চাৰি দিনত তেওঁলোকে কমপক্ষেও ৬ লাখ টকাৰ ব্যৱসায় কৰিব৷ এটা ৰূম এদিনতে কেবাযোৰো প্ৰেমাস্পদক ভাৰা দিয়া হ’ব৷ যিহেতু কোনেও ৰূমত ৰাত্ৰিযাপন নকৰে সেয়ে এটা ৰূমকে বাৰেপতি ভাৰা দিয়াত একো সমস্যা নাই৷ অৱশ্যে প্ৰেমাস্পদে খালি কৰাৰ লগে লগে আকৌ সজাই-পৰাই তুলিবলৈ নতুন কৰ্মচাৰী নিয়োগ কৰিবলগা হৈছে৷ তথাপি OYO হোটেলৰ লোকচান হোৱা নাই৷ পূজাৰ বতৰত OYO হোটেলৰ মেনেজাৰে প্ৰেমাস্পদক দিছে নিৰাপত্তা৷ তাত নাই গুৱাহাটী পুলিচে আকস্মিকভাৱে ৰেইড মৰাৰ আশংকা৷
এই নিৰাপত্তাৰ বাবে ডিব্ৰুগড়ৰ OYO হোটেলতো ভিৰ ক্ৰমাৎ বৃদ্ধি হৈছে৷ উজনিৰ চহৰখনৰ এখন OYO হোটেলৰ মেনেজাৰে সদৰী কৰা অনুসৰি তেওঁ নতুনকৈ কোনো অতিথিক ৰূম ভাৰা দিব পৰা অৱস্থাত নাই৷ যোৰহাটৰ পৰিস্থিতিও অনুৰূপ৷ বিশেষকৈ ভাৰাঘৰত থকা যুৱকসকলে আগতীয়াকৈ OYO হোটেল বুক কৰি থৈছে৷ প্ৰেমিকাৰ সৈতে পূজাৰ বতৰত নিভৃত সময় কটোৱাত যাতে কোনেও বিঘিনি কৰিব নোৱাৰে তাৰ বাবে বয়ফ্ৰেণ্ড সতৰ্ক৷ গোলাঘাটৰ OYO হোটেলতো এতিয়া ৰূম খালি পাম বুলি আপুনি আশা নকৰাই ভাল৷ মুঠতে আপুনি সকলো জিলাতে হোটেল বুক কৰিবলৈ হ’লে সংগ্ৰাম কৰিব লাগিব৷ কাৰণ শাৰদীয় বতৰত প্ৰেমিকাৰ যৌৱন উপভোগ কৰাৰ বাবে বুক আছে ৰূম৷ পূজা চাই প্ৰেমাস্পদ সোমাইছে হোটেলত৷



