এনেকৈ চলিলে অসম শেষ হৈ যাব


ছিংগাপুৰৰ নিচিনা হৈ পৰিব অসম
বেশ্যাৰ বাবেহে বিশ্বত চিনাকি হৈ পৰিব অসম
কথাটো মিছাও নহয়৷ অসমৰ কিছুমান হোমষ্টে’ আৰু হোটেল সম্প্ৰতি বেশ্যালয়ত পৰিণত হৈছে৷ অৰ্থনৈতিক উন্নতিৰ বাবে ছিংগাপুৰ চৰকাৰে এটা সহজ পথ অৱলম্বন কৰিছিল৷ বিগত দশত ছিংগাপুৰৰ মহিলাসকলক বেশ্যাবৃত্তিত লিপ্ত হোৱাৰ বাবে উদগণি যোগাইছিল প্ৰশাসনে৷ ছিংগাপুৰ ভ্ৰমণ কৰা বিদেশী পুৰুষৰ উদ্দেশ্যই আছিল স্থানীয় মহিলাৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰা৷ কিয়নো ছিংগাপুৰৰ হোটেলত বেশ্যাৰ সৈতে অভিসাৰ কৰাটো অবৈধ নহয়৷ ছেক্স টুৰিজিম নামৰ এই ব্যৱস্থাৰ জৰিয়তে ছিংগাপুৰে উন্নতিৰ জখলা বগাইছিল৷ এতিয়াও সেই একেটা কাৰণতে থাইলেণ্ডৰ অৰ্থনীতি মজবুত হৈ আছে৷
বেংককৰ পথত দিনে-নিশাই ৰৈ থকা বাৰবনিতা হৈছে পৰ্যটকৰ মূল আকৰ্ষণ৷ গা-মূৰ মালিচ কৰি দিয়াৰ পৰা শৰীৰৰ জুই নিৰ্বাপন কৰালৈ সকলোৰে বাবে বেংককত বেশ্যাৰ অভাৱ নাই৷ কিন্তু ৰ’ব, আৰু কিছুদিনৰ পিছতে অসমৰো অৱস্থা একেই হৈ পৰিব৷ বেশ্যাৰ ঘাটি হিচাপে পৰিচিত হৈ পৰিব অসম৷ কলকাতাৰ সোণাগাচি নতুবা দিল্লীৰ জিবি ৰোড বেশ্যাপল্লী হিচাপে পৰিচিত৷ কিন্তু অসমত তেনে কোনো নিৰ্দিষ্ট ৰেডলাইট এৰিয়া নাই৷ সেইবুলি অসমত অস্বীকৃত বেশ্যাপল্লী নাই বুলি ভাবি ভুল নকৰিব৷ ৰেড লাইট এৰিয়া নাথাকিলেও অসমত বেশ্যাৰ অভাৱ নাই৷ আচলতে কলকাতাতকৈয়ো অসমত বেশ্যা বেছিহে৷
সম্প্ৰতি অসমৰ হোমষ্টে’বোৰৰ বেছিভাগেই অস্বীকৃত বেশ্যালয় হৈ পৰিছে৷ শেহতীয়াকৈ নিমিষা ঠাকুৰীয়া নামৰ ২২ বছৰীয়া কুমলীয়া যুৱতীগৰাকীৰ অপমৃত্যুৱে হোমষ্টে’ৰ নামত চলি থকা দুইনম্বৰী ধান্দা উদঙাই দিছে৷ কিন্তু এই হোমষ্টে’বোৰ ৰক্তবীজৰ লেখিয়া৷ এঠাইত কাটিলে সাতঠাইত গজা হোমষ্টে’বোৰ শেষ কৰাটো অসম্ভৱ হৈ পৰিছে৷ হোমষ্টে’ৰ মালিকে লাখ লাখ টকা খৰচ কৰি অট্টালিকা নিৰ্মাণ কৰে৷ বৈধ ভাৱে হোমষ্টে’ত ভাৰা বিচৰা গ্ৰাহকৰ জৰিয়তে ব্যৱসায় কৰি কম সময়তে তেওঁলোকে বিনিয়োগ কৰা ধন আদায় কৰাটো সম্ভৱ নহয়৷ সেয়ে সোনকালে লাভ আদায় কৰিবলৈ হোমষ্টে’ক বেশ্যালয়ত পৰিণত কৰা হৈছে৷ একো নথি-পত্ৰ অবিহনে উদঙীয়া প্ৰেমাস্পদক এনজয় কৰিবলৈ ৰূম ভাৰা দিছে হোমষ্টে’ৰ মালিকে৷ এইদৰে চলি আছে অসমৰ হস্পিটেইলিটী উদ্যোগ৷ অসমৰ ঐতিহাসিক স্থান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ সংখ্যা তেনেই কম৷ সেইবাবে হোটেল-হোমষ্টে’ৰ মালিকৰ লক্ষ্য কেৱল উদঙীয়া প্ৰেমাস্পদেই হৈ পৰিছে৷
তেওঁলোকে সুৰক্ষিত স্থানত শাৰিৰীক সম্পৰ্ক কৰিবলৈ হোমষ্টে’ অথবা হোটেলৰ মালিকক বেছি ধন আদায় দিবলৈ সাজু হৈ থাকে৷ সেয়ে হোমষ্টে’বোৰে একো নথি অবিহনে ৰূম দিয়ে৷ মাজে মাজে পুলিচে তালাচী চলালেও হোমষ্টে’বোৰ শাৰিৰীক সম্পৰ্কৰ বাবে নিৰাপদ৷ জনচক্ষুৰ পৰা আঁতৰি মিলনৰ বাবে হোমষ্ট’ৰ সমান সুৰক্ষিত ঠাই নাই৷ এইবোৰৰ বাবে অসমো কিছুদিনৰ পিছত ছিংগাপুৰৰ দৰে ছেক্স টুৰিজিমৰ বাবে পৰিচিত ৰাজ্য হৈ পৰিব৷ ইতিমধ্যে নিশাৰ গণেশগুৰিৰ অৱস্থা বেংককৰ নিচিনাই হৈ পৰিছে৷ GS ৰোডত নিশা বেংককৰ দৰে বিচৰণ কৰি ফুৰা হৈছে বেশ্যাই৷ গতিকে অসমো বিশ্বত বেশ্যাৰ ঘাটি বুলি পৰিচিত হৈছে৷ অনাগত সময়ত অসমলৈয়ো শাৰিৰীক সম্পৰ্কৰ উদ্দেশ্যেই পৰ্যটকৰ আগমনৰ অপাৰ সম্ভাৱনা আছে৷
এই দুইনম্বৰী বেপাৰ বন্ধ কৰিবলৈ চৰকাৰ যদি তৎপৰ নহয় তেন্তে পৰিস্থিতি অনাগত সময়ত বিপজ্জনক হৈ পৰিব৷ অসমৰ মহিলাৰ চৰিত্ৰ বেয়া বুলি ভাবিবলৈ ধৰিব বিশ্বই৷ সমগ্ৰ পৃথিৱীৰ সন্মুখতে অসমৰ মহিলা দুশ্চৰিত্ৰা বুলি পৰিচিত হ’ব৷ হোমষ্টে’ৰ উপৰি এখন বিশেষ হোটেল ইতিমধ্যে কেৱল প্ৰেমাস্পদৰ শাৰিৰীক সম্পৰ্কৰ উপযুক্ত স্থান বুলিয়েই বিখ্যাত হৈ পৰিছে৷ সেই হোটেল চেইনত ভেলেণ্টাইন ডে’ আৰু সৰস্বতী পূজাত প্ৰেমাস্পদৰ ভিৰ স্বাভাৱিক দৃশ্য৷ মুঠতে কিছুদিনৰ ভিতৰতে অসমে চেৰ পেলাব বেংককক৷ থাইলেণ্ডৰ দৰে অসমো বেশ্যাৰ বাবে কুখ্যাত বুলি ইণ্টাৰনেটত তথ্য উভৈনদী হৈ পৰিব৷