ব্ৰেক-আপ কৰিবলৈহে গৈছিল নিমিষা


ধৰ্মীয় পৰিচয় গোপন কৰিছিল আছিল আলিয়ে
ৰংমিস্ত্ৰী আছিকে নিজকে হিন্দু বুলিয়েই নিমিষা ঠাকুৰীয়াক চিনাকি দিছিল৷ আছিকে নিমিষাক পিন্ধিবলৈ দিছিল তাবিজ৷ বিশ্বাসৰ বাবে ঘৰৰ মানুহে নজনাকৈ আছিকে দিয়া তাবিজ নিমিষাই পৰিধান কৰিছিল৷ কেৱল সেয়াই নহয়, নিজকে মুছলমান বুলিও আছিকে প্ৰথমে নিমিষাক জনোৱা নাছিল৷ নিমিষাৰ সৈতে আছিকৰ চিনাকি হৈছিল ইনষ্টাগ্ৰামত৷ ছ’চিয়েল মিডিয়া ছাইটত আছিকে নিজকে হিন্দু বুলি চিনাকি দিছিল৷ ইনষ্টাগ্ৰামত আছিকৰ নাম আছিল আছিক চৌধুৰী৷ তেওঁ যে মুছলমান সেইটো কোনোপধ্যে জানিবলৈ দিয়া নাছিল আছিকে৷ ইনষ্টাগ্ৰামৰ বায়’ত নিজৰ বিষয়ে অসমীয়া ল’ৰা বুলি আছিকে উল্লেখ কৰিচিল৷ এটা কথা স্পষ্ট হৈ পৰিছে যে আছিক আলিয়ে ধৰ্মীয় পৰিচয় গোপন কৰাৰ চেষ্টা কৰিছিল৷
নিজকে কেৱল অসমীয়া বুলি কোৱা আছিকে আলি উপাধিতো লুকুৱাই ৰাখিছিল৷ নিজকে হিন্দু বুলি চিনাকি দি আছিকে প্ৰেম নিবেদন কৰিছিল নিমিষাক৷ অজ্ঞাত কাৰণত লাহে লাহে নিমিষা আছিকৰ বহতীয়া হৈ পৰিছিল৷ তেওঁ আছিকৰ প্ৰতিটো নিৰ্দেশ মানিবলৈ ধৰিছিল৷ কিন্তু কিছুদিন পূৰ্বে আছিকৰ প্ৰকৃত স্বৰূপ বুজি পাইছিল নিমিষাই৷ তেতিয়া যুৱতীগৰাকীয়ে আছিক আলিৰ সৈতে ব্ৰেক-আপ কৰিছিল৷ ৰুদ্ৰজ ইনত প্ৰাণ হেৰুওৱাৰ পাঁচদিন পূৰ্বে আছিকৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল নিমিষাই৷ কিন্তু তাৰ পূৰ্বেই আছিকে ভোগ কৰিছিল নিমিষাৰ যৌৱন৷ ঘৰত ফাঁকি দিবলৈ বাধ্য কৰি নিমিষাক ছিলঙলৈয়ো নিছিল আছিকে৷ চেৰাপুঞ্জীৰ হোমষ্টে’ত নিমিষাৰ সৈতে আছিকে কেবাটাও উজাগৰী নিশা পাৰ কৰিছিল৷
কিন্তু ধৰ্মীয় পৰিচয় জানিব পাৰি নিমিষাই ব্ৰেক-আপ কৰাৰ পিছত আছিকে আৰম্ভ কৰিছিল তাণ্ডৱ৷ পুৰণি ভিডিঅ’ ফাদিল কৰি দিয়াৰ ভাবুকি দি নিমিষাক আছিকে ব্লেকমেইল কৰিছিল৷ সেয়ে আছিকৰ নিৰ্দেশমতে আকৌ ৰুদ্ৰজ হোমষ্টে’ৰ ৰূম ভাৰা কৰিবলৈ নিমিষা বাধ্য হৈ পৰিছিল৷ জীৱনৰ অন্তিমটো নিশা ব্ৰেক-আপ কৰি আছিকক জীৱনৰ পৰা বিদায় দিয়াৰ সিদ্ধান্তত নিমিষা অটল হৈ আচিল৷ কিন্তু আছিকে এৰি দিয়া নাছিল নিমিষাক৷ সেয়ে দুয়োৰে মাজত সংঘাত হোৱা বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে৷ যাৰ বাবে নিমিষাই প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ আশংকা আছে বুলি অনুমান কৰিছে তদন্তকাৰীয়ে৷ আনহাতে নিমিষাই বিগত সময়ত আছিল দিছিল কেবাখনো নগ্ন ফটো৷ হোৱাটছএপত গোপন অংগ প্ৰকট কৰি উঠা ফটো নিমিষাই আছিকক দিছিল৷ সেইবোৰো আছিকে উলিয়াই দিয়াৰ ধমক দিছিল নিমিষা ঠাকুৰীয়াক৷
অৱশ্যে বহুতে কোৱাৰ দৰে এই নৰাধম আছিক আলি মিঞা নহয়৷ ৰং মিস্ত্ৰীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা আছিক হৈছে গৰীয়া৷ তেওঁৰ পৰিয়াল গুৱাহাটীৰ গাড়ীগাঁৱৰ পুৰণি বাসিন্দা বুলি জানিব পৰা গৈছে৷ গৰীয়া আছিকে ভাষিক দক্ষতাৰ বাবে সহজে ধৰ্মীয় পৰিচয় গোপন কৰি ৰাখিবলৈ সক্ষম হৈছিল৷ তাৰ বাবে আছিকে সহজে প্ৰতাৰণা কৰিব পাৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষাক৷ বৰ্তমান লাভ জেহাদী বুলি অভিহিত কৰি আছিকক বহুতে ছ’চিয়েল মিডিয়াত প্ৰতাৰণা কৰিছে৷ কিন্তু তেওঁলোকে কোৱাৰ দৰে আছিক আলি মিঞা নহয়৷ গাড়ীগাঁৱৰ আছিক হৈছে গৰীয়া জনগোষ্ঠীৰ যুৱকহে৷ তেওঁৰ বাবে গাড়ীগাঁৱৰ খিলঞ্জীয়া মুছলমান সমাজ লজ্জিত হৈছে৷ সেয়ে গাড়ীগাঁৱৰ গৰীয়াই বিচাৰিছে আছিক আলিৰ কঠোৰ শাস্তি৷ তদন্তকাৰীৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘটনাৰ পিছত আছিক আলিয়ে পলায়নৰ চেষ্টা কৰিছিল৷ কিন্তু আছিক পলাই আৰক্ষীৰ শেনচকুৰ পৰা সাৰিব নোৱাৰিলে৷ সেয়ে ধৰা দিবলৈ বাধ্য হ’ল আছিক৷
আৰক্ষীৰ এটা সূত্ৰৰ তথ্যমৰ্মে নিমিষাই আছিকক তেওঁৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ বাবে মিনতি কৰিছিল৷ কিন্তু ব্ৰেক-আপ কৰিলে নিমিষাকো কেতিয়াও শান্তিত থাকিব নিদিওঁ বুলি কৈছিল আছিকে৷ এফালৰ পৰা নিমিষাৰ নগ্ন ফটো ফাদিল কৰিব বুলি আছিকে ভাবুকি দিছিল৷ দেউতাকৰ পৰা ২ হাজাৰ টকা খুজি হোমষ্টে’লৈ যোৱা নিমিষাই সেইদিনা আছিকৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছিল৷ কিন্তু নিমিষা বিফল হ’ল৷ শেষত কোনোবা দুৰ্বৃত্তৰ গোৰত প্ৰাণবায়ু উৰি গ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষাৰ৷