আৰু বেছিদিন জে’লত থাকিব নালাগে অমৃতপ্ৰভা মহন্ত
অসমৰ ৰাইজে সকলো পাহৰি যাব পাৰে, কিন্তু ছিংগাপুৰৰ পৰা উভতি আহি অমৃতপ্ৰভা মহন্তই লেনিয়াই লেনিয়াই কোৱা কথাবোৰ পাহৰিব নোৱাৰে৷ আজলী ছোৱালীৰ অভিনয় কৰা অমৃতপ্ৰভাই তেতিয়া যিমান নাটক কৰিছিল, সেইবাবে তেওঁক সদায় মনত ৰাখিব জুবিন অনুৰাগীয়ে৷ জুবিন গাৰ্গৰ চৰিত্ৰহননৰো হাতিয়াৰ হৈ পৰা অমৃতপ্ৰভাই অসভ্যালিৰ সীমা চেৰাই গৈছিল৷ কিন্তু ইমানৰ পিছতো এটা কথা ঠিক যে কিছুদিনৰ পিছতে এই অমৃত অথবা বিষপ্ৰভা মহন্তই জামিন লাভ কৰিব৷ জুবিন গাৰ্গৰ ৰহস্য-মৃত্যুৰ তদন্ত কৰা SITৰ চাৰ্জশ্বীটৰ ইমানো ক্ষমতা নাই যে আৰক্ষীয়ে অমৃতপ্ৰভাক দীৰ্ঘদিনলৈ কাৰাগাৰত আবদ্ধ কৰি ৰাখিব পাৰিব৷ চাৰ্জশ্বীটৰ দুৰ্বলতাৰ বাবে জুবিন-কাণ্ডৰ সকলো অভিযুক্তই শীঘ্ৰে মুকি লাভ কৰিব৷
আৰক্ষীৰ নাম প্ৰকাশত অনিচ্ছুক এটা সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য৷ সেই অনুসৰি অহা শুনানীৰ পিছতে অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰিব৷ ইয়াৰ মূল কাৰণ হৈছে চাৰ্জশ্বীটত থকা সুৰুঙা৷ বিশেষ তদন্তকাৰী বাহিনীয়ে দাখিল কৰা চাৰ্জশ্বীট দৰাচলতে জুবিন গাৰ্গৰ ঘাতকক জে’লত ৰাখিব পৰাকৈ শক্তিশালী নহয়৷ তথাপি জনৰোষত পৰাৰ ভয়তে বিগত সময়ত জুবিন গাৰ্গৰ অন্তিম সময়ত য়টত থকা অভিযুক্তই জামিন বিচাৰি আবেদন দাখিল কৰা নাছিল৷ কিন্তু সম্প্ৰতি পৰিস্থিতি সামান্য অনুকূল হোৱাৰ অনুমান কৰি জে’লৰ পৰা ওলাবলৈ অভিযুক্তই চেষ্টা কৰিছে৷ হাফলঙৰ কাৰাগাৰত বন্দী হৈ থকা অমৃতপ্ৰভা মহন্তৰ জামিনৰ বাবে আৰম্ভ হৈছে ন্যায়িক প্ৰক্ৰিয়া৷ যদি একো সমস্যা নহয় তেন্তে অমৃতপ্ৰভাই মুক্তি পাব৷
তথ্য অনুসৰি কেৱল অমৃতপ্ৰভাই নহয়, আন কেবাজনো অভিযুক্তই সোনকালে মুক্তি লাভ কৰাৰো আশংকা আছে৷ সম্প্ৰতি শ্যামকানু মহন্তও জে’লৰ পৰা ওলাবলৈ তৎপৰ হৈ পৰিছে৷ বিগত সময়ত জে’লৰ পৰা ওলালে ৰাইজৰ মাধমাৰ খোৱাৰ আশংকাত শ্যামকানুৱে তাপ মাৰি আছিল৷ কিন্তু সম্প্ৰতি ৰাইজৰ ক্ষোভ কিছু পৰিমাণে হ’লেও মাৰ যোৱা বুলি অনুমান কৰিছে শ্যামকানুৱে৷ সেয়ে তেওঁ সম্প্ৰতি জামিনৰ বাবে আবেদন দাখিল কৰিবলৈ অধিবক্তাক নিৰ্দেশ দিছে৷ যদি শ্যামকানুৱে জামিনৰ বাবে আবেদন দাখিল কৰে তেন্তে ন্যায়িক প্ৰক্ৰিয়া অনুসৰি তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব৷ সেই প্ৰক্ৰিয়াৰ ভিত্তিতে মুক্ত হোৱাৰ পিছতো শ্যামকানুৱে সুৰক্ষা লাভ কৰিব৷ সেয়ে নিৰাপদ হৈ থাকিব এই পাষণ্ড শ্যামকানু মহন্ত৷
তেওঁৰ উপৰি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তায়ো জামিন বিচাৰি আবেদন দাখিল কৰিবলৈ তলে তলে চলাইছে প্ৰস্তুতি৷ খবৰ অনুসৰি কিছুদিনৰ ভিতৰতে আইনীভাৱে সুবিধাজনক হোৱাকৈ সিদ্ধাৰ্থৰ অধিবক্তাই আবেদন দাখিল কৰিব৷ অমৃতপ্ৰভা আৰু শ্যামকানুৰ দৰে তেৱোঁ সোনকালে জামিন লাভ কৰাটো নিশ্চিত৷ চাৰ্জশ্বীটত থকা আইনী সুৰুঙাৰ বাবেই সিদ্ধাৰ্থই মুক্তি লাভ কৰিব৷ তেনেহ’লে অসমৰ কাৰাগাৰৰ পৰা ওলাই বৰ্হিৰাজ্যলৈ যোৱাৰ সুবিধা পাব সিদ্ধাৰ্থ শৰ্মাই৷ তেনে পৰিস্থিতিত অসমৰ জনতাৰ প্ৰতিবাদ অথলে যাব৷ শ্যামকানুৰ পৰা সিদ্ধাৰ্থলৈ সকলো আইনৰ বেহু ফালি জে’লৰ পৰা মুক্ত হৈ পৰিব৷
অৰ্থাৎ জাষ্টিচ ফৰ জুবিন গাৰ্গ বুলি লিখি অসমৰ জনতাই কৰা আন্দোলন আৰু কিছুদিনৰ ভিতৰতে হৈ পৰিব অসাৰ৷ তেওঁলোক সকলোৱে মুক্তি লাভ কৰাৰ পিছত এই গোচৰটো গতানুগতিকভাৱে চলি থাকিব৷ বহুদিনৰ পিছত জুবিন গাৰ্গৰ ৰহস্য-মৃত্যুৰ গোচৰৰ বিষয়ে খবৰ লাভ কৰিব অসমৰ অনুৰাগীয়ে৷ কিন্তু ৰাজকীয় জীৱন যাপনৰ সুবিধা পাব শ্যামকানুৰ পৰা আদি কৰি সিদ্ধাৰ্থলৈ সকলো অভিযুক্তই৷ তেওঁলোকে জে’লৰ পৰা মুক্ত হ’লে প্ৰমাণ নোহোৱা কৰাৰ চেষ্টা কৰিব যে সেইটোও খাটাং৷ গতিকে অসমৰ জনতাই ন্যায়ৰ দাবী কৰি পাব কেৱল অশ্বডিম্ব৷ অনাগত সময়ত অসমেও পাহৰি যাব লাগিব গোচৰৰ কথা৷


