AIৰ বাবে কাপোৰৰ বিক্ৰী হ্ৰাস

AIৰ বাবে কাপোৰৰ বিক্ৰী কমিছে
আগৰ দৰে অসমৰ মহিলাই মিছ’-মিণ্ট্ৰাৰ পৰা কাপোৰ নিকিনা হৈছে
AI আছেই যেতিয়া কাপোৰ কিনিবলৈ কি দৰকাৰ! ফটোখন AIত আপলোড কৰি প্ৰম্পট দিলেই পিন্ধিব পাৰি পছন্দৰ কাপোৰ৷ গতিকে অসমৰ মহিলাই বৰ্তমান আগৰ সমান কাপোৰ নিকিনা হৈছে৷ পূৰ্বে ফুৰিবলৈ যাওতে প্ৰতিদিনে বেলেগ এযোৰ কাপোৰ পিন্ধিবলগীয়া হৈছিল৷ কাৰণ একেযোৰ কাপোৰ পৰিধান কৰি ফে’চবুকত ফটো প’ষ্ট কৰিবলৈ মহিলাসকলে টান পায়৷ কিন্তু আজিকালি এযোৰ কাপোৰ পিন্ধি ফুৰি আহিলেও সমস্যা নাই৷ এযোৰ কাপোৰকে গুগল জেমিনীয়ে কেবাটাও ৰূপ দিব পাৰে৷ জেমিনীক কৈ দিলেই পিন্ধাই দিব পাৰে ধুনীয়া ডিজাইনৰ চাদৰ-মেখেলা৷ নতুন ষ্টাইলৰ শ্বৰ্টছো পিন্ধাব পাৰে চেট GPTয়ে৷
সেয়ে অসমৰ মহিলাই নতুনকৈ কাপোৰ কিনাৰ একো দৰকাৰ নাই৷ সঁচা কথা ক’বলৈ গ’লে আগতে ক’ৰবালৈ ফুৰিবলৈ গ’লেই কাপোৰ ক্ৰয় কৰাটো অসমৰ বেছিভাগ মহিলাৰ নিয়মৰ নিচিনাই আছিল৷ কিন্তু এতিয়া চিনাকি মানুহ নথকা ঠাইলৈ যোৱাৰ পূৰ্বে কাপোৰ কিনিবলৈ বেছিভাগ মহিলাই মন নকৰে৷ AIৰ বাবে মহিলাসকলে কাপোৰৰ বেগ কঢ়িয়ায়ো ফুৰিব নালাগে৷ পূৰ্বে ছিলং ফুৰিবলৈ গ’লেও অসমৰ মহিলাই কমেও তিনিযোৰ কাপোৰ নিছিল৷ কিন্তু এতিয়া সিমানখিনি কষ্ট কৰিবলৈ একো দৰকাৰ নাই৷
বৰ্তমান আপুনি এযোৰ কাপোৰ পিন্ধি ছিলং ভ্ৰমণ কৰিব পাৰে৷ লগতে উঠিব পাৰে ফটো৷ সেইখন ফটোকে শুদ্ধ প্ৰম্পটৰ সৈতে চেট GPTত আপলোড কৰিলেই আপুনি নতুন কাপোৰ পিন্ধাৰ দৰে হৈ পৰিব৷ ৰক্ষণশীল পৰিয়ালৰ বোৱাৰীয়েও AIৰ সুবিধাতে শ্বৰ্টছ পিন্ধি ফুৰিবলৈ যাব পৰা হৈছে৷ শ্বৰ্টছ পৰিহিত ফটো AIয়ে পিন্ধাই দিব পাৰে চাদৰ-মেখেলা৷ চাকৰি বিলুপ্ত কৰিলেও অসমৰ মহিলাক কেবাটাও সুবিধা দিছে AIয়ে৷ কাপোৰ কিনাৰ খৰচ কমাই বিবাহিত পুৰুষক AIয়ে বেছিকৈ ধন সাঁচিবলৈ সুযোগ দিছে৷
ইমানখিনি সুবিধা আছে যদিও AIয়ে কেবাটাও জঞ্জালো লগাইছে৷ বিশেষকৈ এচাম বিকৃত চৰিত্ৰৰ অসভ্যই AIৰ জৰিয়তে নাৰীৰ অৰ্ধ-উলংগ ফটো তৈয়াৰ কৰিছে৷ কিছুদিন পূৰ্বে তেজপুৰৰ এটা ৰক্ষণশীল পৰিয়ালৰ বোৱাৰীৰ বিকিনী পিন্ধা ফটো ছ’চিয়েল মিডিয়াত প’ষ্ট হৈছিল৷ তেতিয়া পৰিয়ালটোত কাজিয়া লাগিল৷ কিন্তু পিছত প্ৰকাশিত খবৰ অনুসৰি বোৱাৰীজনীয়ে ফে’চবুকত প’ষ্ট কৰা ফটো AIৰ জৰিয়তে এজন স্থানীয় যুৱকে তৈয়াৰ কৰিছিল৷ তাৰ পিছতহে বোৱাৰীজনীৰ পৰিয়ালৰ কাজিয়াখন সমাপ্ত হ’ল৷
কিন্তু অসমৰ বিবাহিত পুৰুষক সকাহ দিছে AIয়ে৷ বিশেষকৈ তেওঁলোকে পত্নীৰ বাবে কিনিবলগীয়া হোৱা নাই নতুন কাপোৰ৷ AIৰ বাবে লোকচান হৈছে মিছ’ আৰু মিণ্ট্ৰাৰ৷ প্ৰধানত: এই দুটা কোম্পানীৰ পৰাই অসমৰ মহিলাই অনলাইনত কাপোৰ কিনিছিল৷ আনকি AIৰ বাবে মেক-আপৰ সামগ্ৰীৰো বিক্ৰী হ্ৰাস হৈছে৷ কাৰণ শুদ্ধ প্ৰম্পট দিলে AIয়ে মুখৰ মেক-আপো সলনি কৰি দিব পাৰে৷ মুঠতে AI অসমৰ পুৰুষৰ বাবে বৰ দৰকাৰী হৈ পৰিছে৷ মহিলাই নতুন নতুন কাপোৰ পিন্ধাৰ চখো পূৰণ কৰিছে চেট GPTয়ে৷