ছাগলী চোৰো হ’লগৈ বাবাজী

আপুনি চকুৰ সমস্যাৰ বাবে চশমা পিন্ধিবলগীয়া হৈছে নেকি
যদি আপুনি চকুৰে নেদেখে তেন্তে আৰু চিন্তা কৰাৰ কাৰণ নাই, কাৰণ আহিছে বাবাজী
মধ্যপ্ৰদেশত এজন বাবাজীৰ আৱিৰ্ভাৱ ঘটিছে৷ যি এবাৰ চুই দিলেই দৃষ্টিশক্তিহীন লোকৰ চকুৰ সমস্যা দূৰ হৈ যায়৷ বাবাই স্পৰ্শ কৰাৰ পিছতে চশমা খুলিলেও দেখে সকলো লোকে৷ উজ্জয়িনীৰ বাবাজনক ভক্তগণে লেন্সকাৰ্ট বাবাজী হিচাপে অভিহিত কৰিছে৷ ভক্তৰ মতে তেওঁ হৈছে দৃষ্টিশক্তিৰ দেৱতা৷ বাবাই মূৰত স্পৰ্শ কৰি চকুৰে নেদেখা ৰোগীৰ গালত লাহেকৈ থাপ্পৰ মাৰি দিয়ে৷ লগে লগে দৃষ্টিশক্তি বাঢ়ি যায়৷ অসংখ্য লোকে বাবাৰ চিকিৎসা গ্ৰহণ কৰি ৰোগমুক্ত হোৱা বুলি দাবী কৰিছে৷ সেযে উজ্জয়িনীস্থিত বাবাৰ আশ্ৰমত ভিৰ কৰিছে ভক্তই৷ এই বাবাজন ইমানদিনে ক’ত আছিল সেয়াও ৰহস্যৰ বিষয়৷ ভক্তৰ মতে লেন্সকাৰ্ট বাবাই অতদিনে হিমালয়ত তপস্যা কৰি আছিল৷ বৰফৰ মাজত তপস্যা কৰি তেওঁ দৃষ্টিশক্তি ঘূৰাই দিব পৰা অলৌকিক ক্ষমতা আহৰণ কৰিলে৷ লগে লগে পৰ্বতৰ পৰা ভৈয়ামলৈ আহি ভক্তক সেৱা কৰিছে বাবাই৷ কিন্তু ভক্তই বিশ্বাস কৰিলেও এই যুক্তি বেছিভাগ লোকে মানি লোৱা নাই৷ মধ্যপ্ৰদেশৰ বাতৰি কাকতৰ খবৰ অনুসৰি এই বাবাজন পূৰ্বে আছিল ছাগলী চোৰ৷ তেওঁ মধ্যপ্ৰদেশৰ ৰেৱা জিলাত ছাগলী চুৰি কৰি ধৰা পৰিছিল৷ অপৰাধৰ বাবে বাবা দীৰ্ঘদিন জে’লতো থাকিবলগা হৈছিল৷ কিন্তু জে’লৰ পৰা মুক্ত হৈ আকৌ ছাগলী চুৰিতে ধৰিছিল বাবাই৷ তেওঁ মোহন নামেৰে ৰেৱা জিলাত পৰিচিত হৈছিল৷ জে’লৰ পৰা মুক্ত হোৱাৰ পিছত তেওঁ গোপাল নাম ল’লে৷ বৰ্তমান তেওঁ গোপাল বাবা হিচাপে দিয়ে পৰিচয়৷ ছাগলী চুৰি কৰি জে’লত সোমোৱা বাবাই অলৌকিক শক্তিৰে থিতাতে দৃষ্টিশক্তি ঘূৰাই দিব পাৰে৷ গতিকে এতিয়াৰ পৰা দৃষ্টিশক্তিহীন লোকে চিন্তা কৰিবলগা নাই৷ লেছিক লেজাৰৰ দৰে খৰচী অপাৰেশ্যন কৰাৰো দৰকাৰ নাই৷ লেন্সকাৰ্ট বাবাৰ দৰবাৰলৈ গ’লেই যিকোনো লোকে চকুৰে ফটফটীয়াকৈ দেখা পাব৷ তেওঁৰ দৰবাৰত আছে কিছুমান অদ্ভূত নিয়ম৷ লেন্সকাৰ্ট বাবাৰ আশ্ৰমত চিকিৎসা কৰিবলৈ যোৱা ভক্তই চশমা পিন্ধিব নোৱাৰে৷ বাবাই চশমা বেয়া পায়৷ সেয়ে ভক্তৰ চকুৰ পৰা চশমা খুলি তেওঁ দলিয়াই দিয়ে৷ পৰৱৰ্তী সময়ত ৰুগীয়া ভক্তৰ মূৰত স্পৰ্শ কৰি গালত থপৰিয়াই চিকিৎসা কৰে বাবাই৷
এই বাবাজনৰ নাম আৰু ঠিকনাক লৈ ভক্তৰ সন্দেহ নাই৷ কিন্তু তেওঁ দুৰ্ধৰ্ষ অপৰাধী হিচাপে আৰক্ষীৰ নথিক নাম আছে৷ লেন্সকাৰ্ট বাবাই কেতিয়াও ভক্তক চশমা পিন্ধিবলৈ নিদিয়াৰ প্ৰতিজ্ঞা কৰিছে৷ তেওঁ নিজৰ বয়সৰ বিষয়েও ভক্তক প্ৰায়ে সাধু শুনায়৷ লেন্সকাৰ্ট বাবাই কোৱামতে তেওঁৰ বয়স বৰ্তমান ডেৰশ বছৰ৷ হিমালয়ত তপস্যা কৰা বাবে ডেৰশবছৰ বয়সতো ডেকা ল’ৰাৰ দৰে হৈ আছে বুলি বাবাই দাবী কৰে৷ কিন্তু আধাৰ কাৰ্ডৰ হিচাপমতে বাবাৰ বয়ত ৪৮৷ তেওঁ ৰেৱা জিলাৰ স্থায়ী বাসিন্দা৷ কিন্তু বাবাই সেইবোৰ সঁচা বুলি নামানে৷ তেওঁ ভক্তক কয় সাধু৷ ছাগলী চোৰ বাবাজীয়ে সদায় দিয়ে প্ৰবচন৷
এই বাবাজনৰো ভক্তৰ সীমা-সংখ্যা নাই৷ তেওঁৰ অজস্ৰ ভক্তই চিকিৎসাৰ বাবে দৰবাৰত ভিৰ কৰে৷ বিহাৰ, উত্তৰ প্ৰদেশৰ পৰাও লেন্সকাৰ্ট বাবাৰ ওচৰলৈ ভক্ত ঢপলিয়াই গৈছে৷ চিকিৎসাৰ সলনি বাবাই চুই দিলেই ৰোগমুক্ত হ’ব বুলি ভবা লোকৰ সংখ্যা এতিয়াও দেশত অসংখ্য৷ এয়াই হৈছে বাস্তৱ পৰিস্থিতি৷