মৰ্ত্যলোকতে আছে সৰগৰ অপেশ্বৰী

তুমি কোন সৰগৰ অপ্সৰা বুলি ক’লেও কমকৈহে কোৱা হ’ব
আচলতে সৰগৰ অপেশ্বৰীতকৈয়ো বেছিহে ধুনীয়া জেমি চেপমেন নামৰ গাভৰুজনী
সৌসিদিনালৈ জেমি চেপমেনক কোনেও চিনিয়েই পোৱা নাছিল৷ আচম্বিতে ছ’চিয়েল মিডিয়া জেমিৰ ফটোৰে পৰিপূৰ্ণ হৈ পৰিল৷ ৰিভিলিং ড্ৰেছ পিন্ধি স্তনযুগল প্ৰকট কৰি জেমিয়ে ফটোৰ বাবে প’জ দিয়াৰ লগে লগে ফটোগ্ৰাফাৰে কেমেৰাৰ বুটাম টিপিবলৈ পাহৰি থাকিল৷ মৰ্ত্যলোকত থাকিয়েই ফটোগ্ৰাফাৰে দৰ্শন কৰাৰ সুযোগ পালে সৰগৰ অপেশ্বৰীৰ৷ এটা কথা ক’বই লাগিব- ইমান ধুনীয়া ছোৱালী আগতে পৃথিৱীত জন্মই হোৱা নাছিল৷ জেমি চেপমেনৰ সমান ধুনীয়া ছোৱালীও যে থাকে সেইটো গমকে পোৱা নাছিল পুৰুষকুলে৷ হৃষ্টপুষ্ট শৰীৰৰ অধিকাৰী জেমি চেপমেনৰ উচ্চতা প্ৰায় ছফুট৷ জেমিৰ নিপোটল শৰীৰত অকণো মেদ নাই৷ ইমান ধুনীয়া ছোৱালীজনীক নোচোৱাকৈ থাকিব নোৱাৰে কোনো পুৰুষ৷ সেয়ে জেমি য’তে থিয় হয় তাতে দৰ্শকৰ লাইন লাগে৷ জেমি চেপমেন হৈছে ৰাগবী খেলুৱৈ৷ অষ্ট্ৰেলিয়াৰ জাতীয় দলৰ সদস্য জেমিয়ে খেলত সিমানো কৃতিত্ব অৰ্জন কৰিব পৰা নাই৷ পিছে জেমিয়ে খেলিলে ৰাগবী ফিল্ডত বলে যৌৱনৰ মতলীয়া পছোৱা৷ জেমিয়ে খোজ দিলেই প্ৰেমিক পুৰুষৰ হৃদস্পন্দন বাঢ়ি যায়৷ ভগৱানে কুন্দত কটা প্ৰতিমাৰ দৰে জেমিক সাজিছে৷ ভাইটেল ষ্টেটিছটিক্সৰ উপৰি কৰি জেমিৰ প্ৰতিটো অংগকে ঈশ্বৰে দিছে মনোমোহা আকাৰ৷ জেমিৰ স্তন পৃথিৱীৰ সকলো নাৰীৰ ভিতৰতে ধুনীয়া বুলি পতিয়ন গৈছে প্ৰতিজন অনুৰাগী৷ অৱশ্যে জেমিয়ে নিজেই এই কথাটো মানি নলয়৷ বহুতে প্ৰশংসা কৰাৰ দৰে তেওঁ ইমানো ধুনীয়া নহয় বুলি ভাবে৷ কিন্তু প্ৰেমিক পুৰুষে কাহানিও মিছা কথা ক’বই নোৱাৰে৷ জেমি সৌন্দৰ্যৰ পৃথিৱীৰ ৰাণী৷ ৰূপৰ দুনীয়াত একছত্ৰী ৰাজ কৰে জেমি চেপমেনে৷ তেওঁ হাঁহিলেই যেন বসন্ত নাহিলেও ফুলিব ধৰে অজস্ৰ ফুল৷ জেমিৰ হাঁহো-নাহাঁহো কৰা চকুযুৰিৰ পৰা পলকতে উৰি যায় এযোৰ শৰালী৷
সৌন্দৰ্যৰ ৰাণী জেমী চেপমেন ইমানদিনো কাৰো বিশেষ চকুত পৰা নাছিল৷ অৱশ্যে দীৰ্ঘাংগী ছোৱালীজনী অষ্ট্ৰেলিয়াৰ ৰাগবী দলত অন্তৰ্ভুক্ত হোৱাৰো কেইদিনমানহে হৈছে৷ বয়সৰ জোখাৰে মাত্ৰ ২৪ বছৰীয়া জেমিৰ বাবে সলনি হৈছে অষ্ট্ৰেলিয়াৰ ৰাগবী ফিল্ড৷ তাহানি যেনেকৈ আন্না কুৰ্নিক’ভাই টেনিছক যৌৱনা কৰি তুলিছিল সেইদৰে জেমিয়ে ৰাগবীক গাভৰু কৰি পেলাইছে৷ অষ্ট্ৰেলিয়াৰ প্ৰতিজন খেলুৱৈৰ দৰে ফিল্ডত জেমি এগ্ৰেছিভ৷ থপিয়াই হ’লেও প্ৰতিপক্ষৰ খেলুৱৈৰ পৰা ৰাগবী বল কাঢ়ি নিয়াৰ চেষ্টা কৰে ধুনীয়া ছোৱালী জেমিয়ে৷ তেওঁৰ মুখত যেন গোট খাই যায় শৰীৰৰ আটাইবোৰ তেজ৷ ৰাগবী ফিল্ডত ঘৰ্মাক্ত শৰীৰেৰে জেমিয়ে লৰা-ঢপৰা কৰি থাকোতে তেজ ফুটো ফুটো চেহেৰা দেখি দিৱানা হৈ যায় অজস্ৰ পুৰুষ৷
জেমিৰ অৱশ্যে অলপতে নালাগে ভাগৰ৷ ঘণ্টাত ৮০ কিলোমিটাৰ বেগেৰে অহৰ্নিশে দৌৰি ফুৰিবলৈ জেমিৰ আছে শক্তিশালী ফিটনেছ৷ আঠীয়া কলৰ গছৰ দৰে কলাফুলেৰে ঠেলা মাৰি জেমিয়ে বগৰাই দিব পাৰে প্ৰতিপক্ষৰ খেলুৱৈক৷ কিন্তু ফিল্ডৰ পৰা বাহিৰ ওলালেই জেমি হৈ পৰে লাজুকীলতা৷ চুই দিলেই যেন জঁই পৰি যাব তেনেদৰেই লাজ কৰে জেমি চেপমেনে৷ ধুনীয়াৰ সংজ্ঞা কেনেকুৱা সেয়া জানিবলৈ একো পঢ়িব নালাগে৷ জেমিৰ সৌন্দৰ্য দেখিলেই ধুনীয়া শব্দৰ অৰ্থটো বুজিব পাৰি৷ ৰূপ-গুণ আৰু ক্ষিপ্ৰতাৰ ত্ৰিবেণী সংগমৰ বাবেই জেমি হৈ পৰিছে ক্ৰীড়াবিশ্বৰ এম্বেছাদৰ৷ তেওঁ খেলিলে ৰাগবী ষ্টেডিয়াম দৰ্শকেৰে নধৰা হৈছে৷ ক্ৰীড়াত যৌৱনৰ ৰহণ সানি জেমিয়ে ষ্টেডিয়ামত বহিবলৈ বাধ্য কৰিছে সৌন্দৰ্যপিয়াসী দৰ্শকক৷