মোদীকে ভগৱান আখ্যা বিজেপি সভাপতি নবীনৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আপোনাৰ-মোৰ দৰে সাধাৰণ মানুহ নহয়
তেওঁ হৈছে কেবাবছৰ তপস্যা কৰি প্ৰধানমন্ত্ৰী হোৱা ভগৱানৰ অৱতাৰ
কোনো পালিনেতাই এই প্ৰলাপ বকা নাই৷ প্ৰধানমন্ত্ৰীক ভগৱানৰ অৱতাৰ বুলি দাবী কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে৷ বিহাৰৰ পৰা দাঙি নি মোদীয়ে বিজেপিৰ সভাপতি পাতি দিয়া নবীনৰ কথাৰ একো লাগ-বান্ধ নোহোৱা হৈছে৷ যি মন যায় তাকে ক’ব ধৰা বিজেপিৰ সভাপতিজনে এইবাৰ মোদীক ভগৱান বুলি ঘোষণা কৰিছে৷ তেওঁৰ মতে কোনো সাধাৰণ লোকে মোদীৰ সৈতে কথা পাতিবৰ বাবে সুযোগ নাপায়৷ কাৰণ মোদী হৈছে ভগৱান৷ যেনেদৰে সাধাৰণ ভক্তই ভগৱানক দেখা পাব নোৱাৰে সেইদৰে মোদীও অনগামীৰ বাবে অদৃশ্য হৈ থাকে৷ অৱশ্যে মোদীৰ সৈতে বাৰ্তালাপ কৰাৰ এটা উপায় আছে বুলি তেওঁ দাবী কৰিছে৷ নীতিন নবীনৰ ভাষ্য অনুসৰি মোদীৰ সৈতে কথা পাতিবলৈ অনুগামীয়ে তপস্যা কৰিব লাগিব৷ যিজন লোকে সুদীৰ্ঘ ২৫ বছৰ তপস্যা কৰি মৌনব্ৰতো পালন কৰিব পাৰে তেওঁহে মোদীৰ সৈতে কৰিব পাৰিব বাৰ্তালাপ৷ অৰ্থাৎ মোদীৰ সৈতে আলোচনাৰ বাবে সকলোৱে তপস্যা কৰিবই লাগিব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে ঘোষণা কৰিছে৷ তেওঁ এই ঘোষণা কৰাৰ কাৰণ হৈছে মোদীৰ সাম্প্ৰতিক নীৰৱতা৷ প্ৰধানমন্ত্ৰীয়ে কিয় সংবাদমেল সম্বোধন নকৰে বুলি প্ৰশ্ন কৰি বিজেপিৰ সভাপতিৰ পৰা এদল সাংবাদিকে উত্তৰ বিচাৰিছিল৷ তেতিযা নীতিন নবীনে ক’লে যে প্ৰধানমন্ত্ৰীৰ লগত কথা পতাৰ বাবে সৌভাগ্য লাগিব৷ যিসকল লোকে কমেও ২৫ বছৰ তপস্যা কৰিব পাৰে তেওঁলোকৰ সৈতেহে মোদীয়ে বাৰ্তালাপ কৰে৷ তপস্যা নকৰা কোনো অনুগামীৰ সৈতে মোদীয়ে আলোচনা নকৰে বুলি দাবী কৰিছে নীতিন নবীনে৷ তেওঁৰ মতে দেশৰ সাংবাদিকসকল হৈছে তেনেই সাধাৰণ লোক৷ গতিকে মোদীয়ে ভাৰতীয় সাংবাদিকৰ সৈতে বাৰ্তালাপ নকৰে৷ কেতিয়াবা বিদেশৰ সাংবাদিকৰ সৈতে মোদীয়ে বাৰ্তালাপ কৰে বুলি তেওঁ দাবী কৰিছে৷ বিহাৰত নিজৰ সমষ্টিও সুৰক্ষিত কৰি ৰাখিব নোৱাৰা নীতিন নবীনৰ মতে মোদীয়ে দেশৰ বাবে ভাল কামেই কৰি আছে৷ গতিকে তেওঁ কামৰ বিষয়ে সাংবাদিকক উত্তৰ দিয়াৰ দৰকাৰ নাই৷ যেতিয়া প্ৰয়োজন হ’ব তেতিয়া মোদীয়ে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰিব বুলি নীতিন নবীনে দাবী কৰিছে৷ কিন্তু কেতিয়ালৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিব তাৰ উত্তৰ তেওঁ নিদিলে৷
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে দলৰ বিষয়েহে তেওঁক প্ৰশ্ন কৰিবলৈ সাংবাদিকক জনালে অনুৰোধ৷ দিল্লীত এটা অনুষ্ঠানত তেওঁক চৰকাৰৰ বিষয়ে প্ৰশ্ন নকৰিবলৈ আহ্বান জনালে৷ নবীনৰ মতে তেওঁ যিহেতু কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ নহয় সেয়ে দেশ শাসনৰ বিষয়ে বিশেষ একো নাজানে৷ বিজেপিৰ সাংগঠনিক তৎপৰতাৰ বিষয়ে উত্তৰ দিবলৈ তেওঁ সক্ষম বুলি অভিহিত কৰিছে নীতিন নবীনে৷ দলৰ প্ৰবীণ নেতাৰ বিষয়েও নীতিন নবীনে নিদিলে উত্তৰ৷ মোদীৰ অৱসৰৰ বিষয়েও উত্তৰ দিবলৈ নোৱাৰোঁ বুলি নীতিন নবীনে স্বীকাৰ কৰিলে৷ তেওঁৰ মতে নিৰ্দিষ্ট সময়ত প্ৰধানমন্ত্ৰীয়ে পদৰ পৰা অৱসৰ গ্ৰহণ কৰাটো নিশ্চিত৷
কিন্তু ৭৫ বছৰ হোৱাৰ পিছতে কেবাজনো প্ৰবীণ নেতাক মোদীয়ে দলৰ পৰা অব্যাহতি দিয়াৰ বিষয়ে তেওঁ এটা শব্দও উচ্চাৰণ নকৰিলে৷ নীতিন নবীনৰ মতে বিজেপিৰ আন নেতাৰ তুলনাত প্ৰধানমন্ত্ৰী মোদী হৈছে ঐশ্বৰিক ক্ষমতাসম্পন্ন৷ মোদীয়ে তপস্যাৰ জৰিয়তে ভগৱানৰ সৈতে বাৰ্তালাপ কৰিব পাৰে৷ সেয়ে মোদীৰ সৈতেও কথা পাতিবলৈ সকলোৱে তপস্যা কৰিব লাগিব৷ হিমালয়ত কৰিব লাগিব কঠিন তপস্যা৷