পুৰি পেলালে পলৰীয়া পত্নীৰ কাপোৰ-ফটো

পলৰীয়া পত্নীৰ স্মৃতি পাহৰি যোৱাৰ চেষ্টা কৰিছে ৰাজুৱে
পুৰি পেলাইছে পত্নীৰ ফটো আৰু কাপোৰ
কন্যা আৰু স্বামীক ত্যাগ কৰি পৰকীয়া প্ৰেম কৰিছিল বিশেষ মহিলাগৰাকীয়ে৷ তেওঁ পৰকীয়া প্ৰেম কৰি পলাই গ’ল৷ স্বামী আৰু সন্তানৰ বিষয়ে এবাৰো নাভাবিলে মহিলাগৰাকীয়ে৷ সেয়ে তেওঁকো মনত ৰাখিব বিচৰা নাই প্ৰতাৰিত স্বামীয়ে৷ মহিলাগৰাকীৰ স্মৃতিৰ পৰা মুক্ত হোৱাৰ বাবে ৰাজুৱে পুৰি পেলাইছে সকলো কাপোৰ৷ পত্নীৰ কাপোৰ আৰু ফটো দাহ কৰাৰ দৃশ্য তেওঁ ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিছে৷ ৰাজু নামৰ সাধাৰণ যুৱকজনে কাম কৰি সুখেৰে পৰিয়ালটো চলাই আছিল৷ পত্নী আৰু কন্যাৰ সৈতে তেওঁৰ আছিল সুখৰ সংসাৰ৷ কিন্তু পত্নীৰ বেইমানীৰ বাবে তেওঁৰ সংসাৰখন নিমিষতে থানবান হৈ গ’ল৷ তেওঁৰ মৰম বুজি নাপালে গড্ডাৰ পত্নীয়ে৷ ৰাজুৱে গমেই নাপালে পত্নীৰ পৰকীয়া প্ৰেম৷ নিশা প্ৰেমিকৰ সৈতে ফোনত প্ৰেমালাপ কৰি কৰি ৰাজুৰ পত্নী পলাই গ’ল৷ আপোন কন্যাৰ কথাও এবাৰো নাভাবিলে ৰাজুৰ পলৰীয়া পত্নীয়ে৷ ইমানতে তেওঁ ক্ষান্ত নাথাকিল৷ ৰাজুৰ বিৰুদ্ধে ভুৱা অভিযোগত গোচৰো ৰুজু কৰিলে৷ জীৱন হঠাতে ইমান সলনি হৈ পৰাত আচৰিত হৈ পৰিছিল ৰাজু৷ তেওঁ চম্ভালিব পৰা নাছিল বিপৰ্যয়৷ কিন্তু সময়ে ৰাজু তীখাৰ দৰে কঠিন কৰি তুলিলে৷ তেওঁ এতিয়া আৰু পত্নীৰ স্মৃতি ৰোমন্থন কৰি থাকিব নিবিচাৰে৷ অতীত স্মৰণ কৰি দুখত থকাতকৈ সুখী হৈ থাকিবলৈ ৰাজুৱে শিকি পেলাইছে৷ কন্যাৰ জীৱন সুখেৰে পৰিপূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে বিষাক্ত অতীত পাহৰি যোৱাটোৱেই উচিত বুলি বিবেচনা কৰিছে ৰাজু নামৰ অখ্যাত যুৱকজনে৷ তেওঁ সেয়ে ধ্বংস কৰাৰ চেষ্টা কৰিছে পত্নীৰ সকলো সামগ্ৰী৷ সংসাৰ কৰি থাকোতে পত্নীয়ে ব্যৱহাৰ কৰা সামগ্ৰী ৰাজুৱে জ্বলাই দিছে৷ আনকি পত্নীৰ ফটোও তেওঁ জুইত জাপি দিছে৷ বিষাক্ত অতীতৰ পৰা মুক্তি বিচাৰি ৰাজু নামৰ সেই যুৱকজনে প’ষ্ট কৰিছে কেবাটাও ভিডিঅ’৷
তেওঁ প্ৰকাশ কৰা অনুসৰি পৰকীয়া প্ৰেমিকৰ সৈতে পলায়নৰ পিছতো পত্নীয়ে উপদ্ৰৱ কৰিবলৈ এৰা নাই৷ তেওঁক এতিয়াও শান্তি দিয়া নাই পত্নীয়ে৷ পৰকীয়া প্ৰেমিকৰ সৈতে পলাই যোৱাৰ পিছত মহিলাগৰাকীৰ এবাৰো মনত পৰা নাই আপোন কন্যাৰ মুখখন৷ সেয়ে তেওঁ ৰাজুৰ জীৱন বিধ্বস্ত কৰি পেলাইছে৷ তেওঁ থানাত ৰাজুৰ বিৰুদ্ধে ৰুজু কৰিছে ভুৱা গোচৰ৷ সংসাৰ কৰি থকা সময়ত ৰাজুৱে তেওঁক নিৰ্যাতন চলোৱা বুলি মহিলাগৰাকীয়ে মিথ্যা অভিযোগ তুলিছে৷ সেয়ে পলৰীয়া পত্নীৰ প্ৰতি তেওঁৰ জন্মিছে ঘৃণা৷
এই ঘৃণাৰ পৰা মুক্তি বিচাৰি ৰাজুৱে জ্বলাই লৈছে একুৰা জুই৷ তেওঁ পত্নীৰ নাম লৈ সেই জুইত জাপি দিছে কাপোৰ৷ সংসাৰ কৰি থকা সময়ত ৰাজুৱে সীমিত উপাৰ্জনেৰে পত্নীক কিনি দিছিল ৰং-বিৰঙী বস্ত্ৰ৷ যিমান পাৰে সিমান ধন পত্নীৰ নামত খৰচ কৰিবলৈ তেওঁ চেষ্টা কৰিছিল৷ পত্নীক সৰগৰ অপেশ্বৰীৰ দৰে সজাই তুলিবলৈ কৃপণালী কৰা নাছিল ৰাজুৱে৷ কিন্তু তেওঁৰ মৰম পত্নীয়ে একেবাৰে বুজি নাপালে৷ ৰাজুক পত্নীয়ে কৰিলে বেইমানী৷ আনকি কুমলীয়া ছোৱালীজনীকো পৰকীয়া প্ৰেমৰ বাবে এৰি যাবলৈ পত্নীয়ে কুণ্ঠা বোধ নকৰিলে৷ তাৰেই প্ৰতিশোধ লৈছে ৰাজুৱে৷ বেইমান পত্নীক চৰিত্ৰহীন বুলি অভিহিত কৰি ৰাজুৱে জুই লগাই দিছে কাপোৰত৷ পত্নীৰ কোনো চিন ঘৰত থাকিব নিদিয়ে বুলি প্ৰতিজ্ঞা কৰিছে অখ্যাত ৰাজুৱে৷