সকলোৰে সৈতে সুখৰ সংসাৰ ধুনীয়া জ্যোতিৰ

আধুনিক যুগৰ দ্ৰৌপদীৰ আছে ৮ জন স্বামী
প্ৰত্যেকৰ নামতে সেন্দূৰ লয় আধুনিক দ্ৰৌপদীয়ে
মহিলাগৰাকী বহল অন্তৰৰ৷ তেওঁ কাকো না ক’ব নোৱাৰে৷ সকলোকে অন্তৰত ঠাই দিবলৈ চেষ্টা কৰে আধুনিক যুগৰ দ্ৰৌপদীয়ে৷ কাকো না ক’ব নোৱাৰা স্বভাৱৰ বাবে তেওঁ কেবাজনো পুৰুষৰ সৈতে বিয়া হ’বলগীয়া হৈছে৷ এইপৰ্যন্ত ৮ জন পুৰুষে তেওঁক দিছে বিবাহৰ প্ৰস্তাৱ৷ তেওঁ প্ৰতিগৰাকীৰ সৈতে বিবাহত আবদ্ধ হৈছে৷ দেখাত ধুনীয়া মহিলাগৰাকীৰ স্বামীৰ সংখ্যা ৮ জনলৈ বৃদ্ধি হৈছে৷ ভৱিষ্যতে কোনোবাই বিয়াৰ প্ৰস্তাৱ দিলেও মানি ল’বলৈ সাজু আছে যুৱতীগৰাকী৷ তেওঁ কোনো এজন স্বামীকে প্ৰতাৰণা কৰা নাই৷ প্ৰতিজনৰে নামত তেওঁ শিৰত সেন্দূৰ লৈছে৷ স্বামীৰ সংখ্যা যিমানে বাঢ়িছে সিমানে বেছিকৈ তেওঁ সেন্দূৰ খৰচ কৰিবলগীয়া হৈছে৷ ইয়াতকৈয়ো আচৰিত কাম এটা কৰিছে মহিলাগৰাকীয়ে৷ তেওঁ ৮ জন স্বামীৰ সৈতে একেখন ঘৰত বাস কৰি আছে৷ তেওঁৰ প্ৰতিজন স্বামীয়েই কাম কৰে৷ এজনে যদি দিন হাজিৰা কৰে তেন্তে সিজনে চাকৰি কৰে৷ মহিলাগৰাকীৰ ঘৰত অভাৱ নাই৷ তাৰোপৰি তেওঁৰ প্ৰতিগৰাকী স্বামী হৈছে ভিন্ন বয়সৰ৷ তেওঁৰ এজন স্বামীৰ বয়স ৬৫ বছৰ৷ কিন্তু মহিলাগৰাকী ২৫ বছৰীয়া যুৱকৰ সৈতেও বিয়া হৈছে৷ সকলোৰে সৈতে তেওঁ কৰিছে সুখৰ সংসাৰ৷ প্ৰতিজন স্বামীৰ ফালৰ পৰা সন্তানো জন্ম দিছে সুন্দৰী পত্নীয়ে৷ সকলোকে শাৰিৰীক সুখ দিয়াত সফল হৈছে মহিলাগৰাকী৷ তেওঁ মুঠতে সফল পত্নী হিচাপে স্বীকৃত হৈছে৷ প্ৰতিগৰাকী স্বামীৰ সৈতে মাজে মাজে ফুৰিবলৈয়ো যায় বিহাৰৰ মহিলাগৰাকী৷ আধুনিক দ্ৰৌপদী বুলি স্বীকৃত মহিলাগৰাকীয়ে প্ৰতিজন স্বামীকে সমানেই ভাল পায়৷ সকলোকে যাতে তেওঁ সন্তুষ্ট কৰিব পাৰে তাৰ বাবে মহিলাগৰাকী সাৱধান হৈ থাকে৷ প্ৰতিনিশা এজন স্বামীৰ সৈতে সুকীয়াকৈ কটাই তেওঁ সুখী কৰে৷ তাৰ বাবে আন স্বামীসকলে আপত্তি নকৰে বুলি প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে৷
তেওঁৰ ঘৰ বিহাৰৰ পাটলিপুত্ৰত৷ মহিলাগৰাকীৰ সৰুৰে পৰা এটা বিশেষ অভ্যাস আছিল৷ তেওঁ কাকো না বুলি ক’ব নোৱাৰে৷ কোনোবাই প্ৰেম নিবেদন কৰিলেও মহিলাগৰাকীয়ে আপত্তি নকৰে৷ না ক’ব নোৱাৰাৰ বাবে সকলোৰে প্ৰেম তেওঁ স্বীকাৰ কৰি লয়৷ এতিয়া ২৭ বছৰীয়া হোৱা মহিলাগৰাকীক পৰিয়ালৰ লোকে সৰুতেই বিয়া দিছিল৷ ২২ বছৰ বয়সতে তেওঁক এজন বৃদ্ধৰ সৈতে বিয়া দিয়া হৈছিল৷ বিবাহিত জীৱন চলি থাকোতে গাঁৱৰে এজন যুৱকে তেওঁক প্ৰেম নিবেদন কৰিলে৷ সেই যুৱকজনকো না ক’ব নোৱাৰা বহল অন্তৰৰ মানুহজনীয়ে প্ৰেম স্বীকাৰ কৰিলে৷ সেইদৰে যুৱকজনৰ সৈতেও মহিলাগৰাকীৰ হ’ল বিবাহ৷
কেৱল সিমানতে তেওঁৰ বিয়াৰ পৰিক্ৰমা সমাপ্ত নহ’ল৷ মহিলাগৰাকীক তাৰ পিছতো ছজন পুৰুষে প্ৰেম নিবেদন কৰিলে৷ তেওঁ সকলোৰে প্ৰেম প্ৰস্তাৱ স্বীকাৰো কৰিলে৷ সেইবাবে তেওঁৰ স্বামীৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পালে৷ পত্নী হিচাপে তেওঁ নিজৰ দায়িত্ব পালন কৰিছে৷ জ্যোতি নামৰ সুন্দৰীযে ৮ স্বামীৰ ভিতৰত চাৰিজনৰ সন্তানৰো মাতৃ হৈছে৷ অনাগত সময়ত আন চাৰিজন স্বামীক পিতৃ হোৱাৰ সুখ দিব বুলি প্ৰকাশ কৰিছে জ্যোতিয়ে৷ তেওঁ অৱশ্যে আকৌ বিয়া হ’বলৈ সাজু আছে৷ কোনো পুৰুষে ভৱিষ্যতে প্ৰেম নিবেদন কৰিলেও জ্যোতিয়ে আপত্তি নকৰে৷ তেওঁ নৱম স্বামীকো আকোৱালি ল’ব৷ একেলগেই থাকিব জ্যোতি৷