পুত্ৰৰ বন্ধুৰ সৈতে ছ’ফিয়া ভাৰ্গাৰাৰ ডেটিং
মাতৃক বিয়াৰ বাবে অনুমতি দিবলৈ বাধ্য হ’ল পুত্ৰ
কলম্বিয়াৰ বিখ্যাত অভিনেত্ৰী ছ’ফিয়া ভাৰ্গাৰাৰ ৰূপৰ তুলনা নাই৷ সৌন্দৰ্যৰ দুনীয়াত ছ’ফিয়া একছত্ৰী সম্ৰাজ্ঞী৷ কিন্তু ছ’ফিয়াৰ এটা দুৰ্নাম আছে৷ ছ’ফিয়াই কোনো পুৰুষৰ সৈতে দীঘলীয়া সম্পৰ্ক কৰিব নোৱাৰে৷ ৫৪ বছৰীয়া ছ’ফিয়া পূৰ্বে দুবাৰকৈ বিয়া হৈছে৷ ১৯৯১ চনতে প্ৰথমবাৰ বিয়া হোৱা ছ’ফিয়াই দুবছৰ পিছতে ডিভ’ৰ্চ কৰিছিল৷ ২০১৫ চনত দ্বিতীয়বাৰলৈ ছ’ফিয়া বিয়া হৈছিল৷ সেইবাৰো ছ’ফিয়াই বেছিদিন সংসাৰ কৰিব নোৱাৰিলে৷ এজন পুৰুষে ছ’ফিয়াক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে৷ অৱশ্যে প্ৰথম বিবাহৰ সময়তে ছ’ফিয়া পুত্ৰ সন্তানৰ মাতৃ হৈছিল৷ সেই সন্তানৰে এজন বন্ধুৰ সৈতে ছ’ফিয়াই কৰিছে ডেটিং৷ পুত্ৰৰ বন্ধুৰ সৈতে ছ’ফিয়াৰ বিয়াও ঠিক হৈছে৷ কলম্বিয়াৰ সবাতোকৈ ধুনীয়া অভিনেত্ৰী ছ’ফিয়াৰ নতুন বয়ফ্ৰেণ্ডৰ নাম ডগলাছ চেবট৷ ৩৯ বছৰীয়া ডগলাছ আছিল ছ’ফিয়াৰ জ্যেষ্ঠ পুত্ৰৰ লগৰীয়া৷ সেয়ে তেওঁ ছ’ফিয়াৰ ঘৰলৈ প্ৰায়ে অহা-যোৱা কৰিছিল৷ শৈশৱৰ পৰা ছ’ফিয়া পুত্ৰৰ বন্ধু ডগলাছৰ প্ৰতি আছিল আকৰ্ষিত৷ তেওঁ কৌশলেৰে ডগলাছক প্ৰেম নিবেদন কৰিয়েই আছিল৷ তথাপি বন্ধুৰ মাকক সঁহাৰি জনাব পৰা নাছিল ডগলাছে৷ পিছে তিনিবছৰ পূৰ্বে তেওঁ নিজেই ছ’ফিয়াক প্ৰপ’জ কৰিলে৷ তেতিয়াৰ পৰা ছ’ফিয়া আৰু ডগলাছৰ ৰোমাঞ্চ জমি উঠিল৷ প্ৰথমে অৱশ্যে ছ’ফিয়াৰ পুত্ৰই মাকক বন্ধুৰ সৈতে বিয়া হোৱাত অনুমতি দিয়া নাছিল৷ পিছলৈ ডগলাছৰ মাকৰ প্ৰতি স্নেহৰ বাবে অনুমতি দিবলৈ ছ’ফিয়াৰ পুত্ৰ বাধ্য হ’ল৷ পুত্ৰৰ অনুমতিৰ পিছত বিয়াৰ দিন ঠিক কৰিলে ছ’ফিয়াই৷
৫৪ বছৰ বয়সতো গাভৰু হৈ থকা ছ’ফিয়াৰ শৰীৰত বয়সৰ প্ৰভাৱ পৰা নাই৷ সদায় জিমলৈ যোৱা ছ’ফিয়াই প্ৰতিখন চিনেমাত কৰি আছে উত্তেজক দৃশ্য৷ এতিয়াও ষোল্লবছৰীয়া গাভৰুৰ দৰে হৈ থকা ছ’ফিয়া নতুন প্ৰেমিক ডগলাছতকৈ ১৫ বছৰে ডাঙৰ৷ কিন্তু ডগলাছে তেওঁক বয়সৰ ব্যৱধানৰ বিষয়ে অনুভৱ কৰিবলৈকে দিয়া নাই৷ সেয়ে ডগলাছৰ বাবে উত্ৰাৱল হৈ পৰিছে ছ’ফিয়া৷ শেহতীয়াকৈ প্ৰেমিকৰ সৈতে ছ’ফিয়াই মালদ্বীপ ভ্ৰমণ কৰিছিল৷ ডগলাছৰ সৈতে সম্পৰ্ক ৰাজহুৱা কৰি ইনষ্টাগ্ৰামত ফটো প’ষ্ট কৰিছিল ছ’ফিয়াই৷ তেওঁ প্ৰকাশ কৰা অনুসৰি সকলো ঠিকে থাকিলে এইবছৰতে সম্পন্ন হ’ব বিবাহ৷ খ্ৰীষ্ট ধৰ্মীয় নীতি অনুসৰি ছ’ফিয়াক বন্ধু ডগলাছৰ সৈতে বিয়া দিব পুত্ৰই৷ বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ হোৱা বুলি ছ’ফিয়াই ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে৷ অৱশ্যে ডগলাছে এতিয়াও ঠিক কৰা নাই বিবাহৰ তাৰিখ৷ তেওঁ ছ’ফিয়াৰ সৈতে আমেৰিকা ভ্ৰমণ কৰাৰ ফটো ইনষ্টাগ্ৰামত প’ষ্ট কৰিছে৷ য’ত ছ’ফিয়াই পিন্ধিছে বিকিনী৷ প্ৰেমিকৰ সৈতে বিকিনী পিন্ধি সাগৰৰ তীৰত আনন্দমেনে ভ্ৰমণ কৰিছে ছ’ফিয়াই৷
অৱশ্যে ছ’ফিয়াৰ সৈতে ডগলাছৰ সম্পৰ্ক কিমান দীঘলীয়া হয় সেয়াও সন্দেহৰ বিষয়৷ কিয়নো বিগত সময়ত এজনো পুৰুষৰ সৈতে সম্পৰ্ক দীৰ্ঘ কৰিবলৈ ছ’ফিয়া সক্ষম হোৱা নাই৷ এজন সংগীয়ে তৃপ্ত কৰিব পৰা নাই ছ’ফিয়াক৷ তেওঁ প্ৰায়ে অবৈধ সম্পৰ্ক কৰি সংসাৰ ধ্বংস কৰিছে৷ এইবাৰ ডগলাছে তৃপ্তি দিব পৰা বুলি ছ’ফিয়াই দাবী কৰিছে৷ অৱশ্যে বিগত সময়তো ছ’ফিয়াই কৰিছিল একেই দাবী৷ তাৰ পিছতো তেওঁ সংগীৰ কাষৰ পৰা পলায়ন কৰিছিল৷ এইবাৰ পুত্ৰৰ বন্ধুৰ সৈতে ছ’ফিয়াৰ প্ৰেম জমি উঠিছে৷ কলম্বিয়াৰ সবাতোকৈ চহকী আৰু সুন্দৰী নায়িকাৰ ডেটিঙৰ খবৰে ছ’চিয়েল মিডিয়াত লগাইছে তোলপাৰ৷



