নগাঁৱৰ হোটেলত লিগেল পত্নীৰ ইলিগেল প্ৰেমিকাক পিটন

কোনজনী পত্নী লিগেল, কোনজনী ইলিগেল
পৰকীয়া প্ৰেমিকৰ বাবে ঘৰৰ পিছত হোটেলতো কাজিয়া
লোকজনৰ ১০ বছৰীয়া পুত্ৰ আছে৷ ঘৰত আছে সাদৰী পত্নী৷ কিন্তু তেওঁৰ চৰিত্ৰ সাংঘাতিক লুতুৰা৷ পুত্ৰৰ জন্মদিনতো তেওঁ ঘৰত থাকিব নোৱাৰে৷ জৰুৰী কাম আছে বুলি কৈ টাউনলৈ যায় লোকজন৷ কিন্তু তেওঁৰ পত্নীৰ মনত সন্দেহ আছিলেই৷ স্বামীৰ সদায় ক’ত জৰুৰী কাম আছে বুলি তেওঁ সন্দেহ কৰি আছিল৷ গতিকে আজি তেওঁ ছাৰ্জিকেল ষ্ট্ৰাইক কৰি দিলে৷ স্বামীক নগাঁৱৰ এখন হোটেলত ধৰা পেলাই তেওঁ চিঞৰ-বাখৰ লগালে৷ নগাঁও টাউনৰ সেই হোটেলখনত স্বামীৰ সৈতে বহি পাৰ্টী কৰি থকা এগৰাকী মহিলাকো তেওঁ বন্দী কৰিলে৷ তাৰ পিছত আৰম্ভ হ’ল নাটক৷ সেই পুৰুষজনৰ সৈতে পৰকীয়া প্ৰেম কৰা মহিলাগৰাকীয়েও সমানে সমানে ধৰিলে উভতি৷ তেওঁ প্ৰেমিকৰ প্ৰথমা পত্নীক বিয়াৰ কাগজ দেখুৱাবলৈ আহ্বান জনালে৷ তেওঁ কেনেকৈ লোকজনৰ লিগেল পত্নী হ’ব পাৰে বুলি প্ৰশ্ন কৰিলে৷ মুঠতে থিতাতে কাজিয়াখন বাঢ়ি গ’ল৷ হোটেলৰ কৰ্মচাৰীয়ে লিগেল আৰু ইলিগেল পত্নীৰ কাজিয়া ভাঙিব নোৱাৰা হ’ল৷ শেষত তেওঁলোকক হোটেলৰ পৰা উলিয়াই দিয়াতহে শান্ত হ’ল পৰিৱেশ৷ কিন্তু খবৰ পোৱামতে সেই লোকজন হৈছে লুতুৰা স্বভাৱৰ৷ তেওঁক এগৰাকী মহিলাই সন্তুষ্ট কৰিব নোৱাৰে৷ লোকজনে কৰে ভাল দৰমহা পোৱা চৰকাৰী চাকৰি৷ তেওঁৰ আছে পত্নী আৰু সন্তান৷ কিন্তু পত্নীৰ গাৰ বৰণ ক’লা হোৱা বাবে লোকজন অসন্তুষ্ট৷ ইমানদিনে তেওঁৰ মনত একো অসন্তুষ্টি নাছিল৷ পিছে দিন যোৱাৰ লগে লগে তেওঁৰ পত্নীলৈ মৰম নলগা হ’ল৷ ইমানদিনে ক’লা হ’লেও তেওঁক পত্নীয়ে সন্তুষ্ট কৰি ৰাখিছিল৷ পিছে কিছুদিনৰ পৰা লোকজনে আনৰ ঘৈনিয়েকবোৰক বেছি ধুনীয়া দেখিবলৈ ল’লে৷ সেয়ে ঘৰৰ বাহিৰত ৰোমাঞ্চ কৰিবলৈ তেৱোঁ বাছি ল’লে এগৰাকী সংগী৷ সেই বগী সংগীক লোকজনে প্ৰায়েই নগাঁৱৰ এখন বিশেষ হোটেললৈ মাতি পঠিয়ায়৷ বগী যুৱতীগৰাকীও সংগীৰ সৈতে অন্তৰংগ সময় কটোৱাৰ বাবে এটা ৰূমত সোমায়৷ এইদৰে তেওঁলোকৰ ৰোমাঞ্চ চলি আছিল৷ আজিও মহিলাগৰাকীয়ে বাকি দিয়া হুইস্কীৰ পেগ এটা লৈ চিগাৰেটত হোপা মাৰিছিল লোকজনে৷ কিন্তু তেতিয়াই ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি ৰূমত সোমাল পত্নী৷
ফলত লোকজনৰ মূল গৰম হৈ গ’ল৷ তেওঁ অৱশ্যে আলমিৰাৰ আঁৰ লৈ কোনোমতে কেমেৰাৰ পৰা মুখ ঢাকিলে৷ কিন্তু একো লাভ নহ’ল৷ কাৰণ তেওঁৰ প্ৰথমা পত্নী আৰু প্ৰেয়সীয়ে হোটেলতে চুলিয়াচুলি আৰম্ভই কৰি দিলে৷ দুয়ো মাৰপিট কৰি বিয়াৰ প্ৰমাণ বিচাৰিলে৷ লোকজনৰ প্ৰেয়সীয়ে তেওঁৰ পত্নীক বিচাৰিলে লিগেল পত্নী হোৱাৰ আইনী প্ৰমাণ৷ কিন্তু স্বামীক হোটেলত ধৰিবলৈ যোৱা মহিলাগৰাকীয়ে লিগেল পত্নী হোৱাৰ প্ৰমাণ দিব নোৱাৰিলে৷ তেওঁলোকে হোটেলতে চিঞৰ-বাখৰ কৰি লিগেল-ইলিগেলৰ যুদ্ধ কৰিলে৷
দুই মহিলাৰ যুদ্ধত হোটেলখন কঁপি উঠিল৷ কোনো শান্তিত থাকিব নোৱাৰা হ’ল৷ লিগেল পত্নীয়ে ইলিগেলৰ চুলিত ধৰি কাণতলীয়া চৰ শোধালে৷ ইফালে স্বামীক সন্তুষ্টি দিব নজনা বুলি কটাক্ষ কৰি লোকজনৰ প্ৰথমা পত্নীক প্ৰেয়সীয়ে মাৰিলে ভুকু৷ চলি থাকিল কাজিয়া৷ শেষত তেওঁলোকক গতিয়াই হোটেলৰ পৰা বাহিৰ কৰি দিয়া হ’ল৷ হোটেল কৰ্তৃপক্ষৰ মতে স্বামী-স্ত্ৰীৰ পৰিচয় পত্ৰ চাইহে তেওঁলোকে দিছিল ৰূম৷