মৰাৰ ছাল টানি খাইছে ডুবিয়াৰ অসভ্য দোকানীয়ে

কেন্সাৰত আক্ৰান্ত মহিলাৰ চাউল কাটি দিলে সূলভ মূল্যৰ দোকানীয়ে
তক্তাপোষ্টত শুই থকা অথৰ্ব বৃদ্ধাকো নিদিলে পাঁচকেজি চাউল
গহপুৰৰ ভদ্ৰেশ্বৰী গগৈ নামৰ মহিলাগৰাকীৰ কাহিনী শুনিলে আপোনাৰ চকুপানী ওলাই যাব৷ ডুবিয়া অঞ্চলৰ নিগম মাজলাইন এলেকা নিৱাসী ভদ্ৰেশ্বৰী গগৈ কেন্সাৰত আক্ৰান্ত৷ তেওঁ এটা ভগা জুপুৰীত বাস কৰে৷ ৭০ বছৰীয়া ভদ্ৰেশ্বৰী গগৈৰ সৈতে থাকে স্বামী মনেশ্বৰ গগৈ৷ দুয়োৰে কোনো উপাৰ্জন নাই৷ দিন ভিক্ষা প্ৰাণৰক্ষা কৰি তেওঁলোক জীয়াই আছে৷ পত্নীক চিকিৎসা কৰিবলৈ মনেশ্বৰ গগৈৰ সম্বল নাই৷ সেয়ে তক্তাপোষ্ট এখনতে পৰি থাকে হাড়ে-ছালে লগা মহিলাগৰাকী৷ তেওঁ এই অৱস্থাত সূলভ মূল্যৰ দোকানলৈ গৈ চাউল-দাইলৰ বাবে ফিংগাৰপ্ৰিণ্ট দিয়াটো সম্ভৱ নহয়৷ কিন্তু চৰকাৰী চাউলকেইটা নাপালে তেওঁলোকৰ খাবলৈয়ো একো নাই৷ ইমান দৰিদ্ৰ পৰিয়ালটোকো সহায় নকৰিলে ডুবিয়াৰ সূলভ মূল্যৰ দোকানীয়ে৷ কেন্সাৰত আক্ৰান্ত ভদ্ৰেশ্বৰী গগৈয়ে ফিংগাৰপ্ৰিণ্ট দিয়াৰ বাবে দোকানলৈ যাব নোৱাৰাৰ বাবে দোকানীয়ে ৰেশ্যন কাৰ্ডৰ পৰা নাম কাটি দিলে৷ ফলত অসুস্থ ভদ্ৰেশ্বৰী গগৈ ৰেশ্যনৰ চাউলৰ পৰাও বঞ্চিত হ’ল৷ তেওঁলোকৰ চাউল কিনি খোৱাৰ বাবে কোনো উপাৰ্জনৰ পথ নাই৷ বৃদ্ধ দম্পত্তিয়ে কোনোমতে চালি এখনৰ তলত সোমাই জীয়াই আছে৷ তেওঁলোকে বিলাস কি বুজিয়েই নাপায়৷ চহকী দূৰৰে কথা, মধ্যবিত্তৰ বিলাসৰ সৈতেও ভদ্ৰেশ্বৰী আৰু মনেশ্বৰৰ নাই চিনাকি৷ দুয়োৰে একমাত্ৰ সম্বল আছিল চৰকাৰী চাউল৷ কিন্তু সূলভ মূল্যৰ দোকানীয়ে অহংকাৰ দেখুৱাই ভদ্ৰেশ্বৰী গগৈৰ নাম ৰেশ্যন কাৰ্ডৰ পৰা কৰ্তন কৰিলে৷ তেওঁ দেখুৱালে ক্ষমতা৷ দৰিদ্ৰ পৰিয়ালটোক পাঁচকেজি চাউলৰ প্ৰয়োজন কিমান সেইটো বুজি পাবলৈ নিগম মাজলাইনৰ সূলভ মূল্যৰ দোকানীৰ ক্ষমতা নহ’ল৷ মৰাৰ ছাল টানি খোৱা অসভ্য দোকানীয়ে ভদ্ৰেশ্বৰী গগৈ নামৰ মহিলাগৰাকীৰ ওপৰত বৰমতা দেখুৱালে৷ তেওঁ চৰকাৰী চাউল পোৱাৰ বাবে অৰ্হতাসম্পন্ন হোৱাৰ পিছতো দোকানীয়ে অসভ্যালি কৰিবলৈ নেৰিলে৷ এই অন্যায়ৰ পিছতো স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে পৰিয়ালটোক নিদিলে ন্যায়৷ ফলত এসাঁজ খাই দিনটো লঘোণে থাকিবলগা হৈছে ডালদৰিদ্ৰ ভদ্ৰেশ্বৰী গগৈ৷
মহিলাগৰাকীৰ স্বামী মনেশ্বৰ গগৈয়ে প্ৰকাশ কৰা অনুসৰি পূৰ্বে ভদ্ৰেশ্বৰী গগৈৰ নামত আবণ্টিত চাউলো তেওঁ লাভ কৰিছিল৷ কিন্তু হঠাতে ভদ্ৰেশ্বৰী গগৈয়ে ফিংগাৰপ্ৰিণ্ট নিদিয়াৰ বাবে সূলভ মূল্যৰ দোকানীয়ে চাউল কৰ্তন কৰিলে৷ তেওঁ যে চৰকাৰী চাউল নাপালে লঘোণে থাকিব লাগিব সেয়া কৈ দোকানীক কাবৌ কোকালি কৰিছিল৷ কিন্তু হাঁহৰ ওপৰত শিয়াল ৰজা হোৱাৰ দৰে সূলভ মূল্যৰ দোকানীয়ে কাৰো কথা নামানিলে৷ তেওঁ ভদ্ৰেশ্বৰী গগৈ চৰকাৰী চাউল পোৱাৰ বাবে উপযুক্ত নহয় বুলি ঘোষণা কৰি ৰেশ্যন কাৰ্ডৰ পৰা নামেই কাটি দিলে৷ মৰাৰ ছাল টানি খোৱাৰ পিছতহে শান্তি পালে ডুবিয়াৰ দোকানীজনে৷
চৰকাৰী চাউলৰ পৰা বঞ্চিত ভদ্ৰেশ্বৰী গগৈৰ বৰ্তমান পৃথিৱীৰ সৈতে সম্পৰ্ক নথকাৰ লেখিয়া৷ তেওঁ বৰ্তমান মানসিকভাৱে বিধ্বস্ত৷ তেওঁ একোৱেই কৰিব নোৱাৰে৷ ৭০ বছৰীয়া বৃদ্ধা ভদ্ৰেশ্বৰী গগৈ বিছনাৰ পৰাও উঠিব নোৱাৰে৷ তেওঁকো চাউলৰ পৰা বঞ্চিত কৰিবলৈ দোকানীৰ বেয়া নালাগিল৷ ভাত এসাঁজ পেট ভৰাই খাবলৈ আশা পালি থকা অসুখীয়া বৃদ্ধা ভদ্ৰেশ্বৰী গগৈকো অন্যায় কৰিলে পাষণ্ড দোকানীয়ে৷