মেংগ জুচত আমৰ ৰস থাকে বুলি আপুনিও ভাবে নেকি
তাজা আমেৰে মেংগ জুচ বনাই বুলি ভাবে যদি আপুনি ঠগ খাই আছে
শীতল পানীৰ ভিতৰত মেংগ’ জুচৰ বিক্ৰী সৰ্বাধিক৷ ১০ টকীয়া পেকেটত পোৱা মেংগ’ জুচ সৰ্বাধিক গ্ৰাহকে পান কৰে৷ কিন্তু আপুনি ভবাৰ দৰে মেংগ জুচ তৈয়াৰ কৰিবলৈ এটাও আম ব্যৱহাৰ কৰা নহয়৷ মেংগ’ জুচৰ ফেক্টৰীত আমৰ ব্যৱহাৰ একেবাৰেই বন্ধ৷ কোম্পানীয়ে আমৰ পৰিৱৰ্তে মেংগ’ ফ্লেভাৰৰ ৰাসায়নিক পদাৰ্থহে ব্যৱহাৰ কৰে৷ তাকো যিমান কদৰ্য পৰিৱেশত মেংগ’ জুচ তৈয়াৰ কৰা হয় সেয়া দেখিলে আপুনি ঘিণতে বমি কৰি দিব৷ আমাৰ স্পাই কেমেৰাত ধৰা পৰিছে অসমত চলি থকা এটা মেংগ’ জুইচ উৎপাদনকাৰী কাৰখানাৰ দৃশ্য৷ সেই ফেক্টৰীটোত কাম কৰা শ্ৰমিকক হাজিৰা দিয়া হয়৷ দৰমহাভোগী কৰ্মচাৰী নিয়োগ কৰাৰ পৰিৱৰ্তে কোম্পানীটোৱে শ্ৰমিকক হাজিৰা দি কামত নিয়োগ কৰে৷ তেওঁলোকে ভৰিৰে ফেনেকি ফেনেকি তৈয়াৰ কৰে বিষাক্ত মেংগ’ জুচ৷ কোম্পানীয়ে পানীৰ টেংকীত ভৰাই শ্ৰমিকক নিৰ্দিষ্ট ৰাসায়নিক পদাৰ্থ ভৰিৰে ফেনেকিবলৈ লগায়৷ শ্ৰমিকেও সেইদৰে ভৰিৰে ফেনেকি পানীত মিহলি কৰে মেংগ’ ফ্লেভাৰৰ ৰাসায়নিক দ্ৰব্য৷ সেইবোৰেই পাইপেৰে ভিতৰলৈ নি কাগজৰ পেকেটত ভৰোৱা হয়৷ অসমতে চলি থকা এই ফেক্টৰীটোত বেছিভাগ মিঞা শ্ৰমিকে কাম কৰে৷ তেওঁলোকক কিন্তু কোম্পানীটোৱে স্থায়ীভাৱে নিয়োগ নকৰে৷ কোম্পানীয়ে দৰমহা দিয়াৰ সলনি শ্ৰমিকক হাজিৰা দি এদিনৰ বাবে নিয়োগ কৰে৷ প্ৰতিদিনে বেলেগ শ্ৰমিক নিয়োগ কৰাত গুৰুত্ব দিয়ে মেংগ’ জুচ বনোৱা কোম্পানীয়ে৷ ফেক্টৰীৰ ভিতৰত তেওঁলোকে ভিডিঅ’ ৰেকৰ্ডিঙো বন্ধ কৰি থৈছে৷ সেইবাবে তাত কোনেও মোবাইল লৈ প্ৰৱেশ কৰিব নোৱাৰে৷ কিন্তু আমাৰ স্পাই কেমেৰাত ধৰা পৰিছে মেংগ’ জুচ ফেক্টৰীৰ নামত অসমত চলি থকা বিহৰ কাৰখানাটো৷ কদৰ্য পৰিৱেশত খাদ্য সুৰক্ষাৰ কোনো নিয়ম নমনাকৈ তাত উৎপাদন কৰা হৈছে বিষাক্ত মেংগ’ জুইচ৷ সেয়া খাই কেন্সাৰৰ দৰে ৰোগত আক্ৰান্ত হৈছে জুইচ খাই ভালপোৱা লোক৷
কোম্পানীৰ শ্ৰমিকে গোপনীয়তাৰ খাতিৰত প্ৰকাশ কৰা অনুসৰি তেওঁলোকক পানীৰ সৈতে মিহলাবলৈ কেবাবিধো ৰাসায়নিক দিয়া হয়৷ প্ৰথমে সেইবোৰ তেওঁলোকে বাল্টিৰে টেংকিৰ পানীত মিলাব লাগে৷ তাৰ পিছত পানীত দিয়া হয় ফ্লেভাৰ্ড কেপছুল৷ আমৰ সোৱাদযুক্ত কেপছুল মিলাই পানীখিনিৰ সোৱাদ মেংগ’ জুচৰ দৰে কৰি তোলা হয়৷ তাৰ পিছত মেংগ’ জুচত দিয়া হয় এবিধ বিশেষ ৰাসায়নিক পদাৰ্থ৷ যি জুচ কেবামাহলৈ খাব পৰা কৰি ৰাখে৷ আমি লাভ কৰা তথ্য অনুসৰি মেংগ’ জুচত মিহলি কৰা হয় ছ’ডিয়াম বেনজ’ৱেট আৰু প’টাছিয়াম মেটাবিছালফাইট৷ এই দুবিধ ৰাসায়নিক পদাৰ্থ হৈছে হাপানীৰ দৰে ৰোগৰ মূল কাৰণ৷ তাৰোপৰি এই দুবিধ পদাৰ্থ মিহলি কৰা জুচ খালে এলাৰ্জী হোৱাৰো আশংকা প্ৰবল৷
সেই কদৰ্য টেংকীটোতে মেংগ’ জুচৰ ৰং বৃদ্ধি কৰিবলৈ কৃত্ৰিম ৰং মিহলি কৰা হয়৷ ৰংবোৰো মিঞা শ্ৰমিকে ভৰিৰে ঘোদালি ঘোদালি মিহলি কৰে৷ তাৰোপৰি মিঠাও তাতে মিশ্ৰণ কৰা হয়৷ যি হৈছে মেদ বহুলতাৰ প্ৰধান কাৰণ৷ অসমত এই মেংগ’ জুচৰ ফেক্টৰীতো চলাই আছে হুছেইন উপাধিৰ এজন মিঞা যুৱকে৷ তেওঁ ফেক্টৰীত কাম কৰা শ্ৰমিককো প্ৰাপ্য দিয়া নাই৷ তাৰোপৰি ৰাজ্যৰ গ্ৰাহকক খুৱাইছে বিহ৷



