অসম পুলিচক কেৰেপেই নকৰে নগা উগ্ৰপন্থীয়ে
অসম পুলিচক চেলেঞ্জ কৰি বন্দুক লৈ ঘূৰি ফুৰিছে নগা
পুলিচে একো কৰিব নোৱাৰে৷ সেয়ে দেখুৱায়েই অসমৰ নদীত খনন কৰি আছে নাগালেণ্ডৰ মাফিয়াই৷ পুলিচে অসহায় হৈ চাই থকাৰ বাদে একো কৰিব পৰা নাই৷ সম্প্ৰতি দৈয়াং নৈত চলি আছে অবিৰত খনন৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী পিঠাঘাটত শিল আৰু বালি খনন কৰি আছে নাগালেণ্ডৰ মাফিয়াই৷ জানিব পৰামতে এই খননৰ আঁৰত আছে অসমৰো এদল ব্যৱসায়ী৷ তেওঁলোকে আঁৰৰ পৰা খননৰ পৰিচালনা কৰিছে৷ পুলিচক ভয় খুৱাবলৈ দৈয়াং নৈ খান্দি পেলোৱাত নগা উগ্ৰপন্থীক ব্যৱহাৰ কৰা হৈছে৷ তাৰে সুযোগ গ্ৰহণ কৰি নগা দুৰ্বৃত্তই দৈয়াং নদীখন দখল কৰিছে৷ বিশেষকৈ সৰুপথাৰৰ আগৰৱালাই এই খননত মূল ভূমিকা গ্ৰহণ কৰিছে৷ বিষয়টো সন্দৰ্ভত আমি লাভ কৰিছোঁ ভয়ংকৰ তথ্য৷ সেই অনুসৰি সৰুপথাৰৰ জনৈক আগৰৱালাই নগা দুৰ্বৃত্তৰ জৰিয়তে দৈয়াং নদীত খনন আৰম্ভ কৰিছে৷ আগৰৱালা উপাধিৰ দুজন ব্যৱসায়ীয়ে নাগালেণ্ডত ক্ৰাছা বহুৱাবলৈ স্থানীয় মাফিয়াক ধনৰো যোগান ধৰিছে৷ এই দুই আগৰৱালাৰ ধনেৰে নগা মাফিয়াই বহুৱাই লৈছে মেচিন৷ তেওঁলোকে দৈয়াং নদীখনৰ সৰ্বনাশ কৰিছে৷ এই সন্দৰ্ভত এষাৰ মাত মাতিবলৈয়ো গোলাঘাট পুলিচৰ সাহস নাই৷ আমি লাভ কৰা খবৰ অনুসৰি সৰুপথাৰ এলেকাৰ আগৰৱালা উপাধিৰ দুই প্ৰতাপী ব্যৱসায়ীয়ে আঁৰ কাপোৰৰ পৰা সকলোকে মেনেজ কৰিছে৷ দুয়ো দিয়া শকত ধনৰ টোপোলাই মাত বন্ধ কৰি দিছে প্ৰতাপী বিষয়াৰ৷ অভিযোগ অনুসৰি দুই মাৰোৱাৰী মেনেজ মাষ্টাৰে অসমৰ কিছুমান বিষয়াৰ সৈতে মিলি পূৰ্বেও দৈয়াং নদীখন ধ্বংস কৰাত হাত উজান দিছিল৷ এইবাৰ দুয়ো সৰ্বশক্তি প্ৰয়োগ কৰি আৰম্ভ কৰিছে ধ্বংসযজ্ঞ৷ য’ত শিখণ্ডী হৈ পৰিছে নগা দুৰ্বৃত্ত৷
প্ৰাপ্ত তথ্য অনুসৰি বিগত সময়ত আগৰৱালা উপাধিৰ ব্যৱসায়ীদ্বয়ে দৈয়াঙৰ শিল খান্দিবলৈ অসমৰ মাফিয়া নিয়োগ কৰিছিল৷ কিন্তু তেতিয়া তেওঁলোকে বিশেষ সফলতা অৰ্জন কৰিব নোৱাৰিলে৷ এফালৰ পৰা দৈয়াং নৈখন খান্দি পেলালে যদিও আগৰৱালাক বাধা দিয়া হ’ল৷ এইবাৰ তেওঁলোকে নগা দুৰ্বৃত্তৰ জৰিয়তে আৰম্ভ কৰিছে খনন৷ নদীখন খান্দি থকাৰ সময়ত নিৰাপত্তা দিবলৈ নগা উগ্ৰপন্থীকো নিয়োগ কৰা হৈছে৷ সেয়ে অসম পুলিচে উক্ত এলেকাত অভিযান চলাব পৰা নাই বুলি সমৰ্থিত সূত্ৰই সদৰী কৰিছে৷ আন এক অভিযোগ অনুসৰি দুই আগৰৱালাই শকত অংকৰ ধনৰ টোপোলাৰে মেনেজ কৰিছে পুলিচ৷ সেয়ে দৈয়াং নদী খান্দি থকা দেখিও পুলিচ নীৰৱ হৈ আছে৷ একো দেখাই নাই সৰুপথাৰ পুলিচে৷
ইফালে দুই আগৰৱালাই দৈয়াঙত সম্প্ৰতি বিভীষিকাৰ সূচনা কৰিছে৷ তেওঁলোকৰ বাবে দৈয়াং নদী যে কিছুদিনৰ ভিতৰতে ধ্বংস হ’ব সেইটো নিশ্চিত৷ অবিৰত খননৰ বাবে ভৱিষ্যতে দৈয়াং নৈয়ে গোলাঘাটত যে শিৱসাগৰৰ দৰে প্ৰলয়ৰ সূচনা কৰিব সেইটো অৱধাৰিত৷ কিন্তু চকুৰ সন্মুখতে ইমান বিপৰ্যয় হোৱাৰ পিছতো প্ৰতাপী আগৰৱালাক প্ৰতিৰোধ কৰিবলৈ গোলাঘাট প্ৰশাসনৰ শক্তি নাই৷ সেয়ে তেওঁলোকে অসমত নগা মাফিয়াক তাণ্ডৱ চলোৱাৰ সুযোগ দিবলৈ সাহস কৰিছে৷ বৰ্তমান দৈয়াং নৈৰ পাৰত একে-47লৈ ঘূৰি ফুৰিছে নাগালেণ্ডৰ আততায়ী৷ শিল খান্দি থকা সময়ত কোনোবা তালৈ গ’লেও নগাই গুলীয়াই দিয়াৰ আশংকা আছে৷ সেয়ে দৈয়াঙৰ পাৰলৈ যোৱাৰ সাহস নোহোৱা হৈছে স্থানীয় লোকৰ৷ নগাই গুলীওৱাৰ ভয়ত সন্ত্ৰস্ত হৈ আছে স্থানীয় লোক৷ অসমৰ নদী খান্দিবলৈ সাহস কৰিছে ৰাজস্থানৰ পৰা অহা মাৰোৱাৰীয়ে৷



