আকৌ শুব নোৱাৰা হ’ল অসমীয়া

আকৌ উভতি আহিছে অপাৰেশ্যন বজৰঙৰ ভয়াৱহতা
অপাৰেশ্যন ৰাইনোৰ দৰে উজনি অসমত পুনৰাই ভয়ংকৰ পৰিৱেশ
মন গ’লেই সেনাই ঘৰৰ পৰা উঠাই নিছিল পাহোৱাল ডেকাক৷ নব্বৈৰ দশকত আলফাৰ সন্দেহত সেনাই ঘৰৰ পৰা দাঙি নিছিল শুই থকা ডেকাক৷ এতিয়া সেই দিনবোৰ উভতি আহিছে৷ তেতিয়া সেনাই মন গ’লেই অসমৰ পাহোৱাল ডেকাক ধৰি নি অত্যাচাৰ কৰিছিল৷ লাহে লাহে উজনিৰ নিৰ্যাতিত লোকে পাহৰি পেলাইছিল সামৰিক বাহিনীৰ নিৰ্যাতন৷ আকৌ অসমত তাহানিৰ অত্যাচাৰৰ পুনৰাবৃত্তি কৰিছে সামৰিক বাহিনীয়ে৷ এইবাৰ সেনাই শোৱাপাটিৰ পৰাই উঠাই নিছে অসুস্থ যুৱকক৷ তেওঁ আলফাৰ সৈতে জড়িত বুলি দাবী কৰি সেনাই কৰিছে নিৰ্যাতন৷ অপাৰেশ্যন ৰাইনো অথবা বজৰঙৰ সময়ত সেনাই যি নৃশংসতা প্ৰদৰ্শন কৰিছিল এতিয়া তাৰে পুনৰাবৃত্তি ঘটিছে৷ পৰিণতিত ক্ৰমশ: অগ্নিপিণ্ডৰ ৰূপ ধাৰণ কৰিছে উজনিৰ পৰিস্থিতিয়ে৷ কিন্তু এই বিষয়ে সামৰিক বাহিনীয়ে উত্তৰ দিব পৰা নাই৷ প্ৰাপ্ত তথ্য অনুসৰি সেনাই শেহতীয়াকৈ ঘৰৰ পৰা উঠাই নিছিল মাৰ্ঘেৰিটাৰ হিমাংশু নামৰ কিশোৰজনক৷ লেখাপানী অঞ্চলৰ হিমাংশু বিগত ছমাহে কঠিন ৰোগত আক্ৰান্ত হৈ আছে৷ তেওঁৰ চিকিৎসাৰ বাবে পৰিয়ালটো হৈ পৰিছে সৰ্বস্বান্ত৷ কিন্তু সেই হিমাংশুৱেই আলফাৰ সৈতে জড়িত বুলি সেনাই সন্দেহ কৰিলে৷ ছমাহে পৰিয়ালৰ লোকে সম্পত্তি বিক্ৰী কৰি চিকিৎসা চলাই থকা হিমাংশুক শোৱাপাটিৰ পৰা দাঙি নিয়া বুলি প্ৰকাশ কৰিছে স্থানীয় লোকে৷ কিন্তু থিতাতে হিমাংশুক বন্দী কৰাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাৰ পিছত সেনাই মুক্তি দিছে৷ স্থানীয় মহলৰ তথ্য অনুসৰি সেনাই অত্যাচাৰ কৰাৰ বাবে হিমাংশুক মাজনিশা ঘৰৰ পৰা ধৰি নিছিল৷ যুৱকজনে বিগত ছমাহে কিন্তু কোনো সামাজিক অনুষ্ঠানতো অংশগ্ৰহণ কৰাই নাছিল৷ তাৰ পিছতো সেনাই কিয় তেওঁক আলফাৰ সৈতে জড়িত বুলি সন্দেহ কৰিলে সেইটো ৰহস্যৰ বিষয়৷ তাৰোপৰি হিমাংশুক গ্ৰেপ্তাৰৰ বিষয়ে সেনাৰ শীৰ্ষ বিষয়ায়ো স্পষ্টীকৰণ দিব পৰা নাই৷ সামৰিক বাহিনীৰ শীৰ্ষ মহলে সন্দেহৰ ভিত্তিত হিমাংশুক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে৷ বিষয়টো হৈ পৰিছে ৰহস্যময়৷
তাৰোপৰি লেখাপানী এলেকাত সেনাৰ তৎপৰতা বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে স্থানীয় লোকে৷ নব্বৈৰ দশকত সেই এলেকাত সেনাই আলফা বিচাৰি পাহোৱাল অসমীয়া যুৱকক অত্যাচাৰ কৰিছিল৷ সহস্ৰাধিক যুৱকক ঘূণীয়া কৰি এৰি দিছিল সামৰিক বাহিনীয়ে৷ তাতেই পাঁচজন অসমীয়া যুৱকক অংগক্ষত কৰি সেনাই নিধন কৰিছিল৷ এই অত্যাচাৰৰ বিষয়ে মানি ল’বলৈ বাধ্য হৈছিল সেনাৰ উচ্চপদস্থ বিষয়া৷ কিন্তু আচম্বিতে কিয় সেনাই আকৌ ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে সেয়া ৰহস্যজনক৷ সেনাৰ শীৰ্ষ বিষয়াক এই সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ ৰাইজে আহ্বান জনাইছে৷ কিন্তু সেনাই নিশা বিচাৰি ফুৰিছে আলফা সদস্য৷
এই এলেকাতে সেনা জোৱানে বিগত সময়ত কেবাগৰাকী অসমীয়া যুৱতীৰ সতীত্ব নাশ কৰিছিল৷ আলফা বিচৰাৰ নামত সংঘটিত কৰিছিল অপকৰ্ম৷ পৰৱৰ্তী সময়ত এই অত্যাচাৰৰ প্ৰমাণ দিছিল স্থানীয় লোকে৷ তাৰ বাবে সেনাও সংযত হ’বলৈ বাধ্য হৈছিল৷ ফলত এদশক শান্তিৰে শুব পাৰিছিল উজনিৰ অসমীয়াই৷ কিন্তু হঠাতে সেনাই আকৌ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে৷ অসমীয়া হৈ পৰিছে সামৰিক বাহিনীৰ টাৰ্গেট৷ আলফা বিচৰাৰ নামত সেনাই গ্ৰামাঞ্চলত কিয় সঘনে অপাৰেশ্যন চলাইছে তাৰ সঠিক বাৰ্তা দিবলৈ শীৰ্ষ মহল কিন্তু সক্ষম হোৱা নাই৷ সেনাই ধৰি নিয়াৰ শংকাত উজাগৰী নিশা কটাইছে উজনিৰ খিলঞ্জীয়া জনতাই৷