পৰকীয়া প্ৰেমৰ বাতৰিয়ে আপোনাকে সম্ভৱত: অতিষ্ঠ কৰিছে
কিন্তু এইখন দেশতে আছে অসুস্থ পত্নীৰ বাবে ৭ বছৰে অপেক্ষা কৰা পুৰুষ
ষ্ট্ৰ’ক হৈ ৭ বছৰে পত্নী ক’মাত আছে৷ লোকজনৰ মৰমৰ পত্নীয়ে ৭ বছৰে মুখেৰে টু শব্দও উচ্চাৰণ কৰা নাই৷ এবাৰো চকু মেলি চোৱা নাই পত্নীয়ে৷ কিন্তু স্বামীয়ে আশা এৰি দিয়া নাই৷ তেওঁ সদায় পত্নীৰ বিছনাৰ কাষতে বহি অপেক্ষা কৰি আছে৷ এদিন হ’লেও তেওঁৰ পত্নীয়ে চকু মেলি চাব, আকৌ আগৰ দৰে খোজ কাঢ়িব তেওঁৰ ভাৰ্যাই৷ এই আশাৰে অনন্তকাললৈ অপেক্ষা কৰি থাকিবলৈ লোকজন সাজু হৈ পৰিছে৷ তেওঁক পৰিয়ালৰ লোকে দ্বিতীয় বিবাহ কৰিবলৈ হেঁচা দিছে৷ ক’মাত থকা পত্নীক বিদায় দিবলৈ সাজু হোৱাৰ বাবে লোকজনক চিকিৎসকে দিছে উপদেশ৷ কৃত্ৰিম জীৱনদায়িনী পদ্ধতিৰে জীয়াই ৰখাতকৈ পত্নীক চিৰবিদায় জনোৱাই উচিত বুলি চিকিৎসকে তেওঁক স্পষ্টকৈ জনাই দিছে৷ কিন্তু লোকজনে পাহৰিব পৰা নাই ভাৰ্যাৰ মৰম৷ কেতিয়াবা হ’লেও তেওঁৰ পত্নীয়ে চকু মেলিব বুলি তেওঁ ৰৈ আছে৷ অৱশেষত তেওঁৰ অধীৰ অপেক্ষাৰ অন্ত পৰিল৷ ৭ বছৰে কাঠৰ দৰে হস্পিতেলৰ শয্যাত নিঠৰ হৈ পৰি থকা ৰুগীয়া মহিলাগৰাকীয়ে চকু মেলিলে৷ ঈশ্বৰে যেন চমৎকাৰ কৰিলে৷ চিকিৎসকে পুনৰ সুস্থ হোৱাৰ নামমাত্ৰও সম্ভাৱনা নাই বুলি জনাই দিয়াৰ পিছতো মহিলাগৰাকী জী উঠিল৷ ৭ বছৰে অৰ্ধমৃত জীৱন কটোৱা মহিলাগৰাকীয়ে চকু মেলিয়েই সন্মুখত দেখিলে স্বামীক৷ তেওঁৰ মনত একো নপৰিল৷ কিন্তু মৰমৰ স্বামীয়ে পত্নীক অতীতৰ বিষয়ে সোঁৱৰাই দিলে৷ তেওঁ যে ৭ বছৰে অসুস্থ হৈ হস্পিতেলৰ বিছনাতে পৰি আছিল সেয়া জনালে স্বামীয়ে৷ পতিৰ অপাৰ চেষ্টাৰ বলত সুস্থ হৈ উঠিল মহিলাগৰাকী৷ তেওঁক স্বামীয়ে দিলে সংগ৷ কেৱল সেয়াই নহয়, মহিলাগৰাকীয়ে চকু মেলাৰ পিছত স্বামীয়ে পুনৰাই বিবাহৰ আনুষ্ঠানিকতা পালন কৰিলে৷ ৭ বছৰে ক’মাত থকা পত্নীৰ সৈতে তেওঁ আকৌ পাতিলে বিয়া৷ আশ্বৰ্যকৰভাৱে ৭ বছৰে ক’মাত থকা মহিলাগৰাকী কৰৱা চৌথৰ দিনটোতে সুস্থ হৈ উঠিল৷ পৱিত্ৰ ক্ষণত ভংগ হ’ল তেওঁৰ দীৰ্ঘ অচেতন অৱস্থাৰ৷ স্বামীৰ প্ৰাৰ্থনা ভগৱানে শুনিলে৷ শেষত চিকিৎসককো আচৰিত কৰি তেওঁ সুস্থ হ’ল৷
আশ্বৰ্যকৰ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত৷ ৰাজ্যখনৰ মহিলাগৰাকী ৭ বছৰ পূৰ্বে ষ্ট্ৰ’কত আক্ৰান্ত হৈছিল৷ ক’ভিডৰ সময়ত তেওঁ অসুস্থ হোৱাত সামৰ্থ্য অনুসৰি স্বামীয়ে সকলো চিকিৎসা কৰিলে৷ তেওঁক দিল্লীৰ হস্পিতেলত ৰখা হ’ল৷ মহিলাগৰাকীৰ আৰোগ্যৰ বাবে স্বামীয়ে কবিৰাজী চিকিৎসাও কৰিলে৷ কিন্তু একোৱেই কামত নাহিল৷ মহিলাগৰাকী দিনক দিনে অসুস্থ হৈ পৰিল৷ তেওঁৰ চিকিৎসা কৰি স্বামীৰ সকলো সম্বল হেৰাই গ’ল৷ ঘৰৰ ভেটিটোৰ বাহিৰে সকলো সম্পত্তি বিক্ৰী কৰিলে স্বামীয়ে৷ তথাপি মৰমী পত্নীৰ চিকিৎসাৰ বাবে লোকজনে হাৰ নামানিলে৷ তেওঁ লক্ষ্ণৌৰ মেডিকেলত ভেণ্টিলেটৰত জীয়াই ৰাখিলে পত্নীক৷
কিন্তু লোকজনৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তই নপৰা হ’ল৷ তেওঁৰ পত্নীয়ে ৭ বছৰে ওভতাই এষাৰো কথা নক’লে৷ কেতিয়াবা সামান্য চকুৰ কম্পনৰ বাদে মহিলাগৰাকীৰ একো সাৰসুৰ নাছিল৷ সেয়ে চিকিৎসকে তেওঁক বিদায় দিয়াৰ মনস্থ কৰিলে৷ কিন্তু স্বামীয়ে চিকিৎসকৰো কথা নুশুনিলে৷ তেওঁ ৭ বছৰে পত্নীক জীয়াই ৰাখি লাভ কৰিলে সবাতোকৈ ভাল খবৰটো৷ লোকজনৰ প্ৰাৰ্থনা শুনি ভগৱানে ওভতাই পঠিয়ালে পত্নীক৷



