বিউটী পাৰ্লাৰবোৰ বন্ধ কৰি দিয়ক
সৌন্দৰ্যচৰ্চা নিষিদ্ধ কৰাৰ দাবীত পুৰুষৰ প্ৰতিবাদ
বিয়াৰ বাবে ছোৱালী চাবলৈ গ’লে ঠগ খাব লাগে৷ কাৰণ মেক-আপ কৰি ধুনীয়া হৈ থাকে আধুনিক যুৱতী৷ প্ৰকৃত চেহেৰা মেক-আপে ঢাকি পেলায়৷ সেয়ে ছোৱালীৰ ৰূপৰ উমানেই নাপায় দৰাই৷ ক’লা ছোৱালীও মেক-আপৰ জৰিয়তে বগা হৈ যায়৷ গতিকে বিউটী পাৰ্লাৰ হৈছে পুৰুষৰ শত্ৰু৷ বিউটী পাৰ্লাৰ বন্ধ কৰিবলৈ চৰকাৰে আইন প্ৰণয়ন কৰিব লাগিব৷ এই দাবী বিহাৰৰ পুৰুষে উত্থাপন কৰিছে৷ বিউটী পাৰ্লাৰত তলা লগোৱাৰ দাবীত বিহাৰৰ চাৰিখন জিলাত আৰম্ভ হৈছে প্ৰতিবাদ৷ হাজাৰোধিক পুৰুষৰ মতে বিউটী পাৰ্লাৰলৈ যোৱা যুৱতীয়ে মেক-আপ কৰি প্ৰতাৰণা কৰে৷ তেওঁলোকে বিয়াৰ পূৰ্বে বেছি মেক-আপ কৰে৷ সেইবাবে ছোৱালীবোৰ কিমান ধুনীয়া সেইটো গমেই নাপাই বিবাহপ্ৰাৰ্থী যুৱকে৷ বিউটী পাৰ্লাৰক পুৰুষৰ প্ৰধান শত্ৰু হিচাপে অভিহিত কৰি প্ৰতিবাদীয়ে অনশনো আৰম্ভ কৰিছে৷ তেওঁলোকৰ দাবী পূৰণ নকৰিলে বিজেপিক ভোট নিদিয়ে বুলি প্ৰতিবাদীয়ে ঘোষণা কৰিছে৷ কৰৱা চৌথৰ সময়তে আৰম্ভ কৰা হৈছে এই অবান্তৰ প্ৰতিবাদ৷ বিক্ষোভত অংশগ্ৰহণ কৰা পুৰুষৰ মতে কৰৱা চৌথত মহিলাসকলে বিউটী পাৰ্লাৰলৈ গৈ ফেচিয়েল কৰে৷ সেয়ে কেইদিনমানৰ বাবে তেওঁলোকে সংগীক বেছি ধুনীয়া ৰূপত দেখিবলৈ পায়৷ কিন্তু কিছুদিনৰ পিছতে আগৰ চেহেৰা ওলাই পৰে৷ তাৰোপৰি বিবাহিত পুৰুষে পত্নীক বিউটী পাৰ্লাৰলৈ নিয়াৰ বাবে ধন খৰচ কৰিবলগীয়া হয় বুলি দাবী কৰিছে বিহাৰৰ প্ৰতিবাদীয়ে৷ সেয়ে বিউটী পাৰ্লাৰ বন্ধ কৰিবই লাগিব বুলি প্ৰতিবাদ সৰৱ হৈ পৰিছে৷ এই প্ৰতিবাদ হৈছে সৰ্বধৰ্মীয়৷ বিহাৰৰ হিন্দু মুছলমান সকলোৱে প্ৰতিবাদত ভাগ লৈছে৷ বিউটী পাৰ্লাৰ থাকিলে কোনো পুৰুষে সুখৰ সংসাৰ কৰিব নোৱাৰে বুলি দাবী কৰিছে প্ৰতিবাদীয়ে৷ তেওঁলোকৰ দাবী হৈছে বিউটী পাৰ্লাৰ বন্ধ কৰাৰ বাবে আইন প্ৰণয়ন কৰা৷ বিহাৰৰ বিজেপি চৰকাৰে বিধানসভাত বিল উত্থাপন কৰি বিউটী পাৰ্লাৰ বন্ধ কৰিবই লাগিব বুলি দাবী কৰিছে৷ অৱশ্যে অবান্তৰ হ’লেও বিহাৰৰ প্ৰতিবাদৰ এটা বিশেষ যুক্তিও নথকা নহয়৷
তেওঁলোকৰ মতে বিগত সময়ত মহিলাসকলৰ আহ্বান অনুসৰি চৰকাৰে ৱাইন শ্বপ বন্ধ কৰি দিছিল৷ সেয়ে বিহাৰত বৰ্তমান সুৰা নাপায়৷ সুৰাপায়ী পুৰুষে বিহাৰৰ ক’লা বজাৰত মদ কিনিব লাগে৷ কিন্তু পুৰুষৰ দাবীৰ প্ৰতি বিহাৰ চৰকাৰে একো গুৰুত্ব দিয়া নাই৷ মহিলাসকলৰ আহ্বান মানি ৱাইন শ্বপ যেনেদৰে বন্ধ কৰিলে সেইদৰে বিউটী পাৰ্লাৰতো তলা লগাবই লাগিব বুলি আঁকোৰগোজ হৈ পৰিছে বিহাৰী পুৰুষ৷ নহ’লে ৱাইন শ্বপ আকৌ খুলিব লাগিব বুলি তেওঁলোকে মন্তব্য কৰিছে৷ লাহে লাহে চাৰিখন জিলালৈ বিয়পিছে বিহাৰী পুৰুষৰ প্ৰতিবাদ৷ চৰকাৰে অৱশ্যে পুলিচ নিয়োগ কৰি খেদিছে বিউটী পাৰ্লাৰ বিৰোধী প্ৰতিবাদীক৷
বিহাৰী পুৰুষৰ মতে তেওঁলোকে পত্নীক সদায় সুন্দৰীৰ ৰূপত চাব বিচাৰে৷ কিন্তু বিশেষ উপলক্ষৰ বাহিৰে আন কেতিয়াও বিহাৰৰ মহিলাই মেক-আপ নকৰে৷ সেয়ে পত্নীক ধুনীয়া ৰূপত নেদেখে বিহাৰী পতিয়ে৷ প্ৰতিবাদীৰ যুক্তি অনুসৰি যদি পত্নীক ধুনীয়া ৰূপত চাব মন যায় তেন্তে তেওঁলোকে আকণ্ঠ সুৰাপান কৰিব লাগিব৷ কিন্তু বিহাৰ চৰকাৰে আগতেই ৱাইন শ্বপ বন্ধ কৰিছে৷ সেয়ে বন্ধ কৰিব লাগিব পাৰ্লাৰ৷



