অনলাইনত বিক্ৰী হৈছে অসমৰ মহিলাৰ নগ্ন ফটো

কোনোবা পুৰুষে ফটো তুলিলে মহিলাসকলে কেমেৰা ভাঙি পেলাব
অচিনাকী ফটোগ্ৰাফাৰে অনুৰোধ কৰিলেও ফটোৰ বাবে প’জ নিদিব
অন্যথা নিজৰ অজ্ঞাতে আপুনিও উলংগ হ’ব লাগিব৷ আপুনি চুৰিদাৰ পিন্ধি ফটোৰ বাবে প’জ দিলেও অচিনাকী লোকে বিকিনী পিন্ধাব পাৰে৷ শাড়ী পিন্ধি যদি আপুনি অচিনাকী ফটোগ্ৰাফাৰৰ সন্মুখত প’জ দিয়ে তেন্তে ইণ্টাৰনেটত প্ৰচাৰিত হ’ব পাৰে নগ্ন ফটো৷ এয়া কোনো যাদু নহয়৷ আপোনাক নগ্ন কৰিবলৈ অচিনাকী লোকে ব্যৱহাৰ কৰে AI৷ কৃত্ৰিম বুদ্ধিমত্তা ইমানেই ভয়ংকৰ হৈ পৰিছে যে প্ৰতিটো খোজতে সাৱধান হৈ থকাই ভাল৷ অন্যথা আপোনাক অচিনাকী লোকেও নগ্ন কৰাটো বৰ্তমান সম্ভৱপৰ৷ উদাহৰণ হিচাপে এই যুৱতীগৰাকীলৈ চাওক৷ তেওঁ বাৰানসীৰ ঘাটত চেলোৱাৰ পৰিধান কৰি গংগাস্নান কৰিছিল৷ শৰীৰ আবুৰ কৰি ৰাখি তেওঁ গংগাত গা ধূলে৷ তেতিয়াই তেওঁৰ ভিডিঅ’ অচিনাকী লোকে ৰেকৰ্ডিং কৰিছিল৷ চেলোৱাৰ পিন্ধি গা ধোৱা হেতুকে কোনোবাই ভিডিঅ’ কৰোতেও মহিলাগৰাকীয়ে চিন্তা কৰা নাছিল৷ কিন্তু কিছুদিন পিছত তেওঁ স্পৰ্টছ ব্ৰা আৰু হটপেণ্ট পিন্ধি গা ধোৱাৰ বিশেষ ভিডিঅ’ এটা ভাইৰেল হৈ পৰিল৷ দৃশ্যটো দেখি মহিলাগৰাকীও স্বাভাৱিকতে অবাক হ’ল৷ কিন্তু তেওঁ সেই ভিডিঅ’ ভুৱা বুলি প্ৰমাণ কৰিব পৰাৰ কোনো উপায় নাছিল৷ AIৰ জৰিয়তে মহিলাগৰাকীক ইমান মসৃণকৈ উলংগ কৰা হৈছিল যে তেওঁৰ প্ৰকৃত ভিডিঅ’টো কোনেও বিশ্বাস নকৰিলে৷ মহিলাগৰাকীয়ে কে’ছ দিয়াৰ পিছতহে উৰহী গছৰ ওৰ ওলাল৷ আৰক্ষীয়ে অনুসন্ধান কৰি গংগাস্নান কৰাৰ সময়ত হিন্দু মহিলাৰ ভিডিঅ’ কৰি AIৰে নগ্ন কৰা চক্ৰ এটা চিনাক্ত কৰিলে৷ বাৰানসীৰ সেই চক্ৰটোৱে হিন্দু মহিলাৰ ভিডিঅ’ বিকৃত কৰি পৰ্ন ৱেবছাইটক বিক্ৰী কৰি আছিল৷ অচিনাকী মহিলাৰ ডীপফেক উলংগ ভিডিঅ’ বিক্ৰী কৰি তেওঁলোকে পৰ্ন ৱেবছাইটৰ পৰা পাইছিল পইচা৷ দুৰ্বৃত্তৰ AI ভিডিঅ’ৰ চিকাৰ হৈছিল অসমৰো কেবাগৰাকী মহিলা৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুযায়ী গংগাৰ ঘাটত মহিলাসকলে গা ধোৱাৰ দৃশ্য দুৰ্বৃত্তই গোপন কেমেৰাত আবদ্ধ কৰে৷ বিশেষকৈ চশমাত লগোৱা স্পাই কেমেৰাৰ জৰিয়তে অচিনাকী যুৱতীয়ে গংগাস্নান কৰাৰ দৃশ্য ৰেকৰ্ড কৰা হয়৷ হিন্দু মহিলাই গা সম্পূৰ্ণ ঢাকি গংগাস্নান কৰিলেও কোনো কথা নাই৷ ডীপফেক ভিডিঅ’ বিক্ৰী কৰা দুৰ্বৃত্তক কেৱল নতুন মুখৰ প্ৰয়োজন৷ সেইসকলে যিকোনো ভিডিঅ’কে AIৰ জৰিয়তে সলনি কৰি পেলায়৷ অচিনাকী যুৱতীয়ে শালীনতা ৰক্ষা কৰি গা ধোৱাৰ ভিডিঅ’ৰ কাপোৰ AIৰ জৰিয়তে চেইঞ্জ কৰা হয়৷ দুৰ্বৃত্তই অচিন যুৱতীক পিন্ধা স্পৰ্টছ ব্ৰা অথবা বিকিনী৷ এই ফটোবোৰ বিভিন্ন ৱেবছাইটত প’ষ্ট কৰা হয়৷ সেইবোৰ বেচিবলৈ পৰ্ন ৱেবছাইটত সুবিধা আছে৷ য’ত ভিডিঅ’ৰ বিনিময়ত দিয়ে ধন৷
এইদৰে হিন্দু মহিলাই গংগাস্নান কৰিবলৈ গৈ নিজৰ অজ্ঞাতে নগ্ন হ’বলগীয়া হৈছে৷ তেওঁলোকে নিজৰ ভিডিঅ’ দেখি পিছত অবাক হ’বলগীয়া হয়৷ বাৰানসী পুলিচে AIৰ জৰিয়তে ড্ৰেছ সলনি কৰা মহিলা চিনাক্তও কৰিছে৷ তথ্য অনুসৰি দুৰ্বৃত্তই অসমৰ মহিলাকো বিকিনী পিন্ধাই ভিডিঅ’ বিক্ৰী কৰিছিল৷ পুণ্য অৰ্জনৰ অৰ্থে গংগাস্নান কৰিবলৈ যোৱা অসমৰ মহিলাই চাদৰ-মেখেলা পিন্ধি গা ধূলেও AIৰ জৰিয়তে সলনি কৰা হৈছিল পোছাক৷ দুৰ্বৃত্তই কেবাগৰাকী অসমীয়া মহিলাক বিকিনী পিন্ধাই বিক্ৰী কৰিছিল ফটো৷