গৰু হৈছে চৰাচৰৰ জননী
গুজৰাটৰ আদালতৰ ৰায়দান
বিশ্বব্ৰহ্মাণ্ডৰ মাতৃ হৈছে গৰু৷ গতিকে গোধনৰ নিধন কোনোপধ্যে লঘু অপৰাধ বুলি মানি ল’ব নোৱাৰে৷ গুজৰাটৰ গান্ধীনগৰ জিলাৰ সত্ৰ ন্যায়ালয়ে কৰিছে এই মন্তব্য৷ গো বধৰ গোচৰত আদালতে দোষীক কাৰাদণ্ড বিহিছে৷
ন্যায়াধীশে শুনানিৰ অন্তত মনুস্মৃতি আৰু বেদৰ বিভিন্ন শ্লোকৰ দিছে উদ্ধৃতি। আদালতৰ সিদ্ধান্ত অনুসৰি গৰুক চৰাচৰৰ মাতৃ হিচাপে গণ্য কৰা হয়৷ যদি গো বধৰ দৰে অপৰাধত লিপ্ত লোকসকলক সঠিকভাৱে আইনগত শাস্তি প্ৰদান কৰা নহয়, তেন্তে সময় বাগৰি যোৱাৰ লগে লগে গো-জাতীয় প্ৰাণীসমূহ বিলুপ্ত হৈ পৰাৰ আশংকা আছে।
প্ৰাপ্ত তথ্য মতে, এই গোচৰটোত মুঠ তিনিজন ব্যক্তিক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। আৰক্ষী আৰু তদন্তকাৰী বিষাসকলৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে এই লোকসকলে কম দামত বুঢ়ী আৰু গাখীৰ নিদিয়া গৰু ক্ৰয় কৰি ব্যৱসায়িক উদ্দেশ্যৰে জবাই কৰিছিল।
ঘটনা সন্দৰ্ভত অভিযান চলাই আৰক্ষীয়ে তেওঁলোকৰ পৰা প্ৰায় ২৭৭ কিলোগ্ৰাম গো-মাংস জব্দ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীৰ তৰফৰ পৰা সংগৃহীত প্ৰমাণ আৰু সাক্ষ্যৰ ভিত্তিত আদালতখনে সকলোকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ ৰায় প্ৰদান কৰাৰ সময়ত আদালতে উল্লেখ কৰে যে গো-সুৰক্ষা কেৱল ধৰ্মীয় আৱেগ বা সহানুভূতিৰ বিষয়েই নহয়৷
এয়া হৈছে সত্য প্ৰতিষ্ঠাৰ অন্যতম উপায়। মনুস্মৃতি আৰু ঋগবেদৰ প্ৰসংগত আদালতে কয় যে গৰুক অন্যা বুলি অভিহিত কৰা হৈছে, যিটো শব্দৰ অৰ্থ হ’ল গৰু কেতিয়াও বধ কৰাৰ যোগ্য নহয়। বৈদিক বিশ্বাস অনুসৰি গৰুৰ শৰীৰত তেত্ৰিশ কোটি দেৱতা বাস কৰে আৰু গৰুৰ চাৰিখন ভৰি চাৰিখন বেদৰ প্ৰতীকস্বৰূপ।



