খাই বৈ ক’বই নোৱাৰে মহিলাগৰাকীৰ স্বামীদেৱতাই
কিন্তু স্বামীক নেদেখালৈকে পত্নীয়ে ভংগও কৰিব নোৱাৰে কৰৱা চৌথৰ ব্ৰত
কঠোৰ নিয়ম পালন কৰি স্বামীৰ দীৰ্ঘ জীৱনৰ বাবে উপবাস কৰিছিল পতিব্ৰতা মহিলাগৰাকীয়ে৷ তেওঁ কৰৱা চৌথৰ ব্ৰত পালন কৰি স্বামীৰ আয়ুসৰ বাবে ঈশ্বৰৰ পৰা বিচাৰিছিল আশীৰ্বাদ৷ কিন্তু আজলী পত্নীৰ কঠোৰ ব্ৰতক মূল্য দিব নাজানিলে স্বামীয়ে৷ আনদিনাৰ দৰে কৰৱা চৌথৰ দিনটোতো স্বামীয়ে আকণ্ঠ সুৰাপান কৰিলে৷ মদৰ দোকানত প্ৰৱেশ কৰা লোকজনে টেঁটুৰ গুৰিলৈকে খালে মদ৷ তেওঁ খোজ কাঢ়িব নোৱাৰা হ’ল৷ ইফালে বেলি ডুবাৰ পিছত স্বামীৰ বাবে অপেক্ষা কৰি আছিল দিনটো লঘোণে থকা পত্নীয়ে৷ তেওঁ দিনটো একো নোখোৱাকৈ স্বামীৰ বাবে ৰৈ আছিল৷ লাহে লাহে পশ্চিম আকাশত জোনবাই ওলাল৷ সকলো মহিলাই স্বামীৰ দীৰ্ঘ আয়ুসৰ বাবে প্ৰাৰ্থনা কৰি উপবাস ভংগ কৰিলে৷ চন্দ্ৰক উপাসনা কৰি বিবাহিত নাৰীকুলে পানী খালে৷ পিছে বিশেষ মহিলাগৰাকীয়ে ব্ৰত ভংগ কৰিবই পৰা নাছিল৷ কাৰণ তেতিয়ালৈ তেওঁ দেখা নাছিল স্বামীৰ মুখ৷ যিগৰাকী পুৰুষৰ দীৰ্ঘ জীৱনৰ বাবে তেওঁ দিনটো লঘোণে আছিল তেওৰ শ্ৰীমুখ দেখাৰে সৌভাগ্য হোৱা নাছিল পত্নীৰ৷ সেইবুলি তেওঁ খঙতে ব্ৰত ভংগ নকৰিলে৷ স্বামী ঘৰলৈ নগ’ল বুলিয়েই তেওঁ খঙতে নাখালে খাদ্য৷ মহিলাগৰাকীয়ে জোনবাই আকাশত থকাপৰ্যন্ত স্বামীৰ বাবে অপেক্ষা কৰিয়েই থাকিল৷ কিন্তু তেওঁ মদাহী স্বামীয়ে একো বুজি নাপালে৷ লোকজন ঘৰলৈ নগ’ল৷ সেয়ে সৰ্বশেষত তেওঁক বিচাৰি মহিলাগৰাকী ঘৰৰ পৰা ওলাই গ’ল৷ তেওঁ আলিয়ে-গলিয়ে বিচাৰি ফুৰিলে স্বামীক৷ ক’তো নাপালেও শেষত মদৰ দোকানৰ বাৰাণ্ডাত নিচাত ফিটিং হৈ থকা পতিক তেওঁ দেখা পালে৷ মহিলাগৰাকীয়ে এইবাৰ ৱাইন শ্বপৰ বাৰাণ্ডালৈ গৈ আৰম্ভ কৰিলে কৰৱা চৌথৰ উপাসনা৷ কিন্তু তেওঁ উপাসনা কৰাৰ সময়তো স্বামী স্থিৰ হৈ থাকিব পৰা নাছিল৷ মদৰ নিচাত ঢলং পলং হৈ থকা লোকজনে খোজ দিব পৰা নাছিল৷ তেওঁ পত্নীৰ গাতে ঢলি পৰিব ধৰিলে৷ তথাপি ধৈৰ্য ধৰিলে পত্নীয়ে৷
মদাহী স্বামীৰ উদ্ভণ্ডালি সহ্য কৰি মহিলাগৰাকীয়ে কৰৱা চৌথৰ নিয়ম পালন কৰিলে৷ ৰাস্তাতে তেওঁৰ সন্মুখত ঢলং পলং হৈ থাকিল স্বামী৷ কিন্তু পথচাৰীয়ে অপমান কৰাৰ সময়তো মহিলাগৰাকীয়ে ধৈৰ্য ধৰি স্বামীৰ দীৰ্ঘ জীৱনৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালে৷ তেওঁ স্বামীৰ হাতত লগাই দিলে কৰৱা চৌথৰ বিশেষ ঘটিটো৷ স্বামীয়ে খুৱাই দিয়াতহে তেওঁ দিনটোৰ শেষত এটোপা পানী খালে৷ মহিলাগৰাকীয়ে নিজৰ দায়িত্ব পালন কৰাত অকণো অৱহেলা নকৰিলে৷ তেওঁ স্বামীক বহুদিন জীয়াই ৰাখিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে৷ কিন্তু মদাহী স্বামীয়ে বুজিয়েই নাপালে সাদৰী পত্নীয়ে তেওঁৰ বাবে কৰা প্ৰাৰ্থনাৰ অনুভূতি৷
এই ঘটনাটো সংঘটিত হ’ল উত্তৰ প্ৰদেশত৷ সম্প্ৰতি বিশেষ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ সেই মহিলাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ স্বামীক বিচাৰি বিভিন্ন ঠাইলৈ গৈছিল৷ কিন্তু স্বামীক তেওঁ এখন ৱাইন শ্বপতহে বিচাৰি পালে৷ মহিলাগৰাকীয়ে জোনবাই নোহোৱা হোৱাৰ সময়ত বিচাৰি পালেও লোকজনে খোজ দিব পৰা অৱস্থাত নাছিল৷ তেওঁ মদাহী স্বামীক পূজা কৰি ভগৱানৰ পৰা বিচাৰিলে আশীৰ্বাদ৷ স্বামীয়ে একো বুজি নাপালে৷ পথচাৰীয়ে মহিলাগৰাকীক কৰিলে ইতিকিং৷ তেওঁ কৰিলে কৰ্তব্য৷



