ক্ৰমাৎ বজৰুৱা হৈ পৰিছে জুবিনেক্ষেত্ৰৰ পৰিৱেশ
পৰকীয়া প্ৰেমৰ বাবেও জুবিনক্ষেত্ৰত লাগিছে কাজিয়া
অসমীয়াই ৰক্ষা কৰিব পৰা নাই জুবিনক্ষেত্ৰৰ মৰ্যাদা৷ প্ৰাণৰ আপোন শিল্পীৰ শেষ ঠিকনাৰ পৰিৱেশ ক্ৰমাৎ বজৰুৱা হৈ পৰিছে৷ জুবিনক্ষেত্ৰ অসমৰ সকলো ধৰ্মৰ অনুৰাগীৰ বাবে আছিল মন্দিৰৰ দৰে৷ কিন্তু কিছুদিনৰ পৰা সোণাপুৰৰ কমাৰকুছিৰ সেই স্থানডোখৰ হৈ পৰিছে মাছৰ বজাৰৰ দৰে৷ লাহে লাগে জুবিন ক্ষেত্ৰত ভিৰ কমিছে৷ অনুৰাগীয়ে পাহৰিবলৈ আৰম্ভ কৰিছে হিয়াৰ আমঠু জুবিন গাৰ্গক৷ ছিংগাপুৰলৈ নি পাষণ্ডৰ দলে মাৰি পেলোৱা শিল্পীজনৰ শেষ ঠিকনাত শেহতীয়াকৈ কাজিয়াত লিপ্ত হৈছে দম্পত্তি৷ পৰকীয়া প্ৰেম কৰা পাষণ্ডই জুবিন গাৰ্গৰ সমাধিস্থলীত কাজিয়া কৰিছে৷ কেৱল সেয়াই নহয়, এগৰাকী যুৱতীয়ে কাপোৰ খুলি জুবিন গাৰ্গৰ শেষ ঠিকনাত শৰীৰো প্ৰদৰ্শন কৰিছে৷ বাৰম্বাৰ জুবিনক্ষেত্ৰত সংঘটিত হৈছে অনাহূত ঘটনা৷ এই কৰ্মকাণ্ডই জুবিনক্ষেত্ৰৰ দৰে পৱিত্ৰ ঠিকনাৰ মৰ্যাদা হানি কৰিছে৷ শেহতীয়াকৈ জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিছিল এদল অনা-অসমীয়া মগনীয়াই৷ অসমীয়া ক’ব নোৱাৰা ভিক্ষাৰীৰ দলটোৱে জুবিন ক্ষেত্ৰত সোমাই ভিক্ষা খুজিছিল৷ তেওঁলোককক স্থানীয় লোকে সেই স্থানৰ পৰা আঁতৰাই পঠিয়ালে৷ প্ৰাপ্ত তথ্য অনুসৰি জুবিনক্ষেত্ৰত সোমাই ভিক্ষা খোজা দলটো হৈছে উত্তৰ প্ৰদেশৰ৷ তেওঁলোকে অস্থায়ীভাৱে বাহৰ পাতি গুৱাহাটীৰ পৰা জুবিনক্ষেত্ৰলৈ গৈছিল৷ তাত শেহতীয়াকৈ অনুৰাগীৰ ভিৰ বৃদ্ধি হোৱাৰ সুযোগ গ্ৰহণ কৰি হিন্দীভাষী মগনীয়াই কৰিছিল ভিক্ষা৷ কিন্তু এইধৰণৰ দৃশ্য জুবিনক্ষেত্ৰৰ দৰে পৱিত্ৰ স্থানত সহ্য কৰিব নোৱাৰি৷ ভিৰৰ সুযোগ গ্ৰহণ কৰি জুবিনক্ষেত্ৰত ভিক্ষা খোজা লোকসকলক উলিয়াই পঠিওৱা বুলি স্থানীয় লোকে সদৰী কৰিছে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি জুবিনক্ষেত্ৰত ভিক্ষা খোজা লোকসকল আছিল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ৷ তেওঁলোকক হাতীগাঁৱৰ মগনীয়াই জুবিনক্ষেত্ৰত ভিক্ষা খোজাৰ বুদ্ধি দিছিল৷ সেয়ে জুবিনক্ষেত্ৰত প্ৰৱেশ কৰিছিল অনা-অসমীয়াৰ দলটোৱে৷ তেওঁলোকক অৱশ্যে পিছত খেদি পঠিওৱা হ’ল৷ কিন্তু জুবিনক্ষেত্ৰত প্ৰতিদিনে বৃদ্ধি পাইছে নমতা আলহীৰ সংখ্যা৷ শেহতীয়াকৈ তাত হৈছে কাজিয়া৷
কিছুদিন পূৰ্বে পৰকীয়া প্ৰেম কৰা স্বামীক জুবিনক্ষেত্ৰত লপা-থপা শোধাইছে পত্নীয়ে৷ তেওঁ স্বামীক তাতে মাৰপিট কৰি উলিয়াই নিছে৷ আনহাতে জুবিনক্ষেত্ৰত কাম কৰি মিডিয়াৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে ভুৱা অনুৰাগীয়ে৷ শেহতীয়াকৈ এগৰাকী যুৱতীয়ে জুবিনক্ষেত্ৰতে খুলিছে কাপোৰ৷ তেওঁ জুবিনক্ষেত্ৰৰ জাবৰ পৰিষ্কাৰ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ অসংখ্য লোকৰ প্ৰৱেশৰ সময়ত জুবিনক্ষেত্ৰৰ ডাষ্টবিন চাফা কৰিব ধৰিছিল যুৱতীগৰাকীয়ে৷ তেতিয়া তেওঁ আচম্বিতে বস্ত্ৰ খুলি কেমেৰাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে৷ যুৱতীগৰাকীয়ে টপ খুলি দেখুৱাব বিচাৰিলে স্তন৷ তেওঁক তেতিয়া তাৰ পৰা উলিয়াই দিয়া হ’ল৷
এই যুৱতীগৰাকীৰ দৰে অলেখ ভুৱা অনুৰাগীয়ে জুবিনক্ষেত্ৰত দপদপাই আছে৷ স্থানীয় লোকে প্ৰকাশ কৰা মতে নিশা জুবিনক্ষেত্ৰ হৈ পৰিছে মদ আৰু জুৱাৰ ঘাটি৷ তাত বৰ্তমান পূৰ্বৰ দৰে নাই অনুৰাগীৰ ভিৰ৷ বৰ্তমান জুবিনক্ষেত্ৰত মানুহ কমিছে৷ সেয়ে জুৱাৰীৰ বাবে সুৰক্ষিত স্থান হৈ পৰিছে জুবিনক্ষেত্ৰ৷ তাত কোনেও হুলস্থূল কৰাৰ সুযোগ নাপায়৷ সেয়ে নিশা ১০ বজাৰ পিছত জুবিনক্ষেত্ৰত প্ৰৱেশ কৰি জুৱাৰীয়ে খেল আৰম্ভ কৰে৷ এইদৰে চলি থাকিলে কিছুদিনৰ পিছত প্ৰকৃত অনুৰাগীয়ে জুবিনক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ ভয়েই কৰা হ’ব৷ নিশা অসামাজিক পৰিৱেশৰ বাবে জুবিনক্ষেত্ৰত সোমাব সংকোচ কৰা হ’ব অনুৰাগীয়ে৷



