এতিয়া আগৰ শক্তি নাই নেকি পল্লৱলোচনৰ

অসমলৈ উভতিও লাভ নহ’ল পল্লৱ লোচন দাসৰ
এলাগী হৈ গ’ল এসময়ৰ প্ৰবল প্ৰতাপী নেতা পল্লৱ লোচন দাস
আটছাৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰিয়েই হাহাকাৰ লগাই দিছিল পল্লৱলোচন দাসে৷ প্ৰথমবাৰতে তেওঁ হৰুৱাই দিছিল তেতিয়া বিহালীৰ অবিসম্বাদী নেতা ৰঞ্জিত দত্তক৷ পিছলৈ কংগ্ৰেছ এৰি বিজেপিত প্ৰৱেশ কৰি পল্লৱেও ছিক্সাৰ কোবালে৷ একেকোবে বিধায়ক আৰু মন্ত্ৰী হোৱা পল্লৱলোচন দাসৰ ৰাজনৈতিক কেৰিয়াৰত একো টাৰ্বুলেন্স হোৱা নাছিল৷ তেতিয়াই পল্লৱলোচন দাসে এটা ভুল কৰি পেলালে৷ বেছিলৈ মুখ মেলি তেজপুৰৰ সাংসদ হ’লগৈ পল্লৱ৷ তেজপুৰত জিকি পল্লৱ দিল্লীলৈ গ’ল যদিও অসমত তেওঁ প্ৰাসংগিকতা হেৰুৱাই পেলালে৷ ভুল উপলব্ধি কৰি তেওঁ যেতিয়া অসমলৈ উভতি আহিল তেতিয়ালৈ বহু পলম হৈ গৈছিল৷ ৰাজনীতিৰ বতৰা ৰখা লোকেও পাহৰি পেলাইছিল পল্লৱলোচন দাসৰ নাম৷ তেওঁ চাহ জনজাতীয় ৰাজনীতিতো অপ্ৰাসংগিক হৈ পৰিছিল৷ বিশ্বনাথ জিলাত অৱশ্যেই পল্লৱলোচন দাসৰ এইপৰ্যন্ত শক্তিশালী স্থিতি আছে৷ কিন্তু প্ৰাক্তন চাহ জনজাতি ছাত্ৰনেতা হিচাপে তেওঁৰ অসমৰ আন এখনো বাগিচাত বৰ্তমান বিশেষ গ্ৰহণযোগ্যতা নাই৷ তেওঁৰ বিষয়ে চাহ জনজাতিৰ ভোটাৰৰ মনতেই নাই৷ বিধানসভা নিৰ্বাচনত যুঁজ-বাগৰ কৰি পল্লৱলোচনে দলীয় টিকট হাচিল কৰিলে৷ কোনোমতে বিশ্বনাথৰ তেতিয়াৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক পৰাভূত কৰি টিকট আদায় কৰিবলৈ পল্লৱ সক্ষম হৈছিল৷ কিন্তু জিকিও তেওঁ একো বিশেষ আদায় কৰিব নোৱাৰিলে৷ পল্লৱলোচনৰ সমনীয়া সকলোৱে বিজেপিত নিজৰ স্থিতি শক্তিশালী কৰাত সক্ষম হ’ল৷ তেওঁ কিন্তু এইবাৰো মন্ত্ৰী হোৱাৰ সুযোগ নাপালে৷ পল্লৱলোচন দাসৰ সৈতে কংগ্ৰেছৰ পৰা পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা আদিয়ে বিজেপিত প্ৰৱেশ কৰিছিল৷ তেওঁলোক সকলো মন্ত্ৰী হ’ল৷ কিন্তু পল্লৱলোচন দাসৰ দৰে শক্তিশালী চাহ জনজাতীয় নেতাৰ নাম অসমৰ ভোটাৰে পাহৰিয়েই থাকিল৷
লাহে লাহে অসমৰ ৰাজনীতিত পল্লৱলোচন হৈ পৰিছে অচল মুদ্ৰা৷ মাজতে তেওঁৰ নাম প্ৰদেশ বিজেপিৰ সভাপতি পদৰ বাবেও উচ্চাৰিত হৈছিল৷ মুখ্যমন্ত্ৰীৰ প্ৰিয়পাত্ৰ হিচাপে পল্লৱলোচনক গুৰুত্ব দিছিল সকলো প্ৰবীণ নেতাই৷ কিন্তু পল্লৱলোচনে সেই শক্তি বাহাল ৰাখিব নোৱাৰিলে৷ দিল্লীৰ পৰা অসমৰ ৰাজনীতিলৈ তেওঁ ঠিকেই প্ৰত্যাৱৰ্তন কৰিলে যদিও পূৰ্বৰ শক্তি হেৰুৱাই পেলালে৷ বিগত সময়ত উত্তৰ অসমত পল্লৱ আছিল পাৱাৰ হাউছ৷ বিশ্বনাথৰ পৰা লখিমপুৰপৰ্যন্ত প্ৰভাৱ বিস্তাৰ কৰাত পল্লৱলোচন দাস সক্ষম হৈছিল৷ এতিয়া তেওঁৰ সেই শক্তি নাই৷ উত্তৰ অসমত পল্লৱলোচনৰ তুলনাত মানৱ ডেকাহে বেছি শক্তিশালী হৈ পৰিছে৷ মুখ্যমন্ত্ৰীৰ সৈতেও যেন ঘনিষ্ঠতা নোহোৱা হৈছে পল্লৱলোচনৰ৷ তেওঁক মন্ত্ৰিত্বৰ পৰা বঞ্চিত কৰি মুখ্যমন্ত্ৰীয়ে বেঞ্চত বহুৱাই থৈছে৷ ৰাজনীতিৰ সবাতোকৈ শক্তিশালী লবীত ৰিজাৰ্ভ প্লেয়াৰ হৈ পৰিছে পল্লৱ৷
ক্ৰমশ: তেওঁ দিছপুৰতো হৈ পৰিছে প্ৰভাৱহীন৷ বিশ্বনাথৰ বিধায়ক হৈ থাকিলেও কিছুদিনৰ পৰা পল্লৱে ৰহস্যময় নীৰৱতা অৱলম্বন কৰিছে৷ তেওঁ ছ’চিয়েল মিডিয়াতো বিশেষ সৰৱ হৈ থকা নাই৷ অসমৰ পৰা দিল্লীলৈ যোৱাৰ ভুলটোৱে পল্লৱৰ কেৰিয়াৰ গ্ৰাস কৰি পেলাইছে৷ পিছে ভুলৰ শুধৰণি কৰাৰ বাবে পল্লৱৰ কোনো উপায় নাই৷ তেওঁ বৰ্তমান উত্তৰ অসমৰ উপৰি দিছপুৰতো শক্তিহীন৷ লবী ৰাজনীতিত আকৌ শক্তি আহৰণৰ বাবে পল্লৱে কমেও ৫ বছৰ কাম কৰিব লাগিব৷ অন্যথা নিশ্চিহ্ন হৈ যাব পল্লৱলোচন দাস৷ চাহ জনজাতিৰ কৱচকুণ্ডলী পৰিধান কৰিলেও পল্লৱে স্থিৰ কৰিব পৰা নাই কেৰিয়াৰৰ ডুবন্ত নাও৷