দেশত শীঘ্ৰে হ’ব ভয়ংকৰ অমংগল
গংগাই দিছে দেশৰ আসন্ন অমংগলৰ বতৰা
পূৰ্বে এবাৰেই শুকাই গৈছিল হিন্দুধৰ্মীৰ পৱিত্ৰ নৈ গংগা৷ সেইবাৰ গুজৰাটত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল৷ তাৰ পিছত কেতিয়াও গংগা শুকুওৱা নাছিল৷ কিন্তু আশ্বৰ্যকৰভাৱে এইবাৰ শুকাই গৈছে গংগাৰ বুকু৷ গংগাৰ বক্ষত ক্ৰিকেট খেলিব পৰা অৱস্থা হৈছে৷ সম্প্ৰতি গংগা নদীত স্নান কৰিব নোৱাৰা হৈছে ভক্তই৷ বাল্টিৰে পানী কঢ়িয়াই গংগাৰ পাৰত ভক্তই স্নান কৰিবলগা হৈছে৷ পৱিত্ৰ নগৰী হৰিদ্বাৰত হৈছে এই ভয়ংকৰ পৰিস্থিতি৷ দেশত যে সাংঘাতিক অমংগল হ’ব তাৰে বতৰা দিছে গংগাৰ দুৰৱস্থাই৷ হৰিদ্বাৰৰ মাজেৰে বৈ যোৱা গংগাৰ পানী পূৰ্বে কেতিয়াও শুকুওৱা নাছিল৷ উত্তৰ প্ৰদেশত গংগাৰ পানী কদৰ্য যদিও হৰিদ্বাৰত সৌসিদিনালৈ নিৰ্মল হৈ আছিল গংগা৷ কিন্তু কোনো কাৰণ নোহোৱাকৈ নদীখন শুকাই গ’ল৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি গংগাৰ এই দশা তেওঁলোকে জীৱনকালত কাহানিও দেখা নাছিল৷ খৰস্ৰোতা নদীখন হঠাতে কিয় শুকাই গৈছে প্ৰকৃত কাৰণ বিজ্ঞানীয়েও প্ৰকাশ কৰিব পৰা নাই৷ প্ৰাকৃতিক কাৰণৰ বাবে গংগাৰ শুষ্ক হোৱা নাই বুলি বিজ্ঞানী নিশ্চিত হৈছে৷ এসপ্তাহৰ ভিতৰতে নদীখনৰ পানী নোহোৱা হোৱাটো বিজ্ঞানীৰ বাবেও আশ্বৰ্যকৰ৷ উত্তৰাখণ্ডৰ পৱিত্ৰ নগৰী হৰিদ্বাৰৰ হৰ কী পুৰী ঘাটত কেবাযুগৰ পৰা অজস্ৰ ভক্তই কৰি আহিছে গংগাস্নান৷ সেই এলেকাত গংগাস্নান কৰাৰ উদ্দেশ্যে দৈনিক অসংখ্য লোকৰ সমাগম ঘটে৷ এসপ্তাহৰ আগলৈকে তাত সকলোৱে স্নান কৰি আছিল৷ কিন্তু হঠাতে গংগা ৰুষ্ট হৈ পৰিল৷ তাৰে ফলশ্ৰুতিত আকস্মিকভাৱে শুকাই গ’ল নদীখন৷ এই পৰিৱৰ্তনৰ প্ৰকৃত কাৰণ ধৰা পেলোৱাত বিফল হৈছে বিজ্ঞানী৷ অৱশ্যে মানুহৰ অত্যাচাৰৰ বাবে নদী শুকুওৱা বুলি অনুমান কৰা হৈছে৷ বিজ্ঞানীৰ মতে কেন্দ্ৰীয় চৰকাৰে জলবিদ্যুতৰ বাবে গংগাত বন্ধা বান্ধে পানী শুকুৱাই পেলাইছে৷
এই নদীখনৰ উজনিমুৱা অংশত কেন্দ্ৰীয় চৰকাৰে বিশাল বান্ধ নিৰ্মাণ কৰিছে৷ গংগাৰ সোঁত ব্যৱহাৰ কৰি শক্তি উৎপাদনৰ উদ্দেশ্যে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ বিগত সময়ত হৰিদ্বাৰৰ জনতাই গংগাৰ বুকুত বান্ধ মাৰিলে বিপৰ্যয় হ’ব বুলি সকীয়াই দিছিল৷ কিন্তু গংগাৰ বুকুতে উমলি-জামলি থকা লোকৰ কথা চৰকাৰে নুশুনিলে৷ তাৰ বাবে এই প্ৰলয়ৰ সূচনা হৈছে৷ গংগা শুকাই যোৱাত প্ৰভাৱিত হৈছে হৰিদ্বাৰৰ জনজীৱন৷ সেই এলেকাতো বিগত সময়ত গংগাই উৰ্বৰা কৰি ৰাখিছিল৷ কিন্তু গংগাৰ বক্ষ ৰুক্ষ হৈ পৰাত হৰিদ্বাৰৰ পৰিৱেশ শুষ্ক হৈ পৰিছে৷ পৰিত্ৰাণৰ একো পথ বিচাৰি পোৱা নাই হৰিদ্বাৰৰ জনতাই৷
গংগাৰ আচম্বিত পৰিৱৰ্তন বিপৰ্যয়ৰ আগলী বতৰা বুলি প্ৰকাশ কৰিছে হৰিদ্বাৰৰ জনতাই৷ তেওঁলোকৰ মতে বিগত সময়ত গংগাৰ বুকু এবাৰেই শুকাই গৈছিল৷ দুই দশকৰ পূৰ্বে গংগাত পানী নোহোৱা হৈ পৰাটো আছিল আশ্বৰ্যকৰ৷ কিন্তু গংগাৰ বক্ষ ৰুক্ষ হৈ পৰাৰ পিছতে গুজৰাটত হৈছিল প্ৰলয়ংকৰী ভূমিকম্প৷ সেইবাৰ গুজৰাট ধ্বংসস্তূপত পৰিণত হৈছিল৷ গংগাই আগতীয়াকৈ দিছিল গুজৰাটৰ প্ৰলয়ৰ বতৰা৷ এইবাৰো দেশত অনুৰূপ অমংগল হ’ব বুলি হৰিদ্বাৰৰ জনতাই অনুমান কৰিছে৷ গংগাৰ ৰুক্ষ বক্ষ প্ৰলয়ৰ আগজাননী হিচাপে তেওঁলোকে অভিহিত কৰিছে৷ সাৱধান হোৱাৰ আহ্বান জনাইছে দেশৰ জনতাক৷



