বজাৰৰ জলকীয়া গুৰিৰ সৈতে ইটাগুৰি ফ্ৰী
মিৰ্চি পাউদাৰত মিহলাই দিছে ইটাগুৰি
ঘৰত জলকীয়া পিচি কষ্ট কৰাতকৈ বেছিভাগ লোকেই বজাৰৰ পৰা কিনে মিৰ্চি পাউদাৰ৷ পেকেজড মিৰ্চি পাউদাৰ বৰ্তমান অসমতো উৎপাদন কৰা হয়৷ গুৱাহাটীৰ উপকণ্ঠৰ লগতে উজনি অসমতো আছে শুকান জলকীয়া পিচি গুড়ি কৰা ফেক্টৰী৷ ডেৰলাখটকীয়া মেচিন বহুৱাই অসমীয়া যুৱকেও জলকীয়া গুড়ি কৰি বিক্ৰী কৰিছে৷ কিন্তু এই জলকীয়া গুড়িবোৰ খালে পেটৰ অসুখ হোৱাটো খাটাং৷ কেৱল পেটৰ অসুখেই নহয়, বজাৰৰ জলকীয়া গুড়ি খালে জটিল বেমাৰো হ’ব৷ কাৰণ জলকীয়া গুড়িৰ সৈতে মিহলি কৰা হৈছে ইটা৷ বিষাক্ত ইটাগুড়িত পেকেজড জলকীয়া গুড়িত মিলাই দিয়া হৈছে৷ আপুনি যদি আমি কোৱা কথা বিশ্বাস কৰিব পৰা নাই তেন্তে এই দৃশ্যটো চাওক৷ যোৰহাটৰ এটা জলকীয়া গুড়ি কৰা ফেক্টৰীত ইটা মিহলি কৰা দৃশ্য আমাৰ স্পাই কেমেৰাত ধৰা পৰিছে৷ সেই ফেক্টৰীটোৰ মালিক হৈছে দুজন অসমীয়া যুৱক৷ তেওঁলোকে নিজাববীয়াকৈ পেকেট বনাই জলকীয়া গুড়ি বিক্ৰী কৰে৷ দৈনিক সেই ফেক্টৰীটোত ৪০ কেজি জলকীয়া গুড়ি উৎপাদন কৰা হয়৷ কিন্তু সেই অনুপাতে ফেক্টৰীটোত শুকান জলকীয়া যোগান ধৰা নহয়৷ নামনি অসমৰ কৃষকৰ পৰা তেওঁলোকে জলকীয়া ক্ৰয় কৰে৷ পিছে ১ কেজি জলকীয়া গুড়িত কমেও ২০০ গ্ৰাম ইটাগুড়ি মিহলি কৰা হয় বুলি ফেক্টৰীটোৰ মালিকেই আমাৰ ওচৰত স্বীকাৰ কৰিছে৷
বৰুৱা উপাধিৰ ব্যৱসায়ীজনে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে জলকীয়া আৰু হালধি গুড়ি বিক্ৰী কৰে৷ তিনিবছৰ এই ব্যৱসায় কৰি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু বৈধভাৱে জলকীয়া গুড়ি বিক্ৰী কৰি তেওঁলোকে লাভ পোৱা নাই৷ জলকীয়া গুড়িত ইটাগুড়ি মিহলাই তেওঁলোক লাভান্বিত হৈছে৷ জলকীয়া গুড়ি উৎপাদন কৰা যোৰহাটৰ বিশেষ ফেক্টৰীটোৰ মেচিনতে দি দিয়া হয় এটা গোটা ইটা৷ সেই ইটাটো মেচিনে পলকতে ভাঙি গুড়ি কৰি পেলায়৷ জলকীয়া গুড়িৰ সৈতে ইটাগুড়িৰ বৰণ একে হোৱাত গ্ৰাহকেও একো ধৰিব নোৱাৰে৷ এইদৰে ১ কেজি জলকীয়া গুড়িত কমেও ২০০ গ্ৰাম ইটাগুড়ি মিহলি কৰে বেপাৰীয়ে৷ তাৰ ফলত তেওঁলোকৰ লাভৰ পৰিমাণ দুগুণ হোৱা বুলি ফেক্টৰীৰ মালিকে স্বীকাৰ কৰিছে৷
নাম প্ৰকাশ নকৰাৰ চৰ্তত বৰুৱা উপাধিৰ ব্যৱসায়ীজনে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে হালধিত মিশ্ৰণ কৰে চাউলৰ গুড়ি৷ একেটা ফেক্টৰীত তেওঁলোকে সস্তীয়া চাউল গুৰি কৰে৷ সেইবোৰ হালধিৰ সৈতে মিশ্ৰণ কৰি পেকেটত ভৰোৱা হয়৷ অন্যথা কোনো হালধি গুড়ি বিক্ৰী কৰা ফেক্টৰীয়ে লাভ আদায় কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰিছে৷ বৰুৱা উপাধিৰ ব্যৱসায়ীজনৰ সৈতে আন এজন যুৱকেও জলকীয়া আৰু হালধিগুড়ি উৎপাদন কৰা ফেক্টৰীত বিনিয়োগ কৰিছে৷ দুয়ো প্ৰথমে বিশুদ্ধ জলকীয়া আৰু হালধি গুড়িয়েই বিক্ৰী কৰিছিল৷ কিন্তু তেনেদৰে বেপাৰ কৰি তেওঁলোক লোকচানৰ সন্মুখীন হ’ল৷ ফলত দুয়ো জলকীয়া গুড়িত মিহলি কৰিবলৈ ধৰিলে ইটাগুড়ি৷ হালধি গুড়িৰ পেকেটত চাউলৰ গুড়ি মিলাই দিয়াৰ পিছতহে তেওঁলোকে বেংকৰ কিস্তি পৰিশোধ কৰিব পাৰিলে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি প্ৰতিটো ফেক্টৰীয়েই কৰে একেটা কাম৷ এইটো কাম নকৰিলে হালধি গুড়িৰ উৎপাদন খৰচ বজাৰ দামতকৈয়ো বৃদ্ধিহে পাব৷



