ছিফত খাতুনে সলনি কৰিলে নাম-ধৰ্ম

লাভ জেহাদ নহয়, এইবাৰ ঘটিল ওলোটা ঘটনা
বিবাহিতা মুছলমান মহিলাক পলুৱাই নিলে হিন্দু প্ৰেমিকে
মহিলাগৰাকীৰ নাম ছিফত খাতুন৷ তেওঁ সুখেৰেই স্বামীৰ নবাবৰ সৈতে সংসাৰ কৰি আছিল৷ ছিফতৰ স্বামীৰ আছে গেলামালৰ দোকান৷ সেয়ে দিনটো তেওঁ দোকানতে ব্যস্ত থাকে৷ ছিফতৰ স্বামীৰ দোকানতে কাম কৰে ৰবি নামৰ যুৱকজনে৷ ঘৰত কিবা কাম থাকিলে প্ৰায়ে নবাবে ৰবিক পত্নীৰ ওচৰলৈ পঠিয়াই দিয়ে৷ নবাবৰ বাবে ঘৰৰ পৰা ভাতৰ টিফিন নিয়াৰ কামো ৰবিয়েই কৰে৷ সেইসূত্ৰে ছিফতৰ সৈতে ৰবি ঘনিষ্ঠ হৈ পৰিছিল৷ নবাবে ছিফত আৰু ৰবিৰ ঘনিষ্ঠতাৰ বিষয়ে একো ভবা নাছিল৷ দুয়ো কথা পাতিলেও সন্দেহ কৰা নাছিল নবাবে৷ মালিকৰ ঘৈনিয়েকে কাম কৰা যুৱকজনৰ সৈতে একো সম্পৰ্ক কৰিব নোৱাৰে বুলি নবাব নিশ্চিত আছিল৷ কিছুদিনৰ পৰা নবাবে ৰবিকো নিজৰ ঘৰতে থকাৰ সুবিধা কৰি দিছিল৷ কাম কৰাত সুবিধা হোৱাকে ঘৰৰে ষ্ট’ৰৰূমত ৰবিক নবাবে থাকিবলৈ দিছিল৷ সেইটোৱেই নবাবৰ বাবে কাল হৈ পৰিল৷ তেওঁ দোকানত ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি ছিফতৰ সৈতে প্ৰেম কৰিলে ৰবি নামৰ হিন্দু যুৱকজনে৷ কেৱল পৰকীয়া প্ৰেমতে ছিফত নামৰ মহিলাগৰাকী ক্ষান্ত নাথাকিল৷ স্বামী নবাবৰ বুকুত মৰকামোৰ মাৰি ছিফত শেহতীয়াকৈ ৰবিৰ সৈতে পলাই গ’ল৷ আৰক্ষীয়ে নবাবৰ অভিযোগ অনুসৰি ছিফতক উদ্ধাৰ কৰিলে হয়৷ কিন্তু ছিফত খাতুনে নবাবৰ সৈতে সংসাৰ কৰিব নোৱাৰোঁ বুলি জনাই দিলে৷ তেওঁ নবাবৰ সলনি দৰা হিচাপে পছন্দ কৰিলে ৰবিক৷ আৰক্ষীৰ উপদেশ মানি নবাবেও পত্নী ছিফতৰ সৈতে দ্বিতীয়বাৰলৈ সংসাৰ কৰাৰ সপোন বিসৰ্জন দিলে৷ লগে লগে ধৰ্ম সলনি কৰিলে ছিফতে৷
হিন্দু যুৱকে মুছলমান বোৱাৰীক পলুৱাই নিয়াৰ ঘটনাটো অসমতে সংঘটিত হৈছে৷ নামনি অসমৰ মধ্যবিত্ত ব্যৱসায়ী নবাবৰ পত্নীক পলুৱাই নি হিন্দুধৰ্মত দীক্ষিত কৰিছে ৰবিয়ে৷ তথ্য অনুসৰি ৰবি নামৰ দৰিদ্ৰ যুৱকজনক ১০ বছৰ পূৰ্বে নবাবে সংস্থাপন দিছিল৷ তেওঁ নিজৰ দোকানতে ৰাখিছিল কাম বিচাৰি ফুৰা ৰবিক৷ থাকিবলৈয়ো ৰবিক নবাবে সুবিধা কৰি দিছিল৷ কিন্তু তাৰে ফায়দা উঠালে ৰবিয়ে৷ নবাবে বৰ ঘৰত সোমাবলৈ অনুমতি দিয়াৰ পৰিণতিত ৰবিয়ে ছিফতৰ সৈতে গোপনে সম্পৰ্ক স্থাপন কৰিলে৷ ৰবিয়ে ঘনিষ্ঠতাৰ সুযোগ গ্ৰহণ কৰি পলুৱাই নিলে ছিফত খাতুনক৷ দুয়ো পলাই গৈ পশ্চিমবংগত সংসাৰ কৰি আছিল৷ স্বামীৰ পৰা চুৰি কৰি নিয়া ধনেৰে ৰবিৰ সৈতে নৱজীৱনৰ পাতনি মেলিছিল বোৱাৰী ছিফতে৷
স্বামীয়ে ব্যৱসায় কৰাত ব্যস্ত থকা সময়তে ছিফতে ৰবিৰ সৈতে প্ৰেমলীলা কৰিছিল৷ নবাবে টিফিন নিয়াৰ বাবে ঘৰলৈ পঠিয়াওতে ছিফতে ৰবিক কৰিছিল আলিংগন৷ আৰক্ষীয়ে পশ্চিমবংগৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিলেও ছিফতে নবাবৰ প্ৰতি ঘৃণাহে প্ৰকাশ কৰিলে৷ আন এক তথ্য অনুসৰি ৩৫ বছৰীয়া ছিফত খাতুন গৰ্ভৱতী৷ তেওঁ ৰবিৰ সন্তান গৰ্ভধাৰণ কৰিছে৷ সেয়ে নবাবক কে’ছ উঠাই ল’বলৈ পৰামৰ্শ দিছিল আৰক্ষীয়ে৷ তাৰ পিছতে নবাবে ছিফত খাতুনৰ সৈতে ধৰ্মীয়ভাৱে বিচ্ছেদ কৰিছে৷ লগে লগে ছিফত খাতুনে গ্ৰহণ কৰিছে হিন্দুধৰ্ম৷ ৫০ বছৰীয়া পতি নবাবৰ পৰা মুক্ত হৈ ছিফত খাতুনে লৈছে সেন্দূৰ৷ হিন্দু বোৱাৰী হিচাপে পূজাতো ছিফতে অংশগ্ৰহণ কৰিছে৷ নামো সলনি কৰিছে ছিফত খাতুনে৷ জন্মসূত্ৰে মুছলমান হ’লেও তেওঁ কংকনা নাম গ্ৰহণ কৰিছে৷ ছিফত খাতুন হৈ পৰিছে হিন্দু বিবাহিতা মহিলা৷