শ্ৰীৰামপুৰ গে’টৰ নিচিনা গৰৈমাৰী চাৰ্কোল অফিচ

গৰৈমাৰী চাৰ্কোল অফিচ আৰু শ্ৰীৰামপুৰ গে’টৰ একেই
দুয়োঠাইত চাকৰি পালেই হ’ব পাৰি কোটিপতি
লাট মণ্ডলৰ সৈতে প্ৰেমলীলা কৰিবলৈ হীৰাৰ আঙুঠি-সোণৰ নেকলেছৰে আলমিৰা ভৰ্তি কৰি থোৱা নুপূৰ বৰা এই গৰৈমাৰীৰে চক্ৰ বিষয়া আছিল৷ মাটিৰ নামজাৰি কৰাৰ পৰা আদি কৰি হস্তান্তৰনলৈ সকলো কামতে হেঁপাহ পলুৱাই নুপূৰে ঘোচ খাইছিল৷ সন্দেহজনক নাগৰিকৰ নামতো মাটি লিখি দিছিল নুপূৰ বৰাই৷ লাট মণ্ডল সুৰজিতৰ সৈতে বেংককৰ নাইট ক্লাবত নাচি নাচি ভাগৰি পৰিছিল নুপূৰ৷ কিন্তু বেছি খোৱাৰ বাবে নুপূৰৰ বমি হৈ গ’ল৷ জে’লত সোমাই নুপূৰৰ মুখা খোল খালে৷ যদি তদন্ত ঠিকমতে চলি থাকে তেন্তে নুপূৰে যিমান দুইনম্বৰী সম্পত্তি আহৰণ কৰিছিল সেইবোৰে ভোগ কৰিবলৈ সুবিধা নাপাব৷
এইবাৰ নাম ওলাইছে কাশ্যপী কাশ্যপৰ৷ তেৱোঁ গৰৈমাৰী চক্ৰ বিষয়াৰ পদটো ধন ঘটাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ কাশ্যপী কাশ্যপৰো আছে এজেণ্ট৷ যি তেওঁৰ হৈ দালালৰ সৈতে যোগাযোগ কৰে৷ এই অভিযোগ স্থানীয় ৰাইজেই উত্থাপন কৰিছে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি কাশ্যপী কাশ্যপ হৈছে নুপূৰ বৰাতকৈয়ো একাচি চৰা৷ অভিযোগমতে কাশ্যপীয়ে বিশেষ মণ্ডলজনৰ জৰিয়তে মাহিলী কোটি টকা কালেকশ্যন কৰে৷ সেই টকাবোৰ তেওঁক লাট মণ্ডলে নিৰ্দিষ্ট তাৰিখত জমা দিবই লাগিব৷ অন্যথা মণ্ডলৰ লাট কাশ্যপী কাশ্যপে সলনি কৰিব৷ সেয়ে তেওঁক মণ্ডলে বিৰাট ভয় কৰে৷
পূৰ্বে নুপূৰ বৰা এইবোৰ কৰিয়েই শেষত জে’লত সোমাবলগীয়া হৈছিল৷ তথ্য অনুসৰি নুপূৰ বৰাক বহুদিনৰ পৰা ভিজিলেন্সে নিৰীক্ষণ কৰি আছিল৷ কিন্তু নুপূৰে ঘোচ খোৱাৰ লোভত একো গমি-পিতি নাচালে৷ অভিযোগমতে এতিয়া কাশ্যপী কাশ্যপৰ অৱস্থাও একেই৷ তেওঁক ইটাভাটাৰ মালিকেও পইচা দিব লাগে৷ লাট মণ্ডলে কিমান কমিশ্যন দিব লাগিব ৰেট কাশ্যপীয়ে নিৰ্ধাৰণ কৰি দিছে৷
নুপূৰতকৈয়ো চালাক কাশ্যপীয়ে পইচা দিয়া দেৰী কৰিলেই মণ্ডলক জবাবদিহি কৰে৷ এই অভিযোগ তুলিছে গৰৈমাৰী চাৰ্কল অফিচৰে এটা সূত্ৰই৷ নুপূৰ বৰাৰ এই অৱস্থা দেখিও কাশ্যপী কাশ্যপে ঘোচ খাবলৈ এৰিব পৰা নাই৷ মানুহৰ তেজৰ সোৱাদ পোৱা বাঘৰ দৰে কাশ্যপী কাশ্যপে গৰৈমাৰীত ৰাজত্ব কৰি আছে৷ তেওঁ তাত থাকি দুহাতে ধন উপাৰ্জন কৰিছে৷ অভিযোগ অনুসৰি কোনো মণ্ডলে পচন্দৰ লাট বিচাৰিলে এটা লাটৰ বিনিময়ত তেওঁক এক লাখকৈ দিব লাগে৷
যদি চক্ৰ বিষয়াই নিজে ধন দিয়ে তেন্তে ৫০ হাজাৰকৈ দিব লাগিব। আৰু যদি কোনো মণ্ডলে ইয়াৰে এটাও চৰ্ত মানি নলয় তেন্তে তেওঁ কাম কৰিবলৈ সুবিধা নাপায়৷ মুঠতে গৰৈমাৰী চাৰ্কোল অফিচ হৈ পৰিছে শ্ৰীৰামপুৰ গে’টৰ দৰে৷ তাত কাম কৰিলে কম দিনতে হ’ব পাৰি ধনী৷