তুমি এঘণ্টা টিকাফটা ৰ’দত থিয় হৈ থাকিব লাগিব
ছোৱালী চাবলৈ যোৱা বৃদ্ধই গাভৰুক দিলে অবান্তৰ প্ৰস্তাৱ
কিন্তু ভাবী শহুৰেকৰ কথা অমান্য কৰিবলৈ ছোৱালীজনীয়ে বেয়া পালে৷ সেয়ে তেওঁ টিকাফটা ৰ’দত থিয় হৈ থাকিল৷ পিছে ভাবী শহুৰেকে কিয় তেওঁক ৰ’দত থিয় হৈ থাকিবলৈ দিলে সেয়া ছোৱালীজনীয়ে বুজি নাপালে৷ কিছুসময় ৰ’দত থাকি তেওঁৰ মুখখন একেবাৰে ৰঙা পৰি গ’ল৷ মূৰ ঘূৰাই ছোৱালীজনী পৰি যোৱাৰ উপক্ৰম হ’ল৷ তেতিয়া তেওঁক ভাবী শহুৰেকে ৰ’দৰ পৰা আঁতৰি ৰূমত সোমাবলৈ অনুমতি প্ৰদান কৰিলে৷ কিন্তু ঘটনাটোৰ আঁৰৰ কাহিনী শুনি আপোনাৰ মূৰ ঘূৰাই যাব৷ দৰাচলতে উত্তৰ প্ৰদেশৰ উচ্চ শিক্ষিত যুৱতীগৰাকীৰ ঘৰত চলি আছিল বিয়াৰ প্ৰস্তুতি৷ কিন্তু তেওঁ দৰাৰ মুখ তেতিয়ালৈকে দেখা নাছিল৷ তথাপি মাতৃৰ অনুৰোধক্ৰমে যুৱতীগৰাকীয়ে বিয়াৰ বাবে সন্মতি দিছিল৷ সেইদিনা কইনাক চাবলৈ গৈছিল দৰাৰ দেউতাক৷ বগী ছোৱালীজনীক দেখি দৰাৰ দেউতাকে প্ৰথমে গালে-মুখে হাত ফুৰাই মৰম কৰিলে৷ কিন্তু তাৰ পিছতে তেওঁ ভাবী বোৱাৰীয়েকক ৰ’দত থিয় হৈ থাকিবলৈ দিলে নিৰ্দেশ৷ প্ৰথমে একো বুজি নাপালেও ছোৱালীজনী ৰ’দত থিয় হৈ থাকিল৷ পিছতহে বৃদ্ধ লোকজনে প্ৰকাশ কৰিলে ভাবী বোৱাৰীয়েকক ৰ’দত থিয় কৰাই থোৱাৰ ৰহস্য৷ তেওঁৰ মতে আজিকালি ছোৱালীবোৰে বিয়াৰ আগতে মেক-আপ কৰি দৰাক বিভ্ৰান্ত কৰে৷ মেক-আপেৰে ক’লা ছোৱালীও হৈ পৰে ঢকঢকীয়া বগী অপেশ্বৰী৷
সেয়ে তেওঁ বগী যেন দেখিলেও পুত্ৰৰ বাবে বাছনি কৰা ছোৱালীজনীক বিশ্বাস কৰিব পৰা নাছিল৷ বৃদ্ধই পুত্ৰৰ বাবে বিচাৰি ফুৰিছিল গালত এটাও দাগ নথকা বগা ছোৱালী৷ গাখীৰত সেন্দূৰ মিহলোৱা বৰণৰ কন্যা বিচাৰি বৃদ্ধই অৱশেষত এটা কঠোৰ পৰীক্ষা ল’লে৷ তেওঁ ভাবী বোৱাৰীয়েকক ৰ’দত থিয় কৰাই থোৱাৰ কাৰণো আছিল সেইটোৱেই৷ বৃদ্ধৰ মতে বেছিসময় ৰ’দত থিয় হৈ থাকিলে ছোৱালীজনীৰ মেক-আপ নষ্ট হ’ব৷ তেতিয়া তেওঁ ভাবী বোৱাৰীয়েক সঁচাকৈ বগা হয়নে নহয় সেইটো পৰীক্ষা কৰিব পাৰিব৷
কিন্তু বৃদ্ধৰ অনুৰোধ ৰক্ষা কৰিলেও এইটো যুক্তি শুনি উচ্চশিক্ষিত যুৱতীগৰাকীৰ মূৰ ঘূৰাই গ’ল৷ প্ৰথমে ধৰ্মীয় কাৰণত তেওঁক বৃদ্ধই ৰ’দত থিয় হৈ থাকিবলৈ অনুৰোধ কৰা বুলি ভাবিছিল৷ কিন্তু গাৰ বৰণ পৰীক্ষা কৰিবলৈ যে বৃদ্ধই তেওঁক ৰ’দত থিয় কৰাই থৈছে সেইটো যুৱতীগৰাকীয়ে পিছতহে বুজি পালে৷ লগে লগে তেওঁ ভদ্ৰতাৰে বৃদ্ধক ঘৰৰ পৰা ওলাই যাবলৈ আহ্বান জনালে৷ এইবোৰ অসভ্যালি বুলি প্ৰকাশ কৰি ভাবী শহুৰেকক তেওঁ ঘৰৰ বাজ কৰি দিলে৷ পুনৰাই সেইখন ঘৰত প্ৰৱেশ নকৰিবলৈ তেওঁ বৃদ্ধক নিৰ্দেশ দিলে৷ ভাবী বোৱাৰীৰ খং দেখি প্ৰথমে বৃদ্ধই শান্ত কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু চাউল নিসিজিব বুলি গম পোৱাৰ পিছত তেওঁ পলায়ন কৰিলে৷ এই ঘটনাৰ বিষয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে সেই যুৱতীগৰাকীয়ে৷ তেওঁ ব্যক্ত কৰিছে ছোৱালী চাবলৈ যোৱাৰ সময়ত সন্মুখীন হোৱা পৰিস্থিতিৰ সবিশেষ৷ বৃদ্ধই গাৰ ৰং পৰীক্ষা কৰিবলৈ গালত চিকুটি চোৱাৰ বিষয়েও ফে’চবুকত বৰ্ণনা কৰিছে ছোৱালীজনীয়ে৷ তেওঁ সকলো যুৱতীকে তেনে অত্যাচাৰৰ বিষয়ে সজাগ হোৱাৰ আহ্বান জনাইছে৷ বিয়াৰ নামত সন্মুখীন হোৱা অত্যাচাৰৰ বিষয়ে প্ৰকাশ কৰি কাকো তেনে সুযোগ নিদিবলৈ দেশৰ নাৰীকুলক তেওঁ দিছে উপদেশ৷



