দেৰীকৈ বুজিলে অসমৰ কিশোৰীয়ে

কেমেৰাত ওলাবলৈ ইচ্ছা নাছিল আজলী প্ৰেমিকাৰ
কিন্তু আঁকোৰগোজ প্ৰেমিকে নামানিলে তেওঁৰ অনুৰোধ
তাৰ ফলত যি হ’বলগীয়া আছিল সেয়াই হ’ল৷ ঘৰৰ সৰু ছোৱালীজনীৰ মনত লাগিছিল যৌৱনৰ বা৷ কিছুদিনৰ পৰা তেওঁ হৈ পৰিছিল উন্মনা৷ প্ৰেমিকে কোৱা প্ৰতিটো কথাই শুদ্ধ বুলি ভাবিছিল প্ৰেমিকাই৷ ঘৰৰ মানুহৰ উপদেশক প্ৰেমিকাই নিদিয়া হৈছিল গুৰুত্ব৷ তেওঁৰ বাবে সবাতোকৈ আপোন হৈ পৰিছিল কেইদিনমান আগলৈকে অচিনাকী প্ৰেমিক৷ অৱশ্যে যৌৱনত এই ভুল সকলোৱে কৰে৷ কিন্তু আজলী ছোৱালীজনীয়ে ভুলৰ পৰিণাম ভুগিবলগীয়া হ’ল৷ তেওঁ যিটো ভুল কৰিলে তাৰ ফলত সকলোৱে দেখিলে উলংগ শৰীৰ৷ আঁকোৰগোজ প্ৰেমিকৰ কথা বেদবাক্য হিচাপে গণ্য কৰি জীৱন ধ্বংস কৰিলে আজলী যুৱতীয়ে৷ এতিয়া আৰক্ষীৰ কাষ চাপিও তেওঁৰ পৰিয়াল বিফল হৈছে৷ গৃহবন্দী হৈ আছে যুৱতীগৰাকী৷
তেওঁৰ ঘৰ হৈছে নামনি অসমত৷ কিছুদিন পূৰ্বে কলেজত নাম লগোৱা যুৱতীগৰাকী ক্ৰমাৎ হৈ পৰিছিল চঞ্চল৷ কাৰোৰে কথা নুশুনা সুন্দৰীয়ে জীৱনটো উপভোগ কৰিব শিকিছিল৷ তেওঁ হৈ পৰিছিল মডাৰ্ন৷ পৰিয়ালৰ লোকে অৱশ্যে সকীয়াই দিছিল৷ কিন্তু কাৰো কথা নুশুনি তেওঁ প্ৰেমিকৰ সৈতে আউটিং কৰিব শিকিছিল৷ প্ৰেমিকে কোৱা প্ৰতিটো কথাই মানিছিল৷ তাৰে সুযোগ গ্ৰহণ কৰি প্ৰেমিকে প্ৰায় বাহিৰলৈ মাতি নিছিল যুৱতীগৰাকীক৷ দেউতাকৰ বাধা নামানি যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে ৰোমাঞ্চ কৰিছিল৷ তেওঁৰ চাৰিত্ৰিক পৰিৱৰ্তন ঘৰৰ মানুহৰ চকুত অৱশ্যেই পৰিছিল৷ কিন্তু কাৰো কথা শুনিবলৈ সৈমান হোৱা নাছিল ঘৰৰ সৰু ছোৱালীজনী৷ ককায়েকৰ বাধা নেওচি প্ৰেমিকৰ বাইকত ঘূৰি ফুৰিবলৈ শিকিছিল তেঁওঁ৷
সেইদিনাও প্ৰেমিকে হোটেললৈ মাতিছিল প্ৰেয়সীক৷ বাধা নেওচি তেওঁ প্ৰেমিকৰ কাষত উপস্থিত হ’ল৷ নলবাৰীৰ হোটেলত দুয়ো কৰিলে কামলীলা৷ প্ৰেমিকাৰ জ্ঞাতসাৰে এই দৃশ্যাৱলী মোবাইলৰ কেমেৰাত আবদ্ধ কৰা হ’ল৷ তেতিয়া কিন্তু ঘটনাৰ পৰিণাম ইমান ভয়ংকৰ হ’ব বুলি যুৱতীগৰাকীয়ে অনুধাৱন কৰিব পৰা নাছিল৷ তেওঁ প্ৰেমিকে কেতিয়াও বেইমানী নকৰে বুলি নিশ্চিন্ত হৈ আছিল৷ কিন্তু প্ৰেমিক নাছিল ইমান কম পানীৰ মাছ৷ যথাসময়ত ভিডিঅ’টো ভাইৰেল কৰিবলৈ প্ৰেমিক তৎপৰ হৈ আছিল৷ সেয়ে ব্ৰেক-আপৰ পিছতে তেওঁ ৰাইজক দেখুৱাই দিলে প্ৰেমিকাৰ নগ্ন শৰীৰ৷ যুৱতীগৰাকীয়ে একো বুজিবই নোৱাৰিলে৷ সংসাৰৰ আও-ভাও বুজি পোৱাৰ আগতেই তেওঁৰ নিৰ্বস্ত্ৰ শৰীৰ দেশৰ সকলোৱে দেখিলে৷
এতিয়া কিন্তু শুধৰণিৰ একো পথ নাই৷ যুৱতীগৰাকীয়ে ভুগিবই লাগিব ভুলৰ পৰিণাম৷ তেওঁ যিটো ভুল কৰিলে তাৰ শুধৰণি পুলিচে কৰিব নোৱাৰে৷ তথ্য অনুসৰি সেই ভিডিঅ’টো ইণ্টাৰনেটৰ পৰা ডিলিট কৰিবলৈ পৰিয়ালৰ লোকে আৰক্ষীক অনুৰোধ কৰিছিল৷ কিন্তু ইমানেই প্ৰসাৰিত হৈ পৰা ভিডিঅ’টো ডিলিট কৰাটো অসম্ভৱ৷ বৰ্তমান বিভিন্ন ৱেবছাইটত সেইটো ভিডিঅ’ হৈ পৰিছে ভাইৰেল৷ গতিকে ডিলিট কৰাৰ সামৰ্থ্য আৰক্ষীৰ নাই৷ তথ্য-প্ৰযুক্তিৰ যুগত প্ৰেমিকৰ কথা শুনি কেমেৰাৰ সন্মুখত কাপোৰ খোলা কিমান ভয়ংকৰ কথা সেয়া এতিয়াহে যুৱতীগৰাকীয়ে বুজি পাইছে৷ তেওঁ প্ৰেমিকক সন্তুষ্ট কৰি পস্তাই থাকিবলগীয়া হৈছে৷ কিন্তু প্ৰেমিকক শাৰিৰীক তৃপ্তি দি এতিয়া হাজাৰ কান্দিলেও একো লাভ নাই৷