ভাবী শাহুৱেকে দিলে বিয়াৰ প্ৰস্তাৱ

আনদিনা শ্বৰ্টছ পিন্ধা ছোৱালীজনীৰ আজি আকৌ কি হ’ল
কাৰ বাবে শৰীৰ আবুৰ কৰি পৰিধান কৰিলে কাপোৰ
মালাইকা আৰোৰাই সদায় পিন্ধে শ্বৰ্টছ৷ শৰীৰ প্ৰদৰ্শন কৰিবলৈ সুযোগ বিচাৰে থাকে ৫২ বছৰীয়া মালাই৷ অৱশ্যে এই বয়সতো মালাইকা কম ধুনীয়া হৈ থকা নাই৷ তেওঁক দেখিলে বয়সৰ একো অনুমানেই কৰিব নোৱাৰি৷ মালাইকায়ো বডী ফ্লেক্স কৰিবলৈ প্ৰায়ে পিন্ধে স্পৰ্টছ ব্ৰা৷ হটপেণ্টৰ সৈতে স্পৰ্টছ ব্ৰা পৰিধান কৰি মালাইকাই ডাকৱাক কৰে৷ সেইগৰাকী মালাইকাৰে আজি ফেশ্যন ষ্টেটমেণ্ট সলনি হৈ গ’ল৷ সততে শৰীৰ দেখুৱাই ভাল পোৱা মালাইকাই কইনাৰ সাজ পৰিধান কৰিলে৷ লেহেংগা পৰিধান কৰি মুম্বাইৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মালাই৷ এই আকস্মিক পৰিৱৰ্তনৰ আঁৰত ৰহস্য আছে৷ মালাইকাই এনেয়ে পিন্ধা নাই শৰীৰ আবুৰ কৰা বস্ত্ৰ৷ মুম্বাইৰ অনুষ্ঠানত প্ৰেমিক হৰ্ষ মেহতাৰ সৈতে ফটোশ্বুট কৰিবলৈহে মালাই পিন্ধিছে লেহেংগা৷ সেই অনুষ্ঠানত উপস্থিত আছিল মালাইকাৰ ভাবী শাহুৱেক৷ তেওঁলোকক ইম্প্ৰেছ কৰিবলৈ মালাই কইনাৰ দৰে ৰূপসজ্জা কৰিলে৷ তথাপি নাভিপ্ৰদেশ প্ৰদেশ কৰিলে গাভৰু ছোৱালী মালাই৷
বান্দ্ৰাৰ এটা অনুষ্ঠানে নৱৰাত্ৰিৰ উপলক্ষত অনুষ্ঠান আয়োজন কৰিছিল৷ তেওঁলোকৰ নিমন্ত্ৰণক্ৰমে তাত অংশগ্ৰহণ কৰিছিল মালাইকাই৷ সেই অনুষ্ঠানৰ স্পনছ’ৰ কৰিছিল মালাইকাৰ ডায়মণ্ড মাৰ্চেণ্ট বয়ফ্ৰেণ্ড হৰ্ষ মেহতাই৷ জাৰ্মানীৰ পৰা আহি হৰ্ষ মেহতাই অনুষ্ঠানৰ তত্ত্বাৱধান কৰি আছিল৷ তেওঁক দেখুৱাবলৈ মালাই পিন্ধিলে মডাৰ্ন লেহেংগা৷ সকলো অভ্যাগতই সেই অনুষ্ঠানত শাড়ী পিন্ধি অংশগ্ৰহণ কৰিছিল৷ কিন্তু মালাৰ ফেশ্যন ষ্টেটমেণ্ট আছিল সবাতোকৈ সুকীয়া৷ তেওঁ লোভনীয় শৰীৰটো লেহেংগা পিন্ধি ফ্লেক্স কৰিলে৷ মালাৰ সৈতে আজি ধুনীয়াকৈ কথা পাতিলে ভাবী শাহুৱেকে৷ তেওঁক লগ পাবলৈয়েই জাৰ্মানীৰ পৰা অহা শাহুৱেকে মালাক সকলোৰে সন্মুখতে সাবটিও ধৰিলে৷ অৰ্থাৎ মালাক বোৱাৰী কৰি লোৱাত আপত্তি নাই বুলি ভাবী শাহুৱেকে প্ৰকাশ কৰিলে৷ পূৰ্বৰ সংঘাতৰ পিছত মালাক শাহুৱেকে ঘৰলৈ আদৰণি জনালে৷
অৰ্জুন কাপুৰৰ সৈতে মালাইকাৰ ব্ৰেক-আপৰ পিছত হৰ্ষৰ সৈতে প্ৰেম আৰম্ভ কৰিও মালাইকা বিপাঙত পৰিছিল৷ কাৰণ ৫২ বছৰীয়া মালাইকাক বোৱাৰী হিচাপে কদাপি স্বীকাৰ কৰিব নোৱাৰে বুলি ঘোষণা কৰিছিল হৰ্ষৰ মাকে৷ তাৰোপৰি এজন পুৰুষৰ সৈতে ২০ বছৰে সংসাৰ কৰা মালাইকাক তেওঁ বেশ্যা বুলি অভিহিত কৰিছিল৷ হৰ্ষৰ বায়েকেও মাকক কৰিছিল সমৰ্থন৷ গতিকে হৰ্ষ মেহতাই জাৰ্মানীলৈ নিব পৰা নাছিল মালাইকাক৷ কিন্তু পুত্ৰৰ জেদৰ ওচৰত মাতৃয়ে নতিস্বীকাৰ কৰিলে৷ পিছলৈ হৰ্ষ মেহতাৰ মাতৃয়ে মানি ল’লে মালাইকাক৷ সেযে কিছুদিন পূৰ্বে জাৰ্মানী ফুৰি আহিল মালা৷ শহুৰৰ ঘৰতো থাকিল ৰাতি৷
এতিয়া আৰু তেওঁলোকৰ সম্পৰ্কত কোনো বাধা নাই বুলি শাহুৱেকে মালাক জনাই দিলে৷ বান্দ্ৰাত মালাক সাবটি শাহুৱেকে দিলে বিবাহৰ প্ৰস্তাৱ৷ হৰ্ষ মেহতাৰ মুখলৈ চাই সেই প্ৰস্তাৱ মালাই স্বীকাৰ কৰিলে৷ গতিকে ডিচেম্বৰৰ ভিতৰত ৫২ বছৰীয়া মালাৰ বিয়াখন সম্পন্ন হোৱাৰ সম্ভাৱনা আছে৷ ৩৩ বছৰীয়া হৰ্ষ মেহতাই মালাক পিন্ধাবলৈ সাজু কৰিয়েই থৈছে হীৰাৰ মালা৷ গতিকে মালায়ো আৰু দেৰী নকৰে৷ ঠগন খোৱাতকৈ সোনকালে বিয়া হ’ব মালা৷ প্ৰেমিকৰ সৈতে জাৰ্মানীলৈ যোৱাৰ বাবে মালাইকা এতিয়া সাজু৷