বিয়া পাতিবলৈ ছোৱালী বিচাৰি ফুৰিছে যদি পাই গ’ল বুলি ধৰি লওক
এইগৰাকী যুৱতীয়ে আপোনাক দিছে বিবাহৰ বাম্পাৰ অফাৰ
যুৱতীগৰাকী ঘৰৰ সকলোৰে মৰমৰ৷ তেওঁক বিয়া দি দূৰলৈ পঠিওৱাৰ ইচ্ছা নাই দেউতাকৰ৷ নুমলীয়া জীযেকক পিতৃয়ে ঘৰতে ৰাখিব বিচাৰে৷ কিন্তু দেউতাকে ইমান মৰম কৰিলেও জীয়েকক যৌৱনে আমনি কৰিছে৷ পিতৃৰ মৰমে তেওঁক সন্তুষ্ট কৰিব পৰা নাই৷ ছোৱালীজনীক লাগে এজন সংগীৰ মৰম৷ কিন্তু তেওঁক দূৰলৈ বিয়া দিবলৈ দেউতাক অনিচ্ছুক৷ সেয়ে ফে’চবুকৰ জৰিয়তে তেওঁ দৰাৰ সন্ধান কৰিছে৷ যুৱতীগৰাকীয়ে ভাবী স্বামীক দিছে বাম্পাৰ অফাৰ৷ তেওঁক বিয়া পাতিলে নগদ ২ কোটি টকা আৰু সোণৰ অলংকাৰ দিব বুলি ছোৱালীজনীয়ে ঘোষণা কৰিছে৷ কিন্তু তেওঁ কেতিয়াও স্বামীৰ ঘৰত ওৰণি লৈ থাকিব নোৱাৰিব৷ তাৰোপৰি বিয়া হোৱাৰ পিছত যুৱতীগৰাকীয়ে ৰান্ধিব নোৱাৰিব ভাত৷ তাৰ বাহিৰে তেওঁ সকলো কামেই কৰিব পাৰে৷ ভাত ৰন্ধাৰ বাবে ৰান্ধনী ৰাখিলে যুৱতীগৰাকীয়ে স্বামীক শুশ্ৰুষা কৰি থাকিব পাৰিব৷ তেওঁ প্ৰকাশ কৰা অনুসৰি ভাবী জোঁৱাইক দিবলৈ দেউতাকে বেংকত ৩ কোটি টকা থৈ দিছে৷ তাৰে ২ কোটি টকা বিয়াৰ লগে লগে দিয়া হ’ব৷ বাকী ১ কোটি টকা দেউতাকে জোঁৱায়েকক আঠমঙলাৰ পিছত প্ৰদান কৰিব৷ তাৰোপৰি বিয়া পতাৰ বিনিময়ত যুৱতীগৰাকীৰ দেউতাকে জোঁৱাইক দিব দুখ লেটেষ্ট মডেলৰ গাড়ী৷ সেই গাড়ীৰ সৈতে ড্ৰাইভাৰো দিয়া হ’ব৷ কিন্তু ইমান সুবিধা দিলেও ছোৱালীজনীৰ পিতৃয়ে এটা চৰ্ত আৰোপ কৰিছে৷ সেইমতে তেওঁৰ কন্যাৰ স্বামী হ’ব লাগিব ঘৰজোঁৱাই৷
অতিপাত মৰমৰ বাবে নুমলীয়া জীয়েকক তেওঁ কেতিয়াও লোকৰ ঘৰলৈ বোৱাৰী হিচাপে প্ৰেৰণ কৰিব নোৱাৰে৷ অনবৰতে তেওঁ জীয়েকক চকুৰ সন্মুখতে ৰাখিব বিচাৰে৷ কিন্তু ঘৰজোঁৱাই হ’লেও সেইজন যুৱকে একো কাম কৰিব নালাগে বুলি লোকজনে প্ৰকাশ কৰিছে৷ ফে’চবুকত তেওঁ কৰা বৰ্ণনা অনুসৰি জীয়েকক বিয়া পাতিলে জোঁৱায়েকৰ জীৱনটো গঢ়ি দিয়াৰ দায়িত্ব তেওঁ গ্ৰহণ কৰিব৷ তেওঁ জোঁৱায়েকক ব্যৱসায় কৰিবলৈ মূলধন প্ৰদান কৰিব৷ ইচ্ছা কৰিলে জোঁৱায়েকৰ বাবে তেওঁ চাকৰিও গোটাই দিব৷ তাৰ বিনিময়ত জীয়েকক চিৰজীৱন টোপ পৰিবলৈ নিদিয়াকৈ ৰাখিম বুলি জোঁৱায়েকে দিব লাগিব প্ৰতিশ্ৰুতি৷ ইচ্ছুক পুৰুষে তেওঁৰ সৈতে কথা পাতিবলৈ লোকজনে আহ্বান জনাইছে৷ যদিও পৰিয়ালটো হিন্দুধৰ্মী তথাপি জীয়েকৰ সুখৰ খাতিৰত তেওঁ ধৰ্মৰ বিষয়ে চিন্তা কৰা নাই৷ জীয়েকে যদি মুছলমান যুৱককো পছন্দ কৰে তেনেহ’লেও লোকজনৰ নাই আপত্তি৷ তেওঁ মাত্ৰ যিকোনো চৰ্ততে নুমলীয়া জী সুখী হৈ থকাটো বিচাৰে৷
যিজন পুৰুষে তেওঁৰ জীয়েকক সুখী কৰি ৰাখিব পাৰিব সেইজনেই লাভ কৰিব ৩ কোটি টকা৷ তাৰোপৰি তেওঁ জী-জোঁৱাইক বিদেশ ভ্ৰমণৰ বাবে সুকীয়াকৈ ধন যোগান ধৰিব৷ প্ৰাসাদোপম অট্টালিকাত থাকিবলৈ পাব জোঁৱায়েকে৷ ভাবী জোঁৱাই দৰিদ্ৰ পৰিয়ালৰ হ’লেও শহুৰৰ আপত্তি নাই৷ কিন্তু জোঁৱায়ে মদ-ভাং খাব নোৱাৰিব বুলি তেওঁ আগতীয়াকৈ চৰ্ত বান্ধি দিছে৷ জোঁৱাযেকে কেতিয়াও কাম কৰাৰ ইচ্ছা নকৰিলে শহুৰেকে অসুবিধা নাপায়৷ সাঁচতীয়া ধনেৰে জোঁৱায়েকে জীৱনটো শুই-বহি কটাব পাৰিব৷ কিন্তু জীয়েকক কেতিয়াও নিজৰ ঘৰলৈ নিব নোৱাৰিব৷ আজীৱন ঘৰজোঁৱাই হৈয়েই থাকিব লাগিব বিশেষ যুৱকজন৷



