বিহাৰত কান্দিছে নীতিশ কুমাৰে

নীতিশ যুগৰ অৱসান, বিজেপিত চামিল হ’ব জে ডি ইউ
মোদীৰ নিৰ্দেশ মানিবলৈ বাধ্য বিহাৰী বাবু
যৱনিকা পৰিছে নীতিশ কুমাৰৰ সুদীৰ্ঘ ৰাজনৈতিক কেৰিয়াৰৰ৷ লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ সৰ্বাত্মক বিপ্লৱৰ পৰা আৰম্ভ হোৱা ৰাজহুৱা জীৱনৰ মোখনি মাৰিবলৈ বাধ্য কৰা হৈছে একালত দপদপাই থকা নেতাজনক৷ ছলে বলে কৌশলে বিহাৰৰ পৰা আঁতৰাই দিল্লীলৈ নিয়া নীতিশক ৰাজনৈতিকভাৱে নি:শেষ কৰিবলৈ মোদী আৰু অমিত শ্বাহে ৰচনা কৰিছে নীলনক্সা৷
জীৱনৰ বিয়লি বেলা ক্ষমতাহীন হোৱাৰ আশংকাত বিজেপিৰ ফান্দত ভৰি দিবলৈ নীতিশ বাধ্য হৈছে৷ সৰ্বাধিক সময়ৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে দপদপাই থকা নীতিশে সেয়ে শীঘ্ৰে বিজেপিত যোগ দিব লাগিব৷ দিল্লীৰ পাৱাৰ কৰিড’ৰৰ খবৰ অনুসৰি অহামাহৰ ভিতৰত তেওঁৰ জনতা দল ইউনাইটেড বিজেপিত চামিল হ’ব৷
অৰ্থাৎ নীতিশ কুমাৰে গঢ়া দলটো ধ্বংস হ’বলৈ মাত্ৰ কিছুদিনহে বাকী আছে৷ জে ডি ইউৰ বিজেপিত চামিলকৰণৰ বিৰোধিতা কৰা সকলো নেতাকে নীতিশে বহিষ্কাৰ কৰিছে৷ সম্প্ৰতি দলটো বিহাৰ চৰকাৰৰ অংশীদাৰ হৈ থাকিলেও নীতিশৰ একো ৰাজনৈতিক মূল্য নাই৷ তেওঁক কেন্দ্ৰীয় মন্ত্ৰী পতাৰ প্ৰতিশ্ৰুতিৰে মোদীয়ে বিহাৰৰ পৰা ৰাজ্যসভাৰ সাংসদ কৰি নিছিল৷ কিন্তু চৰম অপমানিত হৈছে নীতিশ৷
তেওঁৰ দৰে দেশৰ ভিতৰতে জ্যেষ্ঠ নেতা এজনক কেন্দ্ৰীয় মন্ত্ৰী হ’বলৈ বিজেপিয়ে সুযোগ দিয়া নাই৷ কিন্তু ভুলৰ প্ৰায়শ্চিত্ত কৰাৰ উপায় নাই নীতিশ কুমাৰৰ৷ মোদীৰ নিৰ্দেশ মানিবলৈ বাধ্য নেতাজনে দলৰ পৰা উলিয়াই দিছে বিসম্বাদী সতীৰ্থক৷ বিজেপিৰ হুকুম পালন কৰি নীতিশে জে ডি ইউৰ পৰা বহিষ্কাৰ কৰিছে বিশ্বাসী সতীৰ্থ অনন্ত সিঙক৷ মোকামা সমষ্টিৰ বিধায়কজনৰ উপৰি তেওঁৰ পত্নী নীলম দেৱীক দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত অহা ছয় বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰাৰ ঘোষণা কৰা হৈছে।
বিহাৰ জে ডি ইউৰ ৰাজ্যিক সভাপতি উমেশ সিং কুশৱাহাই প্ৰকাশ কৰা অনুসৰি বিধান পৰিষদৰ নিৰ্বাচনত দলীয় নিৰ্দেশ অমান্য কৰি বিৰোধী দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে আপত্তিজনক ভাষা প্ৰয়োগ কৰাৰ বাবে তেওঁলোকৰ প্ৰাথমিক সদস্যপদ তৎক্ষণাৎ বাতিল কৰা হৈছে। কিন্তু বহিষ্কাৰৰ পিছতে নীতিশক অচল মুদ্ৰা হিচাপে অভিহিত কৰিছে অনন্ত সিঙে৷ তেওঁ প্ৰকাশ কৰা অনুসৰি অহামাহতে বিজেপিৰ সৈতে জে ডি ইউ চামিল হ’ব৷ এই সিদ্ধান্তৰ বিৰোধিতা কৰা সকলোকে নীতিশ কুমাৰে দল ত্যাগ কৰিবলৈ বাধ্য কৰিছে৷