বাংগালুৰুতো কাম এৰিব লাগিব অসমীয়াই

বাংগালুৰুৰ পৰা উভতিব লাগিব অসমীয়া কৰ্মচাৰী
ছিলিকন ভেলীত স্থানীয় লোকক চাকৰি দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
অসমলৈ উভতি আহিব লাগিব বাংগালুৰুত সাধাৰণ চাকৰি কৰি থকা যুৱক-যুৱতী৷ মাল্টি-নেশ্যনেল কোম্পানীৰ নিৰাপত্তাৰক্ষী হিচাপেও কৰ্মৰত অসমৰ চাকৰিয়ালক ওভতাৰ হুংকাৰ দিছে কৰ্ণাটকৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে৷
দেশৰ ছিলিকন ভেলী হিচাপে খ্যাত বাংগালুৰুৰ তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান আৰু বহুৰাষ্ট্ৰীয় কোম্পানীত স্থানীয় কানাড়াভাষী যুৱক-যুৱতী নিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে৷ তেওঁ কৰা অভিযোগ অনুসৰি স্থানীয় নিবনুৱাক বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে অৱহেলা কৰে৷
কানাড়াভাষীক চাকৰি দিবলৈ ইচ্ছা নকৰে প্ৰযুক্তি প্ৰতিষ্ঠানে৷ এই অভিযোগ উত্থাপন হোৱাৰ পৰা কৰ্ণাটকত চাকৰিপ্ৰাৰ্থীয়ে উত্তেজনাৰ সূচনা কৰিছে৷ তাৰোপৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত প্ৰমাণিত হৈছে স্থানীয় চাকৰিপ্ৰাৰ্থীৰ প্ৰতি কৰ্তৃপক্ষৰ অৱহেলা৷
চাকৰিপ্ৰাৰ্থীয়ে প্ৰকাশ কৰিছিল যে বাংগালুৰুৰ কেবাটাও প্ৰতিষ্ঠিত কোম্পানীয়ে তেওঁলোকৰ বায়’ডাটাত কানাড়াক মাতৃভাষা বুলি উল্লেখ কৰিলেও নিযুক্তি বাতিল কৰে৷
তথ্য-প্ৰযুক্তি কোম্পানীবোৰে কেৱল নামমাত্র কেইজনমান কানাড়াভাষী লোকক কামত লৈ আন কেম্পাছ ইণ্টাৰভিউৰ সময়ত বৰ্হিৰাজ্যৰ পৰা কম দৰমহাত প্ৰাৰ্থী বাছনি কৰি স্থানীয় লোকসকলৰ সংস্থাপনৰ পথ সম্পূৰ্ণ বন্ধ কৰি দিছে৷
গতিকে বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে শিৱকুমাৰ৷ তেওঁ অৱশ্যে উষ্মা প্ৰকাশ কৰিলেও অসমৰ নাম উল্লেখ কৰা নাই৷ কিন্তু বাংগালুৰুত চাকৰি কৰি থকা বেছিভাগ লোকেই হৈছে নৱপ্ৰজন্মৰ অসমীয়া৷