ছাত্ৰৰ সৈতে অভিসাৰৰ বাবে শিক্ষয়িত্ৰীক ১০ বছৰৰ কাৰাদণ্ড
শিশুক হোটেললৈ নিয়াৰ দোষত জে’লত সোমাল জুলী
শিক্ষা সমাপ্ত কৰিয়েই বিদ্যালয়ত সোমাইছিল সুন্দৰী যুৱতীগৰাকী৷ প্ৰাথমিক বিদ্যালয়ত চাকৰি কৰি প্ৰথমে তেওঁৰ ভাল লগা নাছিল৷ সেয়ে চাকৰি ত্যাগ কৰাৰ কথাই ভাবিছিল৷ কিন্তু কৰ্মজীৱনৰ আনন্দ লাভ কৰিবলৈ শিক্ষাৰ্থীৰ সৈতে তেওঁ সম্পৰ্ক ঘনিষ্ঠ কৰি তুলিলে৷ লাহে লাহে স্কুল ভাল লগা হ’ল মাষ্টৰনী জুলীৰ৷ পিছলৈ স্কুলখন জুলীৰ বাবে বেছি ভাল লগা হ’ল৷ কাৰণ অবিবাহিত জুলীয়ে লাভ কৰিলে ছাত্ৰৰ মৰম৷ স্কুলৰ ছাত্ৰৰ সান্নিধ্য জুলীৰ বাবে উমাল হৈ পৰিল৷ তাৰে সুযোগ গ্ৰহণ কৰিলে গাভৰু মাষ্টৰনীয়ে৷ তেওঁ কেবাজনো ছাত্ৰক ঘৰত পঢ়ুৱাবলৈ ধৰিলে৷ ক্লাছ ফাইভৰ ছাত্ৰক অকলশৰে পঢ়ুৱাই আনন্দ পালে৷ পিছলৈ ছাত্ৰসকলক জুলীয়ে শাৰিৰীক সম্পৰ্কৰ শিক্ষা দিলে৷ প্ৰজননৰ প্ৰশিক্ষণ দিয়া ছাত্ৰক হোটেল নিবলৈ আৰম্ভ কৰিলে জুলীয়ে৷ তেনেই কুমলীয়া ছাত্ৰৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰাটো জুলীৰ অভ্যাস হৈ পৰিল৷
এইদৰে কমেও ৪০ জন ছাত্ৰৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিলে জুলীয়ে৷ প্ৰজননৰ শিক্ষা দিয়াৰ বাহানা কৰি তেওঁ কণমানি ছাত্ৰক উত্তেজিত কৰি তুলিছিল৷ ঘৰত নজনাকৈ সেই ছাত্ৰসকলক হোটেললৈ নিছিল জুলীয়ে৷ বিভিন্ন প্ৰলোভনেৰে ছাত্ৰৰ মুখ বন্ধ কৰি ৰাখিবলৈ জুলী সক্ষম হৈছিল৷ প্ৰায় এবছৰে জুলীয়ে স্কুলখনৰ ৪০ ছাত্ৰৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিলে৷ সেয়ে স্কুলখন জুলীৰ বাবে হৈ পৰিল আনন্দময়৷ তেওঁ বিনামূল্যে এইসকল ছাত্ৰক টিউশ্যন কৰিছিল৷ কিন্তু ফ্ৰীত পঢ়াই দিয়াৰ বিনিময়ত তেওঁৰ সৈতে শাৰিৰীক সম্ভোগ কৰিব লাগিব বুলি ছাত্ৰসকলক চৰ্ত বান্ধি দিছিল৷ ক্লাছ ফাইভ-ছিক্সৰ ছাত্ৰই বিশেষ গুৰুত্বসহকাৰে ল’ব জনা নাছিল জুলীৰ কাণ্ড৷ তেওঁলোকে ঘৰত একো নোকোৱাৰ বাবে ইমানদিনে জুলী ধৰা পৰাও নাছিল৷
কিন্তু জুলীৰ অত্যাচাৰত এজন ছাত্ৰ অসুস্থ হৈ পৰিল৷ তেওঁৰ শৰীৰত অস্বাভাৱিক ৰোগ ধৰা পৰাত বিদ্যালয়ক অৱগত কৰা হ’ল৷ স্কুলৰ শিক্ষয়িত্ৰীৰ সৈতে ছাত্ৰৰ শাৰিৰীক সম্পৰ্ক হোৱা বুলি অনুমান কৰিলে চিকিৎসকে৷ সেই বিষয়ে অধিক অনুসন্ধান চলাই জুলীক স্কুলখনে ধৰা পেলালে৷ তেওঁ আন ছাত্ৰৰ সৈতে হোটেললৈ যোৱা সময়তে ধৰা পৰিল৷ তেতিয়া সকলো ছাত্ৰই স্বীকাৰ কৰিলে মাষ্টৰনীৰ সৈতে কৰা শাৰিৰীক সম্পৰ্ক৷ লগে লগে জুলীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল৷ কম বয়সীয়া ছাত্ৰক শাৰিৰীক সম্পৰ্ক কৰিবলৈ বাধ্য কৰাৰ দোষত জুলীক গ্ৰেপ্তাৰ কৰিলে পুলিচে৷ আদালতত তেওঁৰ দোষ প্ৰমাণিত হ’ল৷ গতিকে অস্বীকাৰ কৰিলেও জুলী শাস্তিৰ সন্মুখীন হ’ল৷ তেওঁ বিহা হ’ল ১০ বছৰৰ কাৰাদণ্ড৷
এই জুলী হৈছে আমেৰিকাৰ শিক্ষয়িত্ৰী৷ কম বয়সতে চাকৰি লাভ কৰা জুলী শাৰিৰীক কামনাত আতুৰ হৈ পৰিছিল৷ ইমানদিনে ছাত্ৰৰ সৈতে সম্ভোগ কৰি সুৰক্ষিত হৈ আছিল জুলী৷ নিউজাৰ্চীৰ ৱাল টাউনশ্বিপ হাইস্কুলৰ শিক্ষয়িত্ৰী জুলীৰ বিৰুদ্ধে প্ৰতিজন ছাত্ৰৰ অভিভাৱকে গোচৰ ৰুজু কৰিছে৷ তেওঁলোকৰ সন্তানক শিক্ষয়িত্ৰীয়ে শাৰিৰীক সম্পৰ্ক কৰিবলৈ বাধ্য কৰোৱা বুলি কে’ছ দিছে অভিভাৱকে৷ সেয়ে জুলীয়ে দোষ অস্বীকাৰ কৰিও ৰক্ষা নাপালে৷ তেওঁক ৰেহাই দিয়া নহয় বুলি নিশ্চিত কৰিছে আমেৰিকাৰ আৰক্ষীয়ে৷ ইতিমধ্যে ১০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’লেও মাষ্টৰনী জুলীৰ বিৰুদ্ধে চলি আছে আন ১২টাকৈ গোচৰ৷



