অমানুহে শেষ কৰিব নোৱাৰে পৃথিৱীৰ ভাল মানুহবোৰ
কেৰালাৰ ছাজিদাই ভাল মানুহৰ উৎকৃষ্ট সংজ্ঞা
ছাজিদাক অৱশ্যে আপোনালোকে চিনি নাপাব৷ তেওঁ সাধাৰণ মুছলমান যুৱতী৷ এটা মধ্যবিত্ত পৰিয়ালৰ কন্যা ছাজিদা বৰ্তমান ডাক্তৰ৷ মেধাৰ বলত ছাজিদাই চিকিৎসক হৈছে৷ তেওঁ সম্প্ৰতি কেৰালাৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত৷ কিন্তু ছাজিদাৰ কামে মাজতে সকলোৰে মন জয় কৰিলে৷ দৰাচলতে শেহতীয়াকৈ ছাজিদা বিবাহত আবদ্ধ হৈছিল৷ এজন সমনীয়া আছিল ছাজিদাৰ দৰা৷ দুয়োৰে নিকাহৰ অন্তত সুন্দৰভাৱে চলি আছিল ৰিচিপশ্যন৷ অভ্যৰ্থনা অনুষ্ঠানত শতাধিক অভ্যাগত উপস্থিত হৈছিল৷ অতিথিক কইনাই হাঁহি-মাতি আদৰণি জনাইছিল৷ দৰাই অতিথিক যাচিছিল পাণ মছলা৷ সকলো ঠিকেই চলি আছিল৷ তেনেতে ঢলি পৰিল কেটাৰিং পাৰ্টীৰ এগৰাকী সদস্য৷ ছাজিদাৰ বিয়াত কেটাৰিঙৰ কাম কৰা যুৱতীসকলৰে এগৰাকী আচম্বিতে অসুস্থ হৈ পৰিল৷ তেওঁ ঢলি পৰাৰ পিছত মাত-বোল নোহোৱা হ’ল৷ লাগিল হুলস্থূল৷
এই দৃশ্য দেখি ছাজিদা ৰৈ থাকিব নোৱাৰিলে৷ তেওঁ যে কইনা সেয়া ছাজিদাই যেন পাহৰি পেলালে৷ কইনাৰ কাপোৰ পিন্ধিয়েই ছাজিদাই কেটাৰিং পাৰ্টীৰ অসুস্থ সদস্যাক শুশ্ৰুষা কৰিবলৈ ধৰিলে৷ উশাহ হেৰুৱাই পেলোৱা যুৱতীগৰাকীক ছাজিদাই দিলে CPR৷ অত্যধিক গৰমৰ বাবে সংজ্ঞাহীন হৈ পৰা অচিনাকী যুৱতীক ছাজিদাই সকাহ দিলে৷ প্ৰায় এঘণ্টা ছাজিদা তেওঁৰ সৈতে লাগি থাকিল৷ বিয়াৰ দিনটোতো পেছাৰ প্ৰতি সন্মান জনাই ছাজিদাই অসুস্থ যুৱতীক আৰোগ্য কৰাৰ চেষ্টা চলালে৷ কইনা হ’লেও ৰোগীৰ প্ৰাণৰক্ষা কৰাই তেওঁৰ প্ৰথম কৰ্তব্য বুলি বিবেচনা কৰিলে ছাজিদাই৷ তেওঁৰ এঘণ্টীয়া চেষ্টাৰ অন্তত স্থিৰ হ’ল কেটাৰিং পাৰ্টীৰ অসুস্থ যুৱতীগৰাকী৷ চকু মেলিয়েই তেওঁ কইনা ডাক্তৰ ছাজিদাক কৃতজ্ঞতা জ্ঞাপন কৰিলে৷ বিবাহৰ দিনটোত অচিনাকী যুৱতীক শুশ্ৰুষা কৰা ছাজিদাই কৃতিত্ব গ্ৰহণ কৰিব বিচৰা নাই৷
কেৰালাৰ মধ্যবিত্ত মুছলমান পৰিয়ালৰ কন্যা ছাজিদাৰ মতে তেওঁৰ প্ৰথম কৰ্তব্য হৈছে ৰোগীৰ প্ৰাণৰক্ষা কৰা৷ যিকোনো পৰিস্থিতিতে ৰোগীক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যাব বুলি ছাজিদাই শপত গ্ৰহণ কৰিছে৷ সেয়ে বিয়াৰ দিনাও কইনাৰ সাজ পৰিধান কৰি তেওঁ একো নাভাবিলে৷ সিফালে ছাজিদাৰ দৰাৰ অৱস্থা কাহিল হৈ পৰিল৷ তেওঁ ডাক্তৰ পত্নীক কেনেদৰে সহায় কৰিব লাগে একো নজনা হ’ল৷ ছাজিদাই বিয়াৰ দিনাই ষ্টেথিছক’প লগাই কেটাৰিঙৰ কাম কৰা যুৱতীগৰাকীৰ উশাহ ঘূৰাই আনিলে৷
ছাজিদা নামৰ যুৱতীগৰাকী অৱশ্যে ৰোগী সুস্থ হোৱাৰ পিছত আকৌ কইনা হৈ পৰিল৷ তেওঁ আকৌ দৰাৰ সৈতে সুসজ্জিত ফুলৰ মাজত বহি অতিথিক জনালে আদৰণি৷ হাতত পাণ মছলাৰ বঁটা লৈ ছাজিদাই আলহীক ভিতৰলৈ আদৰি নিলে৷ তেওঁ যে চিকিৎসক সেয়াও পাহৰি পেলালে নিৰহংকাৰী যুৱতীগৰাকীয়ে৷ কেৰালাৰ এই ঘটনাটো ছ’চিয়েল মিডিয়াৰ চৰ্চিত প্ৰসংগ হৈ পৰিছে৷ কইনা ছাজিদাক সেই কেটাৰিঙৰ যুৱতীৰ বাবে দেৱদূত হিচাপে অভিহিত কৰিছে নেটিজেনে৷ সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ছাজিদাক৷ অৱশ্যে ছাজিদাৰ মতে তেওঁ প্ৰশংসা কৰিবলগা একো কামেই কৰা নাই৷ চিকিৎসক হিচাপে কৰিবলগীয়া কৰ্তব্যহে পালন কৰা বুলি ছাজিদাই অভিহিত কৰিছে৷ তথাপি প্ৰশংসাৰ বাবে কৃতজ্ঞ হৈ পৰিছে ছাজিদা৷



