কানাডাৰ পৰা দিলে সেন্দূৰ

ভৱিষ্যতে কেনেকুৱা পৰিস্থিতি হ’ব এতিয়াই চাই লওক
কানাডাত থকা দৰাৰ সৈতে অনলাইন বিয়া
দৰা কানাডা নিৱাসী৷ বিয়া পাতিবলৈ ছুটী বিচাৰি আবেদন কৰিছিল যদিও আহিব নোৱাৰিলে৷ দৰাই ডিউটীৰ বাবে ছুটী নোপোৱাৰ পিছতো ঘৰৰ মানুহে বিয়া পিছুৱাই নিদিলে৷ ইফালে কানাডাৰ পৰা দৰা আহিব বুলি নিশ্চিত হৈ কইনা সাজু হৈ আছিল৷ বিয়াৰ বাবে নিৰ্মাণ কৰা হৈছিল মণ্ডপ৷ গতিকে অফিচত ব্যস্ত থাকোতেই দৰাক বিয়াৰ বাবে সাজু হ’বলৈ জনাই দিয়া হ’ল৷ ভিডিঅ’ চেট কৰি দৰাই ঘৰত অনুষ্ঠিত হোমযজ্ঞত ঘিঁউ ঢালিলে৷ অফিচৰ চেম্বাৰৰ পৰাই দৰা যুৱকজনে কইনাৰ সৈতে বিনিময় কৰিলে মালা৷ তাৰ পিছত মাতৃয়ে কইনাৰ কঁপালত সেন্দূৰ লগাই দিলে৷ কানাডাত থকা যুৱকজনে অনলাইনত পাতিলে বিয়া৷ তেওঁ কইনাক এবাৰো সোশৰীৰে নেদেখিলে৷ ফোনত কথা পাতি অনলাইন বিয়াৰ জৰিয়তে যুৱকজনে সংসাৰৰ পাতনি মেলিলে৷ বিয়াৰ বাবে বিশেষ খৰচো কৰিবলগীয়া নহ’ল৷ অনলাইন বিয়াৰ পিছত অৱশ্যে কইনাই নাপালে দৰাৰ সান্নিধ্য৷ ছুটী লৈ ভাৰতলৈ অহাৰ পিছতহে কইনাই দৰাক দেখিব৷ তথাপি কইনাৰ মনত দুখ নাই৷ তেওঁ অনলাইন বিয়াৰ জৰিয়তে আজিৰ পৰা দ্বীপ নামৰ যুৱকজনৰ পত্নী হ’ল৷ দৰাকো ভিডিঅ’ কনফাৰেন্সতে পুৰোহিতে মন্ত্ৰ মাতি পত্নীৰ সাত জনমৰ সংগী হোৱাৰ শপত দিলে৷
যুৱকজনৰ ঘৰ দিল্লীত৷ তেওঁ কানাডাৰ MNCত চাকৰি কৰে৷ যুৱকজনে বিয়াৰ বাবে ঘৰলৈ আহিব বুলি মাতৃক জনাই দিছিল৷ সেইমতে আগতেই ঠিক কৰি থোৱা কইনাৰ সৈতে বিবাহৰ বাবে নিৰ্মাণ কৰা হৈছিল মণ্ডপ৷ কইনাৰ আঙুলিৰ জোখ লৈ ঘৰৰ মানুহে আঙুঠিও গঢ়াইছিল৷ সকলো একদম ঠিকেই চলি আছিল৷ কিন্তু ছুটী নোপোৱাৰ বাবে দৰা কানাডাৰ পৰা আহিব নোৱাৰিলে৷ বিয়াৰ আঙুঠি গঢ়োৱাৰ পিছত দৰাৰ ছুটীৰ দৰ্খাস্ত ৰিজেক্ট কৰা হ’ল৷ তথাপি ঘৰৰ মানুহ এতিয়াই বিয়া পাতিবলৈ আঁকোৰগোজ হৈ পৰিল৷ অফিচত থকা সময়তে ভিডিঅ’ কল কৰা দৰাই কইনাক অনলাইনতে পিন্ধাই দিলে আঙুঠি৷
তেওঁ নিয়ম কৰাৰ পিছত পুৰোহিতে আশীৰ্বাদ দিলে৷ বেদৰ মন্ত্ৰপাঠ কৰি পুৰোহিতে দৰা-কইনাক দম্পত্তি হিচাপে ঘোষণা কৰিলে৷ কিন্তু তেতিয়ালৈ দৰাই কইনাক সোশৰীৰে দেখিয়েই পোৱা নাছিল৷ অৱশ্যে দৰাৰ একো আপত্তি নাই৷ তেওঁ নিজে নেদেখিলেও কইনাক পত্নী হিচাপে গ্ৰহণ কৰিলে৷ এই বিয়াখনে প্ৰদৰ্শন কৰিলে দেশৰ যুৱপ্ৰজন্মৰ ভৱিষ্যত৷ অনাগত সময়ত এনেধৰণৰ অনলাইন বিবাহ সূলভ হৈ পৰিব বুলি প্ৰমাণ হ’ল৷ কানাডাৰ পৰা দৰাই যেতিয়া আঙুঠি পিন্ধাব পাৰিলে তেতিয়া ভৱিষ্যতে যে আৰু এনেধৰণৰ ঘটনা ঘটিব সেইটো নিশ্চিত হৈ পৰিল৷ অৱশ্যে ইয়াৰ পূৰ্বে অনলাইনৰ মাধ্যমতে সম্পন্ন হৈছে শেষকৃত্য৷
বৃদ্ধাশ্ৰমত থকা পিতৃৰ শেষকৃত্যত অংশগ্ৰহণ কৰিব নোৱাৰা জীয়ৰীয়ে অনলাইনতে চাইছিল অন্তিম বিদায়ৰ দৃশ্য৷ কামৰ হেঁচাত দেউতাকৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰিব নোৱাৰি তেওঁলোকে ভিডিঅ’ কনফাৰেন্স কৰিছিল৷ এইবাৰ অনলাইনত শেষকৃত্যৰ পৰিৱৰ্তে বিয়া অনুষ্ঠিত হ’ল৷ কানাডাৰ পৰা দৰাই কইনাৰ শিৰত সেন্দূৰ দিলে৷ কইনায়ো গ্ৰহণ কৰিলে দৰাৰ আশীৰ্বাদ৷ পুৰোহিতে সাত জনমৰ বাবে একেলগে থাকিলে আশিস দিলে৷ গতিকে দেশৰ পৰিস্থিতি অনাগত সময়ত কেনেধৰণৰ হ’ব সেইটো প্ৰতিফলিত হ’ল৷