দিনে-নিশাই সুৰাপান কৰি মই উন্মাদ হৈ গৈছিলোঁ
২৬ দিন চিকিৎসাৰ পিছতহে খোজ কাঢ়িব পাৰিছিলোঁ মই
পুৰুষৰ জীৱন ইমান সহজ নহয়৷ কোনোবাই ভাবে যদিও পুৰুষে কৰিব লাগে গোপন সংগ্ৰাম৷ স্পীনাৰ যজুৰ্ৱেন্দ্ৰ চহলেও জীৱনত কৰিছে কঠোৰ যুদ্ধ৷ তেওঁৰ সৈতে অভিনেত্ৰী ধনশ্ৰী বাৰ্মাৰ ডিভ’ৰ্চৰ পিছত অলেখ কাহিনী প্ৰচাৰ হৈছিল৷ কিন্তু আচলতে ধনশ্ৰীয়ে শাৰিৰীক সুখ নোপোৱা বাবে চহলৰ সৈতে ডিভ’ৰ্চ কৰিছিল৷ সংকোচ নকৰাকৈ চহলে প্ৰকাশ কৰিছে এই তথ্য৷ কিন্তু প্ৰিয় নাৰীৰ সৈতে বিচ্ছেদৰ পিছত মানসিক পৰিস্থিতি কেনেকুৱা হৈ পৰিছিল সেয়াও চহলে ব্যাখ্যা কৰিছে৷ টীম ইণ্ডিয়াৰ খেলুৱৈ হিচাপে চহলে মদ্যপান কৰিব নোৱাৰে৷ কেতিয়াবা সুৰাপান কৰিলেও চহলৰ প্ৰদৰ্শনত তাৰ প্ৰভাৱ পৰাৰ আশংকা আছে৷ কিন্তু প্ৰিয় নাৰী ধনশ্ৰীৰ সৈতে বিচ্ছেদৰ বাবে চহল মানসিকভাৱে অস্থিৰ হৈ পৰিছিল৷ তেওঁ সুৰা পান কৰাৰ কোনো বিকল্পই নাছিল৷ টোপনি যোৱাৰ বাবে মদ্যপান কৰিবলগা হৈছিল চহলে৷ উজাগৰে থাকি উন্মাদ হৈ পৰা ক্ৰিকেটাৰজন অনবৰতে মদ্যপান কৰি স্থিৰ হৈ আছিল৷ গুজবৰ অন্ত পেলাই চহলে প্ৰকাশ কৰিছে বিগতকালৰ সংগ্ৰাম৷ তেওঁ স্বীকাৰ কৰিছে ধনশ্ৰীৰ সৈতে ডিভ’ৰ্চৰ পিছত কৰা যুদ্ধৰ কথা৷ চহলৰ মতে তেওঁ ইমানেই মদ্যপান কৰিছিল যে লিভাৰো দুৰ্বল হৈ পৰিছিল৷ কঁপি থকা হৈছিল চহল৷
মদ নাপালে শৰীৰত কঁপনি অনুভৱ কৰিছিল৷ প্ৰায় দুমাহ চহল মদতে ডুবি আছিল৷ পুৱাৰ পৰা গধূলিলৈ তেওঁ খাইছিল মদ৷ অনলাইনতো মদ বিচাৰি চহলে হাহাকাৰ কৰিছিল৷ ক্ৰিকেটৰ প্ৰেকটিছ কৰিবলৈ পাহৰি পেলাইছিল চহলে৷ তেতিয়া তেওঁৰ সৈতে পৰিয়ালৰ সম্পৰ্ক নাছিল৷ কাৰো ফোন ধৰা নাছিল চহলে৷ দিনে নিশাই সুৰাতে ডুবি থকা চহলে মাত্ৰ ভাবিছিল ধনশ্ৰীৰ কথা৷ ইমান মৰম কৰাৰ পিছতো এৰি যোৱা প্ৰেমিকাক বেইমান বুলিও চহলে ভাবিব পৰা নাছিল৷ কিন্তু তেওঁ কোনখিনিত ভুল কৰিলে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি চহল উন্মাদ হৈ পৰিছিল৷ মদত ডুবি থকা সময়ত এদিন হঠাতে চহলৰ ফ্লেটত উপস্থিত হৈছিল তেওঁৰ পিতৃ৷ তেতিয়া চহলৰ অৱস্থা দেখি দেউতাক হতবাক হৈ পৰিছিল৷ কিন্তু চহল কথা ক’ব পৰা অৱস্থাত নাছিল৷ সেয়ে দেউতাকে তেতিয়াই চহলক গোপনে ৰিহেব চেণ্টাৰত ভৰ্তি কৰাই দিছিল৷
সংবাদ মাধ্যমৰ পৰা আঁতৰি চহলক মদ্যপান ত্যাগ কৰাৰ প্ৰশিক্ষণ দিয়া ৰিহেব চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল৷ প্ৰায় ২৬ দিন ৰিহেব চেণ্টাৰত থাকিবলগীয়া হৈছিল টীম ইণ্ডিয়াৰ স্পীনাৰজন৷ কোটিটকাৰ মালিক চহলে ৰিহেবত চিকিৎসা গ্ৰহণ কৰিছিল৷ ৰিহেবত থকা সময়ত প্ৰথমে মদ খাবলৈ নাপাই উন্মাদৰ দৰে হৈ পৰিছিল চহল৷ তেওঁৰ মনলৈ ভাহি আহিছিল কেৱল ধনশ্ৰী বাৰ্মাৰ মুখখন৷ প্ৰিয় নাৰীয়ে প্ৰতাৰণা কৰাৰ কথা ভাবিলেই চহলে মদ বিচাৰি হাহাকাৰ কৰিছিল৷ কিন্তু ৰিহেবত উন্নত চিকিৎসাৰ ফলত পিছলৈ চহল সুস্থিৰ হ’ল৷ মদ অবিহনে থাকিব পৰা হোৱাৰ পিছতহে চহলক ৰিহেবৰ পৰা উলিয়াই দিয়া হ’ল৷
জীৱনৰ সেই দু:সময় অতিক্ৰমী যজুৰ্ৱেন্দ্ৰ চহল বৰ্তমান শক্তিশালী হৈ পৰিছে৷ তেওঁক আজিকালি কোনো দুখে বিশেষ কষ্ট দিব নোৱাৰে৷ প্ৰিয় নাৰীৰ সৈতে সম্পৰ্ক ছেদ হোৱাৰ পিছত চহল স্থিৰ হৈছে৷ মদ অবিহনে চহলে দুখৰ নিশা পাৰ কৰিব পাৰে৷ কিন্তু আকৌ কাৰোবাৰ সৈতে প্ৰেম কৰিবলৈ চহলৰ ভয় লগা হ’ল৷ পুনৰ প্ৰিয় ব্যক্তিয়ে দুখ দিয়ে বুলি ভীতিগ্ৰস্ত হৈ পৰিল চহল৷ সেয়ে আজিকালি অকলেই থাকে৷



