ঘৰতে বেশ্যালয় খুলি কিনিছিল স্কুটী

https://www.instagram.com/p/Dci33EYA9_y/
গাঁৱৰ মানুহে সন্দেহ কৰিয়েই আছিল যদিও প্ৰমাণ পোৱা নাছিল
আজি দুজন যুৱকে ৰাইজক দিলে হাতে-লোটে ধৰিবলৈ সুবিধা
তেনেই কমবয়সীয়া এই ছোৱালীজনীৰ ঘৰলৈ বেছিকৈ গৈছিল আলহী৷ তেওঁ ঘৰলৈ যোৱা সকলো পুৰুষকে পাতি লোৱা দাদা বুলি চিনাকি দিছিল৷ কিন্তু যুৱতীগৰাকীৰ কিমান পাতি লোৱা ককায়েক আছে তাকে ভাবি বিমোৰত পৰিছিল গাঁৱৰ মানুহ৷ তেওঁলোকে ভাবি পোৱা নাছিল সদায় ১০-১২ জনকৈ যুৱকৰ আগমনৰ ৰহস্য৷ তেনেই দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীৰ ঘৰলৈ কিয় ইমান আলহী আহে সেইটো গাঁৱৰ আলোচনাৰ বিষয় হৈ পৰিছিল৷ আলহীৰ সংখ্যা বেছি হোৱাৰ দিনধৰি যুৱতীগৰাকীৰ অৰ্থনৈতিক অৱস্থাও ভাল হ’বলৈ ধৰিছিল৷ দুখীয়া পৰিয়ালৰ হ’লেও তেওঁ কিনিব পাৰিছিল স্কুটী৷ আগতে ভঙা ঘৰত থকা যুৱতীগৰাকীয়ে নতুনকৈ ঘৰ সাজিবলৈ আৰম্ভ কৰিছিল৷ দেখাত ধুনীয়া ছোৱালীজনীয়ে আধাতে এৰিছিল চাকৰি৷ তেওঁৰ নাছিল সংস্থাপন৷ তাৰ পিছতো তেওঁ কেনেকৈ পইচা উপাৰ্জন কৰিছে বুলি গাঁৱৰ আলি মূৰত বহুতে আলোচনা কৰিছিল৷ সদায় তেওঁক লগ ধৰিবলৈ যোৱা আলহীয়ে ৰাস্তামূৰত সুধিছিল ঘৰৰ ঠিকনা৷ যুৱতীগৰাকীৰ ঘৰৰ ঠিকনা দি ভাগৰি গৈছিল দোকানী৷ কিন্তু কিবা এটা যে গণ্ডগোল চলি আছে সেয়া তেওঁলোকে গম পাইছিল৷ গতিকে ছাৰ্জিকেল ষ্ট্ৰাইক চলাবলৈ সাজু হৈ আছিল গাঁৱৰ ডেকা৷
তেওঁলোকে আলহীৰ সংখ্যা দেখি গম পালে, যুৱতীগৰাকীয়ে ঘৰতে চলাই আছে বেশ্যালয়৷ তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে কাষ্টমাৰ পাইছে৷ সদায় ফে’চবুকত তেওঁ প’ষ্ট কৰে অৰ্ধনগ্ন ফটো৷ তাতে আছে তেওঁৰ সৈতে যোগাযোগৰ ঠিকনা৷ অনলাইনত চিনাকি হোৱা কাষ্টমাৰে কামলীলা কৰিবলৈ যুৱতীগৰাকীৰ ঘৰত হাজিৰ হয়গৈ৷ বেশ্যাবৃত্তি কৰি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীয়ে স্কুটী ক্ৰয় কৰিছে৷ সেয়ে পুৱাৰ পৰা গধূলিপৰ্যন্ত তেওঁৰ ঘৰত ভিৰ কৰিছে অচিনাকী পুৰুষে৷ ইমানখিনি জনাৰ পিছতো গাঁৱৰ ৰাইজে ধৰিবলৈ সুযোগ পোৱা নাছিল৷ যুৱতীগৰাকীয়ে ঘৰতে চলাই থাকিব পাৰিছিল অঘোষিত বেশ্যালয়৷ কিন্তু আজি তেওঁ নিজে দিলে সুযোগ৷ আনদিনাৰ দৰে আজিও যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিল এদল যুৱকে৷
তেওঁলোক যোৱাৰ পিছত দুজন ডেকাই তেওঁৰ ঘৰত প্ৰৱেশ কৰিলে৷ দুয়ো একেলগে বেশ্যা যুৱতীৰ সৈতে সংগম আৰম্ভ কৰিলে৷ সেই ধাৰা কেবাদিনো চলি থাকিল৷ শেষত বিশেষ যুৱতীগৰাকীয়ে সেই দুজন গ্ৰাহকৰ সৈতে অভিসাৰ কৰাৰ ভিডিঅ’ ফাদিল হ’ল৷ লগে লগে যুৱতীগৰাকীক জপতিয়াই ধৰিলে গাঁৱৰ ৰাইজে৷ সকলোৱে ঘৰত চলাই থকা বেশ্যালয়ৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলে৷ প্ৰথমে অস্বীকাৰ কৰিলেও শেষত ঘৰতে গ্ৰাহকৰ সৈতে কামলীলা কৰা বুলি স্বীকাৰ কৰিলে যুৱতীগৰাকীয়ে৷ লগে লগে তেওঁক বান্ধি থ’লে গাঁৱৰ ৰাইজে৷ তেওঁৰ জৰিয়তে ফোন কৰি অভিসাৰৰ লোভ দেখুৱাই দুজন গ্ৰাহককো মতা হ’ল৷
তেওঁলোক সেই স্থানত উপস্থিত হোৱাত ৰাইজে বন্দী কৰিলে৷ একেডাল ৰচীৰে দুজন যুৱকৰ সৈতে বেশ্যাক বান্ধি আৰক্ষীক খবৰ দিলে৷ তাৰ পিছতে গাঁৱৰ ৰাইজে শোধালে মাধমাৰ৷ পিটন খোৱাৰ পিছত থানালৈ গ’ল যুৱতীগৰাকী৷ ইমানদিনে তেওঁ ৰাইজৰ পৰা বাচি ঘৰতে চলাই আছিল বেশ্যালয়৷ কিন্তু বেছি পইচা ঘটাৰ লোভ কৰি তেওঁ ধৰা পৰিল৷ বিহাৰী যুৱতীৰ পিঠিত ফুল বাছিলে গাঁৱৰ ৰাইজে৷