প্ৰেমিকৰ সৈতে মহিলাৰ পলায়ন

ৰাইজে ধৰি গৰুপিটন দিয়াৰ পিছতো নামানিলে প্ৰেমিকাই
প্ৰেমিকক পিটিবলৈ নিদিয়ে মৰমীয়াল প্ৰেয়সীয়ে
বিবাহিত হ’লেও যুৱতীগৰাকীয়ে কৰিছিল পৰকীয়া প্ৰেম৷ তেওঁ স্বামীক ভাল নাপায়৷ চিধা কথা ক’বলৈ গ’লে ঘৰৰ মানুহে যুৱতীগৰাকীক বলপূৰ্বক বিয়া দিছিল৷ সেয়ে নামত সংসাৰ কৰি থাকিলেও তেওঁ স্বামীক সহ্য কৰিব নোৱাৰে৷ নিশা স্বামীয়ে স্পৰ্শ কৰিলেই উচপ খাই উঠে বোৱাৰীজনী৷ এক্স বয়ফ্ৰেণ্ডৰ সৈতে তেওঁ ফোনত কথা পাতি থাকে৷ ব্যৱসায়ী স্বামী ঘৰত নথকা সময়ছোৱাত প্ৰেমিকৰ ফোনতে ব্যস্ত হৈ থাকে বোৱাৰীজনী৷ এইদৰে তেওঁ নিজকে সংযত কৰি ৰাখিছিল৷ প্ৰেমিকৰে কথা পতাৰ সময়ছোৱাই আছিল তেওঁৰ দিনটোৰ সবাতোকৈ আনন্দময় সময়৷ মহিলাগৰাকীৰ স্বামীয়ে কৰে ধূপৰ ব্যৱসায়৷ প্ৰায়ে ব্যৱসায়ৰ কামত তেওঁ পশ্চিমবংগলৈ যাবলগীয়া হয়৷ স্বামী ৰাতি থকাকৈ গ’লেই বোৱাৰীজনীয়ে ফোন কৰি মাতি পঠিয়াই প্ৰেমিকক৷ এইদৰে তেওঁ দুয়োফালে সম্পৰ্ক ৰক্ষা কৰি আছিল৷ স্বামীৰ ধনেৰে তেওঁ বয়ফ্ৰেণ্ডক দিছিল দামী উপহাৰ৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে হ’ল তেওঁৰ অৱস্থা৷
মহিলাগৰাকীয়ে সেইদিনাও নিশা প্ৰেমিকক হোৱাটছএপ মেছেজ দিছিল৷ বিজনেছৰ কামত কলকাতা যোৱা স্বামীক বিদায় দিয়েই প্ৰেমিকক আজি ৰাতি আহিবা বুলি মেছেজটো দি থৈছিল৷ সেইমতে প্ৰেমিকেও নিশাৰ ৰোমাঞ্চ কৰিবলৈ মানসিকভাৱে সাজু হৈ পৰিছিল৷ তেওঁৰ প্ৰেমিকাই সোনকালে ভাত ৰান্ধি আজৰি হৈছিল৷ সকলো ঠিকেই চলি আছিল৷ তেওঁলোকৰ বাবে নিশাটো আছিল ৰোমাঞ্চকৰ৷ কিন্তু পুৱা এটা সাংঘাতিক অঘটন সংঘটিত হ’ল৷ মহিলাগৰাকীয়ে প্ৰেমিকক পুৱা বিদায় দিবলৈ সুযোগেই নাপালে৷ তাৰ আগতেই ঘৰত উপস্থিত হ’ল স্বামীৰ ভায়েক৷ দেওৰেকে বিছনাতে দেখিলে বৌৱেকৰ প্ৰেমিকক৷ লগে লগে হাল্লা কৰি তেওঁ সকলোকে মাতিলে৷ মহিলাগৰাকীয়ে আত্মৰক্ষা কৰাৰ সুযোগ নাপালে৷ দুয়োকে ৰাইজে দিলে মাধ মাৰ৷ ইয়াৰ পিছতো মহিলাগৰাকীয়ে হাৰ নামানিলে৷ তেওঁ প্ৰেমিকক যে ভালপাই সেইটো স্বীকাৰ কৰিলে৷
তেওঁ ক’লে যে বৃদ্ধ স্বামীয়ে দিব নোৱাৰে শাৰিৰীক সুখ৷ তাৰোপৰি স্বামীৰ ব্যৱসায়ত গুৰুত্ব বেছি বুলি মহিলাগৰাকীয়ে দাবী কৰিলে৷ ৰাইজে পিটন দিলেও মহিলাগৰাকীয়ে প্ৰেমৰ সমৰ্থনত দিলে যুক্তি৷ প্ৰেমিকৰ কোলাত বহি তেওঁ ৰাইজক মাৰপিট নকৰিবলৈ আহ্বান জনালে৷ বুকু ফিন্দাই তেওঁ সকলোকে দিলে ধমক৷ শাৰিৰীক সুখ এগৰাকী মহিলাৰ বাবে কিমান প্ৰয়োজনীয় সেয়া ব্যাখ্যা কৰিলে বোৱাৰীজনীয়ে৷ তেওঁ হাত নলগাবি বুলি গাঁৱৰ ৰাইজক ভাবুকি দিলে৷ ইয়াৰ পিছতো পিটি পিটি দুয়োৰে মুখ ফুলাই দিলে ৰাইজে৷
পৰৱৰ্তী সময়ত স্বামীয়ে মহিলাগৰাকীক জীৱনৰ পৰা দিলে বিদায়৷ কলকাতাৰ পৰা উভতি অহাৰ পিছত তেওঁ থানাত উপস্থিত হৈ পত্নীৰ বিষয়ে জনালে৷ তাৰোপৰি থানাতে এগ্ৰিমেণ্ট কৰি মহিলাগৰাকীক প্ৰেমিকৰ সৈতে বিদায় দিলে৷ এতিয়াৰ পৰা পত্নীৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলি জনালে প্ৰতাৰিত লোক জনে৷ তেওঁ প্ৰেমিকৰ সৈতে সংসাৰ কৰিবলৈ পত্নীক সুযোগ দিলে৷ মাৰপিট নকৰাকৈ প্ৰেমিকৰ সৈতে পঠিয়াই দিলে পত্নীক৷ সমস্যাৰ পৰা মুক্ত হৈ তেওঁ সংসাৰৰ যৱনিকা পেলালে৷ এইটো ঘটনা অসমৰে এখন গাঁৱত সংঘটিত হৈছে৷ নামনি অসমৰ মিঞা প্ৰেমিকাই মুক্তি পাই প্ৰেমিকৰ সৈতে থিতাতে কৰিলে পলায়ন৷