কইনাৰ দেউতাকে আগতেই কৈছিল- মই কিন্তু দুখীয়া মানুহ
পিছে দৰাই এই কথাষাৰৰ অৰ্থ বুজি নাপালে
দৰাই কৰিলে এটা সাংঘাতিক ভুল৷ তেওঁক বৰযাত্ৰী হিচাপে কিমান মানুহ যাব তাৰ হিচাপ কইনাঘৰে আগতে সুধিছিল৷ তেতিয়া দৰাই দিছিল ডেৰশ মানুহৰ হিচাপ৷ সৰ্বাধি ডেৰশজনহে তেওঁৰ সৈতে যাব বুলি কইনাৰ দেউতাকক উত্তৰ দিছিল দৰাই৷ কিন্তু বিয়াৰ নিশা মানুহৰ হিচাপ নোহোৱা হৈ পৰিল৷ দৰাৰ সৈতে কইনাঘৰলৈ যোৱাৰ বাবে সাজু হ’ল কমেও ৫০০ লোক৷ দৰাই কাকো বাধা দিব নোৱাৰিলে৷ তেওঁৰ সম্পৰ্কীয় সকলো কইনা আনিবলৈ গাড়ীত উঠিল৷ ইফালে কইনাৰ দেউতাকে ডেৰশৰ বাবেহে খাদ্য যোগাৰ কৰিছিল৷ সেয়ে বৰযাত্ৰীৰ গাড়ী দেখি কইনাৰ দেউতাৰ মূৰে কাম নকৰা হ’ল৷ তেওঁ অৱশ্যে এক মুহূৰ্তও চিন্তা নকৰাকৈ মাংস গোটোৱাৰ চেষ্টা কৰিলে৷ আগতে ৰান্ধি থোৱা মাংসৰে সকলোকে খুৱাব পৰা নাযাব বুলি জানি কইনাৰ দেউতাকে গোটালে মাংস৷ কিন্তু আধাঘণ্টাৰ ভিতৰতে সকলোৰে বাবে মাংস ৰান্ধি খুওৱাটো কাৰিকৰৰ বাবে আছিল অসম্ভৱ৷ খাবলৈ সোমোৱা লোকসকল বহিলেই, ইফালে কেৰাহীত মাংস সিজাই নাছিল৷ সেয়ে কইনাৰ দেউতাকক কাৰিকৰে এবিধ সামগ্ৰী গোটাই দিবলৈ অনুৰোধ কৰিলে৷ উপায়ন্তৰ হৈ কইনাৰ পিতৃয়েও কাৰিকৰক গোটাই দিলে এটোপোলা হিং৷ কাৰিকৰে মাংসত হিং দি থিতাতে ৰান্ধি খুৱালে৷ চিলনীৰ জীয়েকৰ দৰে হাতৰ পাকতে মাংস সিজাই বৰযাত্ৰীক পৰিৱেশন কৰিলে৷ তাৰ পিছত কিন্তু বৰযাত্ৰী গাড়ীত উঠিব নোৱাৰা হ’ল৷ সকলোৱে পেণ্ট খুলি দৌৰ মাৰিলে৷
হিং দিয়া মাংস খোৱাৰ ফলত বৰযাত্ৰীৰ অৱস্থা বেয়া হৈ গ’ল৷ কইনাৰ সৈতে দৰাই সাত জনম কটোৱাৰ প্ৰতিজ্ঞা কৰি বৰমাল্য বিনিময় কৰিলে৷ ইফালে বৰযাত্ৰীয়ে পেণ্ট খুলি তৎ নোপোৱা হ’ল৷ বৰযাত্ৰীয়ে কইনাঘৰৰ পৰা প্ৰস্থানো কৰিব নোৱাৰাত পৰিল৷ কাৰণ হিং দিয়া মাংস খোৱাৰ ফলত প্ৰতি জন লোকৰে হ’ল হাগনী৷ তেওঁলোকে পেণ্ট পিন্ধিব নোৱাৰাকৈ পায়খানা কৰিলে৷ কইনাঘৰৰ কাষত থকা নদীৰ পাৰলৈ শতাধিক লোকে একেলগে দৌৰ মাৰিলে৷ প্ৰত্যেকে পেণ্ট খুলি কোনোমতে নৈৰ পাৰত বহি পায়খানা কৰিলে৷ কইনাৰ দেউতাকে বৰযাত্ৰীৰ অৱস্থা দেখি মূৰে-কঁপালে হাত দিলে৷ মাৰ খাই বুলি তাৰ পৰা ততালিকে পলায়ন কৰিলে কাৰিকৰে৷ ইফালে পায়খানা কৰি কৰি উঠিব নোৱাৰা হ’ল বৰযাত্ৰী৷
এই ঘটনাটো বিহাৰৰ কাটিহাৰ জিলাত সংঘটিত হ’ল৷ পিছত অৱশ্যে বৰযাত্ৰীক নদীৰ পাৰৰ পৰা উঠাই নি ঘৰতে পায়খানা কৰাৰ সুবিধা দিলে কইনাৰ দেউতাকে৷ হিং দি মাংস সিজালে যে বৰযাত্ৰীৰ পেটৰ অৱস্থা কাহিল হৈ পৰিব সেইটো কইনাৰ দেউতাকে জনা নাছিল৷ সেয়ে কাৰিকৰে খোজাৰ দৰে তেওঁ হিং গোটাই থিতাতে মাংস সিজাই দিবলৈ দিছিল৷ কিন্তু বৰযাত্ৰীৰ অৱস্থা দেখি কইনাৰ দেউতাকৰ মূৰত পানী ঢালিবলগীয়া হ’ল৷ পায়খানা কৰি কৰি বিয়াৰ পিছদিনা কইনাঘৰ শৌচেৰে ওপচাই পেলালে বৰযাত্ৰীয়ে৷
অৱশেষত কইনাৰ পিতৃয়ে গাড়ী ভাৰা কৰি বৰযাত্ৰীক হস্পিতেলত ভৰ্তি কৰিবলগীয়া হ’ল৷ কেবাজনকো তেওঁ ঘৰতে দিয়ালে চেলাইন৷ পায়খানা কৰি কৰি দুৰ্বল হৈ পৰা বৰযাত্ৰীক কান্ধত তুলি লোকজনে গাড়ীত উঠাবলগীয়া অৱস্থা হ’ল৷ হিং দিয়া মাংস খাই অৱস্থা কাহিল হোৱা বৰযাত্ৰীয়ে দেখিলে ত্ৰিভুবন৷



