ঘৈনিয়েকৰ কাৰণে একো কাম কৰিব নোৱাৰে মানুহজনে
পত্নীয়ে তেওঁক প্ৰতিটো কথাতে সন্দেহ কৰে৷ ইমান সন্দেহবাদী পত্নীৰ সৈতে সংসাৰ কৰি অতিষ্ঠ হৈ পৰিছিল লোকজন৷ শেষত তেওঁ কৰিলে পৰকীয়া প্ৰেম৷ পত্নীৰ কথা পাহৰি প্ৰেমিকাৰ বুকুৰ উম ল’ব ধৰিলে ৫০ বছৰীয়া লোকজনে৷ কিন্তু তেতিয়াও তেওঁৰ পত্নী সাৱধান হৈয়েই আছিল৷ গতিকে শেষত আজি তেওঁ পত্নীক গাড়ীৰে খুন্দিয়াই দিবলগীয়া হ’ল৷ গিৰিয়েকক পৰকীয়া প্ৰেম কৰি থাকোতে ধৰা পেলাবলৈ যোৱা মহিলাগৰাকী গাড়ীৰ বনেটত উঠিল৷ এইটো ঘটনা অসমত হোৱা নাই৷ উত্তৰ প্ৰদেশৰ মীৰাটৰ মহিলাগৰাকীক স্বামীয়ে গাড়ীৰে খুন্দিয়াই দিলে৷ কথমপি বাচিল সন্দেহবাদী মহিলাগৰাকী৷
গিৰিয়েকে যে তলে তলে কিবা এটা গণ্ডগোল কৰিছে সেইটো জানিছিল পত্নীয়ে৷ সেয়ে তেওঁ তদন্ত চলাই আছিল৷ সৰ্বশেষত তেওঁ স্বামীক ধৰিলে৷ মীৰাট নগৰৰে এটা নিৰ্জন স্থানত তেওঁৰ স্বামী পৰকীয়া প্ৰেমিকাৰ সৈতে গাড়ীত বহি আছিল৷ প্ৰেমিকাই বুকুৰ উম দিছিল তেওঁৰ স্বামীক৷ কাষতে ৰৈ কামলীলা চাই আছিল মহিলাগৰাকীয়ে৷ এটা সময়ত তেওঁ ধৈৰ্য ধৰিব নোৱাৰিলে৷ মহিলাগৰাকী স্বামীয়ে ৰখাই থোৱা গাড়ীৰ বনেটত বহিল৷ পত্নী বনেটত উঠাৰ পিছতহে ড্ৰাইভিং ছিটত বহি থকা স্বামীৰ দৃষ্টিগোচৰ হ’ল৷ তেওঁ তাৰ পৰা যিকোনো প্ৰকাৰে পলায়নৰ চেষ্টা কৰিলে যদিও পলোৱাৰ এতিয়া কোনো উপায় নাছিল৷
লোকজনে গাড়ী চলাই তাৰ পৰা যাবও নোৱাৰা হ’ল৷ কাৰণ গাড়ীৰ বনেটত বহি আছিল তেওঁৰ পত্নী৷ শেষত তেওঁ যি হয় হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিলে৷ পত্নী বনেটত বহি থকা অৱস্থাতে গাড়ী চলাই দিলে লোকজনে৷ তেওঁ ফুল স্পীডত গাড়ী দৌৰালে৷ ইফালে বনেটত বহি নিজক চম্ভালিব নোৱাৰা হ’ল মহিলা গৰাকীয়ে৷ তেওঁ ক্ৰমে পিছলৈ যাব ধৰিলে৷ গাড়ী ৰখাবলৈ স্বামীক বনেটৰ পৰাই নিৰ্দেশ দিলে৷ কিন্তু আঁকোৰগোজ লোকজনে গাড়ীৰ স্পীড বঢ়াইহে দিলে৷ তেতিয়া অৱশ্যে ট্ৰেফিক পুলিচে ৰখালে গাড়ীখন৷
মীৰাটৰ ৰাজপথত ঘটনাটো সংঘটিত হোৱাৰ পিছত মহিলাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিলে৷ তাৰ পিছতহে তেওঁ ব্যাখ্যা কৰিলে ঘটনাৰ সবিশেষ৷ মহিলাগৰাকীয়ে দূৰৰ পৰা চাই থাকোতে তেওঁৰ স্বামীক প্ৰেমিকাই আলিংগন কৰিছিল৷ তাৰ পিছত গাড়ীৰ পৰা নামি প্ৰেমিকাৰ বাবে স্বামীয়ে কিনিছিল ১ প্লেট মম’৷ স্বামীয়ে নিজহাতেৰে প্ৰেমিকাক মম’ খুৱাই দিছিল৷ তেতিয়া ধৈৰ্যৰ বান্ধ ছিগি গ’ল মহিলাগৰাকীৰ৷ তেওঁৰ স্বামীয়ে আনক মম’ খুওৱা দেখি মহিলাগৰাকীয়ে পোনছাটেই গাড়ীৰ বনেটৰ ওপৰত বহি ল’লে৷
এইবাৰ তেওঁ বহুসময় স্বামীক চাই থাকিল৷ কিন্তু প্ৰেমিকাক মম’ খুওৱাত ব্যস্ত লোকজনে বনেটত বহি থকা পত্নীক লক্ষ্য কৰা নাছিল৷ এপাকত পত্নীক দেখি লোকজনৰ অৱস্থা বেয়া হৈ গ’ল৷ তেওঁ একো উপায় নাপাই গাড়ীখন চলাই দিলে৷ পৰকীয়া প্ৰেম কৰিবলৈ গৈ লোকজন আৰক্ষীৰ হাতত ধৰা পৰিবলগা হ’ল৷ তেওঁৰ প্ৰেমিকাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ দুয়োৰে বিৰুদ্ধে কঠোৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ এই ঘটনাটো মীৰাটত হৈ পৰিছে চৰ্চিত৷ প্ৰেমিকাৰ সৈতে মম’ পাৰ্টী কৰিবলৈ গৈ বিপদত পৰা লোকজন বৰ্তমান ৰঙাঘৰৰ আলহী৷ এদিন প্ৰেমিকক মম’ খুৱাই দিয়াৰ চখ পূৰণ কৰিবলৈ গৈ তেওঁ জে’লত থাকিবলগীয়া অৱস্থা হৈছে৷ পৰকীয়া প্ৰেম কৰা স্বামীক ঘৈনিয়েকে ভালকৈয়েই দিছে এসেকা৷



