আগলৈ পৰিণাম ভোগ কৰিব লাগিব অসমৰ মহিলাই

পূজাৰ সময়ত ঋতুস্ৰাৱ ৰোধ কৰা টেবলেটৰ বিক্ৰী
টেবলেট খাই যুৱতীৰ মৃত্যু
পূজাৰ আনন্দোৎসৱ উপভোগ কৰিবলৈ সাজু হওতেই শৰীৰে দিলে ইংগিত৷ পূজা চাই বয়ফ্ৰেণ্ডৰ সৈতে ঘূৰি ফুৰাৰ বাবে সাজু হোৱা যুৱতীগৰাকীৰ ইচ্ছা পূৰণ নহ’ল৷ পূজাৰ আৰম্ভণিতে তেওঁ ৰজস্বলা হ’ল৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে টেবলেট খাইছে অসমৰ যুৱতীয়ে৷ হঠাতে অসমত বৃদ্ধি পাইছে পিৰিয়ডছ ৰোধ কৰা টেবলেটৰ বিক্ৰী৷ খবৰ অনুসৰি ঋতুস্ৰাৱ ৰোধক টেবলেট খাই বিহাৰত মৃত্যু ঘটিছে তিনিগৰাকী যুৱতীৰ৷ তেওঁলোকৰ আকস্মিক মৃত্যুৰ কাৰণ টেবলেটৰ ফলত হোৱা অবিৰত ৰক্তক্ষৰণ বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷ কিন্তু ইমান ভয়াৱহতাৰ পিছতো পূজাৰ আনন্দ উপভোগ কৰিবলৈ টেবলেট খাইছে অসমৰ নাৰীকুলে৷ পাইকাৰী দৰৱ যোগনিয়াৰে প্ৰকাশ কৰা অনুসৰি মাহেকীয়া ঋতুস্ৰাৱ বিলম্বিত কৰিবলৈ টেবলেট খোৱা যুৱতীৰ সংখ্যা এইবাৰ সৰ্বকালৰ ভিতৰতে বেছি৷ আগতেও উৎসৱৰ বতৰত আনন্দৰ পৰা বঞ্চিত নহ’বলৈ মহিলাসকলে টেবলেট খাইছিল৷ কিন্তু এইবাৰ শাৰদীয় উৎসৱৰ সময়ত কেবালাখ টকাৰ কেপছুল বিক্ৰী হৈছে৷ অসমৰ মহিলাই সৰ্বাধিক খোৱা টেবলেট হৈছে নৰ্থেষ্টেৰন৷ এইবিধ টেবলেট প্ৰায়ে চিকিৎসকে খাবলৈ দিয়ে৷ কিন্তু অসমৰ মহিলাই প্ৰেছক্ৰিপশ্যনত নিদিয়াকৈ নিজে নৰ্থেষ্টেৰন খাই পূজালৈ আজৰি হৈ আছে৷ এই টেবলেটবিধে মাহেকীয়া ঋতুস্ৰাৱ চাৰিদিনপৰ্যন্ত বিলম্ব কৰিব পাৰে৷
মেট্ৰন, প্ৰাইমলুট এন, ৰেগুলন আদি টেবলেটো অসমত সৰ্বাধিক মাত্ৰাত বিক্ৰী হৈছে৷ মাহেকীয়া বিলম্ব কৰিবলৈ টেবলেট কিনা বেছিভাগ মহিলা অবিবাহিত৷ তেওঁলোকে পূজাৰ সময়ত পেণ্ডেলে পেণ্ডেলে ঘূৰি ফুৰাৰ পৰা যাতে বঞ্চিত নহয় সেয়ে টেবলেট খাইছে৷ কিন্তু তিনিদিনীয়া আনন্দৰ বাবে খোৱা টেবলেটে শৰীৰৰ স্থায়ী ক্ষতি কৰিব৷ কেবাশ মহিলাই অতিপাত শক্তিশালী ডুপাষ্টন টেবলেটো খাইছে৷ যিটো খালে হৰমন’নজনিত বিসংগতি হোৱাটো অৱধাৰিত৷ চিকিৎসকে প্ৰকাশ কৰা অনুসৰি পিৰিয়ডছ বন্ধ কৰিবলৈ খোৱা টেবলেটে মহিলাৰ সন্তান ধাৰণ কৰাৰ ক্ষমতা হ্ৰাস কৰে৷ এই টেবলেটে হৰম’ন নি:সৰণ একেবাৰে কমাই পেলায়৷ ফলত এবাৰ টেবলেটে ভালকৈ কাম কৰে যদিও পিছলৈ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পৰে৷
তাৰোপৰি এবাৰ টেবলেটটো খোৱাৰ পিছত পেটৰ বিষ হোৱাটো খাটাং৷ মেট্ৰন নামৰ টেবলেটটোৱে বিষৰ লগতে বমিৰ ভাৱ জন্মায়৷ গতিকে পূজা চাই থাকোতেই যুৱতীসকল শাৰিৰীক সমস্যাত আক্ৰান্ত হ’ব পাৰে৷ তাৰোপৰি ঋতুস্ৰাৱ বিলম্ব কৰা টেবলেট লৈছে জৰায়ুৰ কেন্সাৰৰ অন্যতম কাৰণ৷ এই কেপছুলে জৰায়ুৰ অসম্ভৱ ক্ষতি কৰে৷ চিকিৎসকে প্ৰকাশ কৰা অনুসৰি হৰম’নৰ বিসংগতিৰ বাবে এইবোৰ টেবলেটে স্তন কেন্সাৰৰ আশংকাও বৃদ্ধি কৰে৷ পিৰিয়ডছ বিলম্ব কৰা টেবলেট এটা খালেও স্তনত টেমুনাৰ সৃষ্টি হোৱাৰ আশংকা আছে৷ সেয়ে চিকিৎসকে অতিপাত প্ৰয়োজনীয় নহ’লে টেবলেট খোৱাত বাধা দিয়ে৷
কিন্তু অসমৰ মহিলাই বিপদৰ বিষয়ে চিন্তা কৰা নাই৷ পূজাৰ সময়ত বয়ফ্ৰেণ্ডৰ সৈতে এনজয় কৰাৰ বাবে বহুতে বৰবিহৰ দৰে টেবলেট খাইছে৷ প্ৰসাদৰ নিচিনাকৈ পিৰিয়ডছ বিলম্ব কৰা টেবলেট খাই পূজা চাব ঠিকেই পাৰিব, কিন্তু পৰিণাম অনাগত সময়ত ভোগ কৰিব লাগিব৷ বিক্ৰেতাই প্ৰকাশ কৰা অনুসৰি পিৰিয়ডছ বিলম্ব কৰা টেবলেটৰ ষ্টক শেষ হৈছে৷ আকৌ অনা হৈছে ১৪ লাখ টকাৰ টেবলেট অনা হৈছে৷