শ্মশানৰ চণ্ডালে বিক্ৰী কৰে কাপোৰ-জোতা

মৃতকৰ কাপোৰ পিন্ধিছে অসমৰ গ্ৰাহকে
ডিছকাউণ্টত বিক্ৰী কৰা কাপোৰ মৰিশালিৰ পৰা সংগ্ৰহ কৰিছে কাপোৰ বেপাৰীয়ে
ৰাস্তাৰ কাষতে যে ডিছকাউণ্টত বিক্ৰী কৰা কাপোৰবোৰ ক’ৰ পৰা অহা বুলি ভাবিছে? সেইবোৰ কোনোবা কোম্পানীয়ে সস্তাতে বিক্ৰী কৰিবলৈ উৎপাদন কৰা বুলি ভাবিছে নেকি? নহয়, সেইবোৰ ফেক্টৰীৰ পৰা পোনপটীয়াকৈ দোকানলৈ অহা নাই৷ দৰাচলতে দেশৰ বস্ত্ৰ ব্যৱসায়ীয়ে মৰিশালিৰ পৰা সংগ্ৰহ কৰা বস্ত্ৰ ড্ৰাই ক্লিন কৰি ডিছকাউণ্টত বিক্ৰী কৰিছে৷ ধোৱা আৰু ইস্ত্ৰী কৰাৰ খৰচ মিলাই কম দামতে গ্ৰাহকক কাপোৰবোৰ বিক্ৰী কৰিছে বেপাৰীয়ে৷ মৰিশালিৰ কাপোৰ বিক্ৰী কৰাৰ ব্যৱসায় প্ৰধানত: ইন্দোৰৰ পৰা চলি আছে৷ মধ্যপ্ৰদেশৰ চহৰখনত বেপাৰীয়ে সংগ্ৰহ কৰিছে মৃতকৰ কাপোৰ৷ মণিকৰ্ণিকা অথবা বিহাৰৰ গয়াৰ দৰে এলেকাত মৃতদেহ দাহ কৰা লোকসকলে মৃতকে ব্যৱহাৰ কৰা সকলো বস্ত্ৰ দান দিয়ে৷ হিন্দু পৰিয়ালে মৃতকৰ কাপোৰ শ্মশানতে জ্বলাই দিবলৈ চণ্ডালক দি থৈ যায়৷ কিন্তু সেইবোৰ চণ্ডালে পুৰি নেপেলায়৷ তাৰ পৰিৱৰ্তে চণ্ডালে কাপোৰৰ ব্যৱসায়ীক মৃতকৰ বস্ত্ৰ বিক্ৰী কৰে৷ ছ্যুট-পেণ্টৰ পৰা আদি কৰি গেঞ্জীপৰ্যন্ত মৃতকৰ সকলো কাপোৰ চণ্ডালে ইন্দোৰৰ ব্যৱসায়ীক বেচি দিয়ে৷ ইন্দোৰৰ এটা বৃহৎ কাৰখানাৰ এজেণ্টে মৃতদেহ দাহ কৰা ঘাটৰ পৰা সংগ্ৰহ কৰে মৃতকৰ কাপোৰ৷ সেইবোৰ পোনপটীয়াকৈ ৰে’লযোগে ইন্দোৰলৈ নিয়া হয়৷ মধ্যপ্ৰদেশৰ ফেক্টৰীত মৃতকৰ কাপোৰ ড্ৰাই ক্নিন আৰু ইস্ত্ৰী কৰি নতুনৰ দৰে কৰি তোলা হয়৷ অচিনাকী মৃতকৰ কাপোৰ পৰিষ্কাৰ কৰি ডিছকাউণ্টত বিক্ৰী কৰে ব্যৱসায়ীয়ে৷
এই কাপোৰবোৰেই অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হয়৷ অসমৰ ফাঁচীবজাৰত এইবাৰ ডিছকাউণ্টত বিক্ৰী হোৱা বেছিভাগ কাপোৰেই মধ্যপ্ৰদেশৰ পৰা আহিছে৷ গেঞ্জী-জাঙিয়াৰ পৰা আদি কৰি ব্লেজাৰপৰ্যন্ত সকলোধৰণৰ কাপোৰেই ডিছকাউণ্টত এৰি দিছে ব্যৱসায়ীয়ে৷ কিন্তু সেইবোৰ কোনোবা ফেক্টৰীত উৎপাদন কৰি পোনপটীয়াকৈ বজাৰলৈ প্ৰেৰণ কৰা বুলি ভাবি ভুল নকৰিব৷ অসমৰ বজাৰত ডিছকাউণ্টত বিক্ৰী কৰা বেছিভাগ চাফা কাপোৰ হৈছে মণিকৰ্ণিকা ঘাটৰ৷ অনবৰতে চিতা জ্বলি থকা গংগাৰ এই ঘাটত চণ্ডালে নিতৌ হাজাৰ হাজাৰ টকাৰ কাপোৰ বিক্ৰী কৰে৷ মৃতকৰ পৰিয়ালে পুৰি পেলোৱাৰ বাবে গতাই দিয়া কাপোৰবোৰ চণ্ডালৰ পৰা কিনিবলৈ ৰৈ থাকে ইন্দোৰৰ ব্যৱসায়ীৰ এজেণ্ট৷
পুৰুষ-মহিলা বুলি একো কথা নাই৷ মণিকৰ্ণিকা আৰু গয়াৰ শ্মশানৰ পৰা যিকোনোধৰণৰ কাপোৰেই ক্ৰয় কৰিব পাৰি৷ তাৰ বাবে শ্মশানৰ চণ্ডালৰ সৈতে যোগাযোগ কৰিব লাগে৷ চণ্ডালে যিকোনো ছাইজৰ কাপোৰ গ্ৰাহকক বিক্ৰী কৰে৷ তেওঁলোকক প্ৰতিদিনে কেবাশ মৃতকৰ পৰিয়ালে কাপোৰ দিয়ে৷ পৰিয়ালে প্ৰায়ে চিতাৰ লগতে মৃতকে ব্যৱহাৰ কৰা কাপোৰ অথবা ছেণ্ডেল জ্বলাই দিব বিচাৰে৷ কিন্তু সেইবোৰ সুকীয়াকৈ জ্বলোৱা হ’ব বুলি ৰাখি থয় চণ্ডালে৷ মাজতে বিহাৰৰ এজন যুৱকে মৃত পিতৃৰ ছেণ্ডেলেই আকৌ বজাৰত দেখি আশ্বৰ্য প্ৰকাশ কৰিছিল৷ তেওঁ অনুসন্ধান কৰাতহ পোহৰলৈ আহিল ইন্দোৰৰ পৰা চলি থকা মৃতকৰ বস্ত্ৰৰ বজাৰখন৷ তথ্য অনুসৰি কাপোৰৰ উপৰি মৃতকৰ জোতা-ছেণ্ডেলো শ্মশানৰ বিক্ৰী কৰে৷
চণ্ডালৰ হাতত অনবৰতে থাকে কাপোৰ আৰু ছেণ্ডেলৰ ভাণ্ডাৰ৷ ইন্দোৰৰ ব্যৱসায়ীয়ে যোগাযোগ কৰিলেই তেওঁলোকে সামগ্ৰী বিক্ৰী কৰিব পাৰে৷ সেইবোৰ মেচিনেৰে চাফা কৰি আমাক কমদামতে বিক্ৰী কৰা হয়৷