দৰৱত দিবলৈয়ো অসমীয়াৰ এখনো দোকান নাই
পূজাৰ বজাৰত কেৱল হিন্দীভাষী অনা-অসমীয়াৰ ৰাজত্ব
অসমৰ অসমীয়াই কেৱল পূজা চাবলৈ আৰু খাবলৈহে গৈছে৷ নিজৰ ৰাজ্যৰ কোনো শাৰদীয় ব্যৱসায়ত অসমীয়াৰ অংশীদাৰিত্ব নাই৷ গুৱাহাটীৰ কথা বাদেই দিয়ক, ডিব্ৰুগড়ৰ দৰে চহৰতো অসমীয়াৰ দখলত নাই পূজাৰ বজাৰ৷ আপুনি যদি পূজা চাই অসমীয়া দোকানীৰ পৰা জিলাপী কিনিম বুলি ভাবে তেন্তে ডিব্ৰুগড়ত লঘোণে থাকিব লাগিব৷ কাৰণ গোটেই চহৰখনত এজনো মিঠাই বিক্ৰেতা অসমীয়া নহয়৷ বেলুনৰ পৰা আদি কৰি পুতলা বন্দুক বিক্ৰী কৰা সকলো বিহাৰী অথবা মাৰোৱাৰী ব্যৱসায়ী৷ য’তে ত’তে দোকান খুলি তেওঁলোকে পূজাৰ বজাৰ পাতিছে৷ ধুনীয়া কাপোৰ পিন্ধি পূজা চাবলৈ যোৱা লোকেল অসমীয়াই তেওঁলোকৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে৷ আনকি পূজাত অসমীয়া ব্যৱসায়ীৰ ঘুগুনি-পকৰীৰো দোকান নাই৷ ইছলামধৰ্মী বিহাৰী ব্যৱসায়ীয়ে পূজাত মিঠাইৰ দোকান দিছে৷ জিলাপী-বুন্দিয়াৰ পৰা আদি কৰি খুৰ্মাপৰ্যন্ত আটাইবোৰ বিহাৰী কাৰিকৰে বিক্ৰী কৰিছে৷ অসমীয়াই পইচা ভৰি মিঠাই খাই আছে৷
উদাহৰণস্বৰূপে ডিব্ৰুগড়ৰ জালুকপাৰাৰ কথাই ক’ব পাৰি৷ সেই এলেকাটো ডিব্ৰুগড় চহৰৰ ব্যৱসায়িক অলিন্দ৷ তাত পূজাৰ উপলক্ষত বহিছে বিশাল বজাৰ৷ স্বাভাৱিকতে পূজাৰ সময়ত জালুকপাৰা লোকে লোকাৰণ্য হৈ পৰিছে৷ কিন্তু তাত যদি আপুনি কোনাবা দোকানীৰ সৈতে অসমীয়াত কথা পাতে তেন্তে তেওঁ বুজি নাপাবও পাৰে৷ কাৰণ জালুকপাৰাত অসমীয়া ব্যৱসায়ীৰ সংখ্যা তেনেই কম৷ জালুকপাৰাত দোকান দিয়া বেছিভাগ হৈছে বিহাৰী৷ বাঙালী ব্যৱসায়ীয়েও জালুকপাৰাত খেলনাৰ বেহা কৰিছে৷ খাদ্য বিক্ৰী কৰাসকলো বিহাৰী৷ কিছুদিন পূৰ্বে অসমলৈ অহা বিহাৰীয়েও তাত দিছে দোকান৷ গতিকে পূজা চাবলৈ গৈ বেলুন এটা কিনিবলৈ মন কৰিলেও আপুনি জালুকপাৰাৰ দোকানীৰ সৈতে হিন্দীত কথা পাতিব লাগিব৷ পূজাৰ বতৰত অসমীয়াত কথা কওঁ বুলি ভাবিলে জালুকপাৰাত একো কিনিবলৈ নাপাবও পাৰে৷
ডিব্ৰুগড় চহৰৰ আনপ্ৰান্ততো একেই অৱস্থা৷ জাতীয় সংগঠনৰ ভয়ত সকলো দোকানীয়ে দোকানৰ আগত বৰ বৰ হৰফেৰে জয় আই অসম বুলি লিখি থৈছে ঠিকেই৷ কিন্তু দোকানীয়ে ভুলতো অসমীয়াত ক’ব নাজানে৷ তেওঁলোকৰ সৈতে পূজাৰ বজাৰতো গ্ৰাহকে হিন্দীত কথা পাতিব লাগিব৷ ডিব্ৰুগড়ৰ পল্টন বজাৰত পূজাৰ বাবে সহস্ৰাধিক অস্থায়ী দোকান বহিছে৷ তাত অসমীয়া ভাষা প্ৰায় নচলাৰ দৰে৷ কাৰণ কোনো দোকানীয়েই ভালকৈ ক’ব নাজানে ৰাজ্যভাষা৷ ব্যৱসায়ৰ খাতিৰত নিজকে অসমীয়া বুলি দাবী কৰা চতুৰ হিন্দীভাষীয়ে গ্ৰাহকৰ সৈতে অসমীয়াত কথা নাপাতে৷ মুঠতে দৰৱত দিবলৈয়ো আপুনি বিচাৰি নাপায় অসমীয়া বেপাৰী৷ পূজাৰ বজাৰত সামগ্ৰী বিক্ৰী কৰিবলৈ অসমত উপস্থিত হৈছে বিহাৰীৰ দল৷
বহুদিন অসমতে থাকি বেপাৰ কৰি থকা বিহাৰীয়ে পূজাত অধিক লাভ উপাৰ্জন কৰিবলৈ ঘৰৰ পৰা আত্মীয়ক মাতি পঠিয়াইছে৷ জালুকপাৰাৰে শ্বাহ উপাধিৰ এজন লোকে ভতিজাক আৰু এজন যুৱকক ঘৰৰ পৰা কিছুদিনৰ বাবে আনিছে৷ তেওঁলোকক পূজাত ধন উপাৰ্জন কৰিবলৈ খুলি দিছে অস্থায়ী দোকান৷ এই দোকানৰ বাবে ভাৰা দিবলগীয়া হৈছে৷ একেদৰে পূজাত জিলাপী বিক্ৰী কৰিবলৈয়ো আহিছে বিহাৰৰ বেপাৰী৷ তেওঁলোকৰ পৰা দাম ভৰি অসমৰ যুৱক-যুৱতীয়ে মিঠাই খাব লাগিব৷ ক’ব লাগিব হিন্দীভাষা৷



