বেছিকৈ কি বিক্ৰী হৈছে ভাবি চাওক

পূজা চাবলৈ অসমৰ অসমীয়া যাব
তাৰ ফলত লাভ হ’ব পশ্চিমবংগ আৰু ৰাজস্থানী কোম্পানীৰ
অসমীয়াই যিমান খৰচ কৰে তাৰ বেছিভাগেই বৰ্হিৰাজ্যলৈ যায়৷ গাঁৱত ঘূৰি ফুৰা অনলাইন ডেলিভাৰী এজেণ্টে যিমান সামগ্ৰী দি ফুৰিছে তাৰ ফলত লাভৱান হৈছে বাহিৰৰ কোম্পানী৷ বিশেষকৈ ৰাজস্থানৰ কোম্পানীয়ে কোটি কোটি টকাৰ লাভ কৰিছে৷ মহাৰাষ্ট্ৰৰ বস্ত্ৰ কোম্পানীয়েও পূজাৰ বতৰত অসমৰ পৰা সাংঘাতিক লাভ আৰ্জন কৰিছে৷ পূজাৰ বজাৰখনত কেৱল অসমীয়াহে হৈছে গ্ৰাহক৷ বাকী সকলো ৰাজ্যই পূজাৰ উপলক্ষত লাভেই কৰিছে৷ কিন্তু অসমীয়াই আনে উৎপাদন কৰা সামগ্ৰী ক্ৰয় কৰোতেই দিন গৈছে৷ আমি লাভ কৰা খবৰ অনুসৰি এইবাৰ বিক্ৰী কম হ’ব বুলি আশংকা কৰি ই-কমাৰ্চ কোম্পানীয়ে পূৰ্বৰ তুলনাত সামগ্ৰী সৰবৰাহ হ্ৰাস কৰিছিল৷ কিন্তু অসমত বিক্ৰী কম নহ’ল৷ পূজাৰ বতৰত কুৰ্তি লোৱা মহিলাৰ সংখ্যা বৃদ্ধিহে পালে৷ সাঁচি থোৱা পইচা অসমৰ মহিলাই পূজাৰ বতৰত খৰচ কৰিছে৷ এটা কোম্পানীৰ তথ্য অনুসৰি তিনিদিনৰ ভিতৰত তেওঁলোকে ১১ লাখ টকাৰ কুৰ্তি কেৱল এখন চহৰতে বিক্ৰী কৰিছে৷ উজনি অসমৰ চহৰখনত জিকমিকাই থকা মুকুতা লগোৱা কুৰ্তিৰ চাহিদা সৰ্বাধিক৷
আনবোৰ ঠাইতো সৰ্বাধিক বিক্ৰী হোৱা সামগ্ৰী হৈছে শাড়ী৷ বাঙালী ডিজাইনৰ শাড়ী পৰিধান কৰি পূজা চাবলৈ যোৱাৰ বাবে অসমীয়া মহিলাই পৰিকল্পনা কৰিছে৷ সেইবাবে অনলাইন বজাৰত বিচাৰি ফুৰিছে ৰঙা শাড়ী৷ পূৰ্বে কেৱল বাঙালী মহিলাইহে পিন্ধা শাড়ী অসমৰ যুৱতীয়ে কমদামতে পাই ক্ৰয় কৰিছে৷ এই শাড়ীবোৰ কলকাতাৰ ফেক্টৰীত উৎপাদিত৷ গতিকে বিক্ৰী বঢ়াৰ লগে লগে লাভৱান হৈছে বংগৰ বেপাৰী৷ তাৰোপৰি পূজাৰ বতৰত অনলাইন বজাৰত ঘৰুৱা সামগ্ৰী কমদামত বিক্ৰী কৰা হৈছে৷ ফলত অসমত গ্ৰাহকৰ পৰিমাণ বৃদ্ধি পাইছে৷ প্ৰাপ্ত তথ্য অনুসৰি অসমীয়া যুৱতীৰ নতুন পছন্দ হৈছে লং চেমিজ৷ মাজতে নাৰীকুলৰ মাজত লং চেমিজৰ প্ৰচলন নোহোৱা হৈছিল৷ কিন্তু ফেশ্যনৰ বাবে আকৌ লং চেমিজৰ বিক্ৰী বাঢ়িছে৷ চেমিজ পিন্ধি ঘৰত উঠা ফটো ফে’চবুকত প’ষ্ট কৰিছে কনটেণ্ট ক্ৰিয়েটৰে৷
তাৰোপৰি মেক-আপ কিটৰ বিক্ৰীও ক্ৰমাৎ বৃদ্ধি পাইছে৷ বিভিন্ন সামগ্ৰী বজাৰত কমদামতে এৰি দিয়া হৈছে৷ মুখত ঘঁহা সামগ্ৰীৰ চাহিদা ফ্লিপকাৰ্টত ৭০ শতাংশ কম দামত দিয়া হৈছে৷ ক্লিনজাৰ আৰু স্ক্ৰাব কৰা উপকৰণৰো দাম পূজাৰ বজাৰত হ্ৰাস পাইছে৷ গতিকে অসমৰ মহিলা উৰুলিপুঙা হৈ পৰিছে৷ এই সামগ্ৰীবোৰ বজাৰৰ দামতকৈ কমতে পাই মোবাইল টিপি অৰ্ডাৰ দিয়েই আছে অসমৰ নাৰীকুলে৷ অৱশ্যে এইবাৰ ঘৰৰ বাবে প্ৰয়োজনীয় কিছুমান বস্তুৰ দাম কমা নাই৷ প্ৰধানত: কাপোৰৰহে হৈছে ডিছকাউণ্ট৷
খবৰ অনুসৰি নাৰীকুলে অনলাইন বজাৰৰ পৰা ক্ৰয় কৰা সামগ্ৰীৰ অন্যতম হৈছে বডীকন ড্ৰেছ৷ পূৰ্বে অসমৰ যুৱতীয়ে শৰীৰৰ ভাঁজ প্ৰকট কৰি তোলা ড্ৰেছ পিন্ধিবলৈ লাজ কৰিছিল৷ আজিকালি পূজা চাবলৈ যোৱাৰ বাবে অসমৰ যুৱতীয়ে বডীকন ড্ৰেছহে পছন্দ কৰে৷ বজাৰত চাহিদা বৃদ্ধিৰ লগে লগে ৰাজস্থানৰ পৰা অসমলৈ কোটিটকাৰ বডীকন ড্ৰেছ অনা হৈছে৷ ডেলিভাৰী এজেণ্টে ঘৰে ঘৰে যোগাৰ দি ফুৰিছে ছেক্সী বডীকন ড্ৰেছ৷ গতিকে পূজা চাবলৈ যোৱাৰ বাবে সাজু হৈছে অসমৰ যুৱতী৷ পূজাৰ বজাৰত সকলোৱে কৰিছে লাভ৷ কিন্তু অসম এইখন বজাৰত কেৱল ক্ৰেতাহে৷ গ্ৰাহক হৈ কিনিছে দৰকাৰী সামগ্ৰী৷