নাই নাই, দুহেজাৰ টকাত মই যাব নোৱাৰিম
এক ৰাতিৰ বাবে মোক মিনিমান চাৰে তিনি হাজাৰ টকা লাগিবই
গুৱাহাটীৰ এঠাইত থিয় হৈ থাকিলে আপুনি শুনি থাকিব এনেকুৱা বাৰ্তালাপ৷ অচিন সুন্দৰীয়ে মুখত উগ্ৰ প্ৰসাধন সানি তাত গ্ৰাহকৰ বাবে ৰৈ থাকে৷ নতুন গ্ৰাহকে অৱশ্যে বেশ্যাৰ সৈতে বাৰ্গেইনিং নকৰে৷ দাম যিমান কয় সিমানেই দিম বুলি নৱাগত কাষ্টমাৰে নিশাটোৰ বাবে বেশ্যাক বুকিং কৰে৷ কিন্তু গণেশগুৰিৰ ভাৰ্জিন চ’কলৈ যোৱা বেছিভাগ গ্ৰাহকেই বেশ্যাৰ সৈতে বাৰ্গেইনিং কৰাত এক্সপাৰ্ট৷ গতিকে তাত ৰৈ থাকিলে আপোনাৰ কাণত পৰিব আগতে নুশুনা কথা৷ কিছুমান বেশ্যাই আকৌ গ্ৰাহকৰ পৰা আগতীয়াকৈ আদায় কৰে কনড’ম ব্যৱহাৰৰ প্ৰতিশ্ৰুতি৷ অসুৰক্ষিত শাৰিৰীক সম্পৰ্ক কৰিব নোৱাৰে বুলি বন্দৱস্তিৰ সময়তে গ্ৰাহকক বেশ্যাই জনাই দিয়ে৷ বেছিভাগ যুৱতীয়ে শৰীৰৰ দাম হ্ৰাস নকৰে৷ অৱশ্যে গ্ৰাহক চিনাকি হ’লে ৫০০ টকা কমাই দিব বুলি কয় গণেশগুৰিৰ বেশ্যাই৷ তেওঁলোক আকৌ সেই এলেকাৰ পুৰণি পতিতা বুলি ভাবি ভুল নকৰিব৷ ভাৰ্জিন চ’কত গ্ৰাহকৰ বাবে অপেক্ষা কৰি ৰৈ থকা বেছিভাগ যুৱতী হৈছে পঢ়িবলৈ যোৱা ছাত্ৰী৷ দিনত পঢ়া-শুনা কৰি আমনি লাগিলে তেওঁলোকে নিশা ওলাই গৈ এনজয় কৰে৷ ভাৰ্জিন চ’কৰে কিছু দৃশ্য আমাৰ গোপন কেমেৰাত বন্দী হৈছে৷ যিটো দেখিলে ঘূৰাই যাব মূৰ৷
ৰীণা নামেৰে পৰিচিত এইগৰাকী যুৱতীৰ এনিশাৰ ফীজ হৈছে ৫ হাজাৰ টকা৷ কিন্তু আমাৰ কেমেৰাত ধৰা পৰাৰ সময়ত তেওঁক গ্ৰাহকে দিব বিচাৰিছিল চাৰে তিনি হাজাৰ টকা৷ সেই দামত কোনোপধ্যে শৰীৰ বিক্ৰী কৰিবলৈ সন্মত নহ’ল ৰীণা৷ শেষত গ্ৰাহকে তেওঁক দিব বিচাৰিলে চাৰি হাজাৰ টকা৷ কিন্তু শৰীৰৰ দাম কমাবলৈ ৰীণা মান্তি নহ’ল৷ ৰীণাই প্ৰকাশ কৰা অনুসৰি তেওঁ খুব বেছি ৫০০ টকাহে কমাব পাৰিব৷ অৰ্থাৎ চাৰে চাৰিহাজাৰ টকাৰ তলত ৰীণাই শৰীৰ বিক্ৰী নকৰে৷ সেযে আমাৰ কেমেৰাৰ সন্মুখত বেশ্যা বন্দৱস্ত কৰিবলৈ চেষ্টা কৰা গ্ৰাহকৰ সৈতে নগ’ল ৰীণা৷ আমি উল্লেখ কৰা ৰীণা নামৰ গাভৰু ছোৱালীজনী হৈছে গুৱাহাটীৰ এখন কলেজৰ ছাত্ৰী৷ তেওঁ সেই কলেজখনত স্নাতকোত্তৰ পঢ়ি আছে৷
কিন্তু ঘৰৰ পইচাৰে গুৱাহাটীত চলিব নোৱাৰে ৰীণা৷ সেইবাবে ৰীণাই নিশা কৰে এক্সট্ৰা ইনকাম৷ ৰীণাৰ মতে তেওঁ যিটো পিজিত থাকে তাৰ বেছিভাগ যুৱতীয়েই দেহ ব্যৱসায়ৰ সৈতে জড়িত৷ এগৰাকী জ্যেষ্ঠ আৱাসীয়ে ৰীণাক নিষিদ্ধ জগতৰ সৈতে চিনাকি কৰাই দিছিল৷ আনহাতে আমাৰ কেমেৰাত ধৰা পৰিছিল অনুজা নামেৰে পৰিচিত এগৰাকী যুৱতী৷ তেওঁ গুৱাহাটীৰ স্থায়ী বাসিন্দা বুলি জানিব পৰা গৈছে৷ অৱশ্যে গুৱাহাটীতে ঘৰ হ’লেও নাইট ডিউটীৰ সুবিধা হোৱাকৈ অনুজা গণেশগুৰিত থাকে৷ পিজিত থাকি কলেজত পঢ়াৰ নামত অনুজাই কৰে দেহৰ বেপাৰ৷ গ্ৰাহকৰ সুবিধা হোৱাকৈ বেজী লৈ শকত হৈছে সুন্দৰী অনুজা৷
তেওঁ প্ৰকাশ কৰা অনুসৰি ক্ষীণ যুৱতীক অনা-অসমীয়া গ্ৰাহকে পছন্দ নকৰে৷ ইফালে অসমীয়া গ্ৰাহকে বেশ্যাক বেছি পইচা দিব নোৱাৰে৷ সেয়ে মাৰোৱাৰী গ্ৰাহকে পছন্দ কৰাকৈ শৰীৰৰ আকাৰ বৃদ্ধি কৰাত গুৰুত্ব দিছে অনুজাই৷ তেওঁ শকত হ’বলৈ বেজী লোৱা বুলি স্বীকাৰ কৰিছে৷ গৰুৱে খোৱা টেবলেট খাই হ’লেও শৰীৰত বঢ়াইছে চৰ্বী৷ তাৰ ফলত এনিশাতে চাৰি হাজাৰ টকা উপাৰ্জন কৰিব পাৰিছে অনুজাই৷



