জে’লত নহয়, আছিল ভাৰাঘৰত!

হাফলঙৰ ঠাণ্ডা বতাহ খাই জে’লত ৰাজসুখত আছিল অমৃতপ্ৰভা
প্ৰথমে অমৃতপ্ৰভা মহন্তৰ মাতেই ওলোৱা নাছিল৷ এটা শব্দকে ঘূৰাই পকাই কৈ কৈ অমৃতপ্ৰভাৰ কঁপনি উঠিছিল৷ সেই অমৃতপ্ৰভাক কন্যাৰ দৰে মৰম কৰিছিল জুবিন গাৰ্গে৷ কিন্তু অজ্ঞাত কাৰণত সঁচা কথা কৈ আজৰি হোৱাৰ সাহস অমৃতপ্ৰভাৰ নহ’ল৷ নাম অমৃত হ’লেও সেইকেইদিন মুখেৰে গৰলহে ওলাইছিল অমৃতপ্ৰভাৰ৷ কিন্তু ইমান জঘন্য অপৰাধাৰ সাক্ষী হোৱাৰ পিছতো নীৰৱতা অৱলম্বন কৰা অমৃতপ্ৰভা জে’লত কেনেকৈ আছিল৷ তেওঁৰ মুক্তিৰ সময়ৰ কিছু গোপন দৃশ্যাৱলীয়ে অমৃতপ্ৰভা যে জে’লতো ৰাজ সুখত আছিল সেইটো প্ৰমাণ কৰিছে৷ সচৰাচৰ সকলোৱে জানে যে জে’লত থাকিলে কোনেও ঘৰৰ দৰে সুবিধা নাপায়৷ জে’লৰ পৰা দিয়া তোচকতে কয়দী শুব লাগে৷ জে’লৰ খাদ্য খাব লাগে সকলো বন্দীয়ে৷ কিন্তু অমৃতপ্ৰভাই সম্ভৱত: কষ্ট পোৱা নাছিল৷ তেওঁৰ মুক্তিৰ সময়ত উলিওৱা সামগ্ৰীয়ে অমৃতপ্ৰভাৰ ৰাজকীয় জীৱনৰে উমান দিছে৷ যেতিয়া অমৃতপ্ৰভা হাফলঙৰ কাৰাগাৰৰ ওলাই আহিছিল তেতিয়া গাড়ীলৈ অনা হৈছিল এখন ঘৰৰ সামগ্ৰী৷ তেওঁ যেন ভাৰাঘৰতহে আছিল তেনেকৈ সামগ্ৰী গাড়ীত তোলা হৈছিল৷
এখন ঘৰৰ বাবে যিমান সামগ্ৰী প্ৰয়োজন সিমানখিনি অমৃতপ্ৰভাই জে’লতো পাইছিল৷ তেওঁক আনিবলৈ যোৱা এজন যুৱকে মাস্ক মাৰি গাড়ীত তুলিছিল ৬টাকৈ বেগ৷ সাংবাদিকৰ পৰা আঁতৰাই তেওঁ গাড়ীত বেগবোৰ জাপি আছিল৷ প্ৰথমে তিনিটা বেগ থাৰ গাড়ীখনৰ ডিকিত ভৰাইছিল৷ তাৰ পিছতো এটা বেগ গাড়ীত সুমুওৱা হৈছিল৷ জে’লৰ পৰা যুৱকজনে শেষত কেকো-জেকোকৈ দুটা বেগ দাঙি নি ডিকিত ভৰাইছিল৷ সম্ভৱত: সেই বেগবোৰত আছিল অমৃতপ্ৰভাৰ কাপোৰৰ পৰা আৰম্ভ কৰি মেক-আপৰ সামগ্ৰী পৰ্যন্ত সকলো৷ অৰ্থাৎ অমৃতপ্ৰভাই জে’লত ঘৰৰ দৰে সুবিধা লাভ কৰিছিল৷ তেওঁ আৰামত শুব পৰাকৈ কোমল গাৰুও যোগান ধৰা হৈছিল৷ অমৃতপ্ৰভাই ব্যৱহাৰ কৰা স্পেচিয়েল মেট্ৰেছো গাড়ীত দেখা গৈছিল৷
এই দৃশ্যাৱলী দেখিলে অমৃতপ্ৰভাই জে’লত যে কষ্ট পাইছিল সেইটো বিশ্বাস কৰিব নোৱাৰি৷ দৰাচলতে হাফলঙৰ জে’লত সুৰক্ষিত হৈ আছিল অমৃতপ্ৰভা৷ জে’লৰ পৰা ওলোৱাৰ পিছতে অমৃতপ্ৰভাৰ কোনোবাই কিবা কৰে বুলি ভয় লাগিছে৷ কিন্তু জে’লত সেইটো ভয়ো নাছিল৷ তেওঁ বিন্দাছ থাকি কোমল মেট্ৰেছত শোৱাৰ সুবিধা পাইছিল৷ জে’লত অমৃতপ্ৰভাই আৰু কি কি সুবিধা পাইছিল সেয়া পৰ্যায়ক্ৰমে ওলাই থাকিব৷ কিন্তু মেক-আপৰ বাবে অমৃতপ্ৰভাই চিন্তা কৰিবলগীয়া হোৱা নাছিল সেইটো নিশ্চিত৷ কাৰণ জে’লৰ পৰা ওলোৱাৰ পিছতো অমৃতপ্ৰভাৰ চেহেৰাৰ সালসলনি হোৱা নাছিল৷ চেলাউৰি আছিল নিমজ৷
এইগৰাকী যুৱতীক জুবিন গাৰ্গে কন্যাৰ দৰে মৰম কৰিছিল৷ তেওঁ জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ কথাবোৰ অসমৰ ৰাইজক কোৱাৰ সাহস নকৰিলে৷ ১৯ ছেপ্টেম্বৰত কি হৈছিল সেয়া লুকুৱাই এবছৰ জে’লত ৰাজ সুখত দিন কটালে৷ ভাৰাঘৰৰ দৰে প্ৰয়োজনীয় সকলো সামগ্ৰী গোটাই অমৃতপ্ৰভাই পাহাৰীয়া হাৱা খাই আৰামৰ জীৱন অতিবাহিত কৰিলে৷ এতিয়াহে অমৃতপ্ৰভাৰ সম্ভৱত: হৈছে কষ্ট৷ কাৰণ তেওঁ প্ৰতিদিনে সাংবাদিকৰ বেহুৰ পৰা ওলাই আদালতত সাক্ষ্যদান কৰিবলৈ যাব লাগিব৷ নিতৌ অমৃতপ্ৰভাক ঘেৰাও কৰিব সাংবাদিকে৷ আকৌ সেই আজলীতৰাৰ ভাও জুৰি অমৃতপ্ৰভা ৰাইজৰ আদালতত সাৰিব নোৱাৰিব৷