চাৰিটা আমপাতৰ পেকেটৰ দাম ৫৭৫ টকা

আপোনাৰ ঘৰত আমগছ আছে নেকি
আছে যদি আপুনি কোটিপতি হ’ল বুলিয়েই ধৰি ল’ব পাৰে
নৱৰাত্ৰিৰ সময়ত গুজৰাটৰ প্ৰতিটো পৰিয়ালেই ঘৰৰ দুৱাৰডলিত আমপাতৰ মালা বান্ধে৷ প্ৰৱাসী গুজৰাটী পৰিয়ালেও এই পৰম্পৰা পালন কৰিবই৷ সেয়ে নৱৰাত্ৰিৰ সময়ত গুজৰাটত আমপাতৰ বৃহৎ বজাৰ সৃষ্টি হয়৷ মহাৰাষ্ট্ৰৰো লক্ষাধিক লোকে পৱিত্ৰ উপলক্ষত ঘৰৰ দুৱাৰডলিত আমপাতৰ মালা বান্ধি লক্ষ্ণীদেৱীক আদৰণি জনায়৷ তাৰ বাবে দুয়োখন ৰাজ্যতে আমপাতৰ পেকেট বিক্ৰী কৰা হয়৷ পাঁচটা আমপাত পেকেটত ভৰাই ৩০ টকাত বিক্ৰী কৰে চতুৰ ব্যৱসায়ীয়ে৷ গুজৰাটৰ বণিয়া পৰিয়ালৰ মালা বান্ধিবলৈ আমপাত গোটাই থকাৰ সময় নাই৷ সেইবাবে প্ৰায়ভাগে আমপাতৰ পেকেট ক্ৰয় কৰে৷ কিন্তু গুজৰাটী ব্যৱসায়ীয়েই পেকেজড আমপাত বজাৰত নুলিয়ায়৷ প্ৰধানত: বিহাৰৰ পৰা গুজৰাটলৈ যায় আমপাতৰ পেকেট৷ বাণিজ্যিক বুদ্ধি খটুৱাই বিহাৰী যোগনিয়াৰে আমপাতত সুগন্ধি সানি গ্ৰাহকক আকৰ্ষণৰ চেষ্টা কৰে৷ ২০টা ডাঙৰ আমপাতৰ এটা পেকেটৰ দাম গুজৰাটত নৱৰাত্ৰিৰ সময়ত ৫০ টকাপৰ্যন্ত বৃদ্ধি হয়৷
গুজৰাটত নৱৰাত্ৰি হৈছে প্ৰধানত: সাংস্কৃতিক উৎসৱ৷ সেইবাবে হিন্দু-মুছলমান সকলোৱে নৱৰাত্ৰি পালন কৰি ৯ দিনেই নিৰামিষ আহাৰ গ্ৰহণ কৰে৷ এই সময়ছোৱাত তেওঁলোকে প্ৰতিদিনে ঘৰৰ দুৱাৰডলিত বন্ধা আমপাতৰ মালাডাল সলনি কৰে৷ প্ৰতি পুৱা নতুন আমপাতেৰে মালা বন্ধা হয়৷ সেয়ে দিনৌ প্ৰয়োজন হয় আমপাতৰ৷ কিন্তু শুষ্ক ৰাজ্য গুজৰাটত আমৰ প্ৰচলন কম৷ গুজৰাটত জনপ্ৰিয় ফল যদিও উৎপাদন কম হোৱা বাবে আম বিহাৰৰ পৰাহে সৰবৰাহ কৰা হয়৷ ফলত সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰাৰ বাবেও গুজৰাটী বিহাৰৰ বিক্ৰেতাৰ ওপৰত নিৰ্ভৰশীল৷ পূৰ্বে গুজৰাটত নৱৰাত্ৰিৰ সময়ত আমপাতৰ চাহিদা পূৰণ কৰিব পৰাকৈ গছ আছিল৷ পিছে দ্ৰুত নগৰীকৰণৰ বাবে গুজৰাটত আমগছৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পালে৷ গতিকে নৱৰাত্ৰিত দুৱাৰডলিত মালা বান্ধিবলৈয়ো বিহাৰীয়ে যোগান ধৰিছে আমপাতৰ পেকেট৷
এই আমপাতৰ পেকেট বিদেশপৰ্যন্ত ৰপ্তানি কৰা হৈছে৷ আমেৰিকানিৱাসী গুজৰাটী পৰিয়ালৰ সুবিধাৰ্থে ছুপাৰ মাৰ্কেটত আমপাতৰ পেকেট যোগান ধৰিছে বিহাৰীয়ে৷ মাৰ্কিন মুলুকত এটা আমপাতৰ পেকেটৰ দাম হৈছে ৫৭৫ টকা৷ পাঁচটা আমপাত থকা পেকেটটোৰ টেক্সৰ সৈতে ৫৭৫ টকা বিক্ৰী দাম নিৰ্ধাৰণ কৰা হৈছে৷ উপায়ন্তৰ হৈ পৰম্পৰা ৰক্ষা কৰিবলৈ আমেৰিকাৰ গুজৰাটী পৰিয়ালে ৫৭৫ টকা ভৰি ক্ৰয় কৰিছে চাৰিটা আমপাত৷ গুজৰাটৰ বজাৰতো সুগন্ধিযুক্ত আমপাতৰ পেকেটৰ অভাৱ নাই৷ কৃত্ৰিম গোন্ধ সনা আমপাত কেজি হিচাপতো বিক্ৰী কৰা হৈছে৷ ব্যৱসায়ত ব্যস্ত গুজৰাটীৰ আমপাত গোটাই ঘৰৰ দুৱাৰ ডলিত মালা আঁৰিবলৈ সময় নাই৷ তাৰ সুযোগ গ্ৰহণ কৰি বিহাৰীয়ে আমপাতৰ মালাও বিক্ৰী কৰিছে৷
বিহাৰৰ বিক্ৰেতাই তৈয়াৰ কৰা আমপাতৰ মালাডালৰ দাম হৈছে ৩০০ টকা৷ নৱৰাত্ৰিৰ সময়ত গুজৰাটলৈ মালা সৰবৰাহ কৰি বিহাৰী ব্যৱসায়ীয়ে কোটি টকাৰ বেপাৰ কৰিছে৷ ব্যৱসায়ত চতুৰ গুজৰাটীৰ পৰাও চুঁচি চুঁচি ধন উলিয়াইছে বিহাৰীয়ে৷ নৱৰাত্ৰিৰ সময়ত বিহাৰী বিক্ৰেতাই আৰম্ভ কৰিছে বিদেশলৈ আমপাত ৰপ্তানিৰ ব্যৱসায়৷ গতিকে আপোনালোকৰ চোতালত পৰি থকা আমপাতবোৰ বাঢ়নিৰে গোটাই জ্বলাই নিদিব৷ পাৰিলে আমপাতৰ পেকেট বনাই ব্যৱসায় কৰক৷ মোদীৰ ৰাজ্যলৈ পঠিয়াওক পেলনীয়া আমপাত৷