আইসকলে গোটেই দিনটো ৰূমতে জিৰণি লৈ থাকে
আন্ধাৰ হোৱাৰ লগে লগে আইসকলে আৰম্ভ কৰে ডিউটী
নাইট ডিউটী কৰা আইসকলৰ উপাৰ্জন বহুত৷ গোটেই মাহটো নাইট ডিউটী কৰিব পাৰিলে তেওঁলোকে ১ লাখৰো বেছি টকা ইনকাম কৰিব পাৰে৷ তাৰ বাবে আইসকলে কিন্তু মেনিকিউৰ-পেডিকিউৰ কৰি থাকিব লাগে৷ শৰীৰটোৱেই আইসকলৰ একমাত্ৰ মূলধন৷ ধুনীয়া হৈ থাকিব পাৰিলেই চিন্তা নাই৷ বাৰৰ সন্মুখত ৰৈ থকা এইসকল যুৱতীলৈ মন কৰক৷ দৃশ্যটো আপোনাৰ চিনাকি গণেশগুৰিৰ৷ তাত নিশাৰ ভাগত শ্বৰ্টছ পিন্ধি যুৱতীৰ দল ৰৈ আছে৷ আইসকল কিহৰ বাবে ৰৈ আছে সেইটো আপুনি নাজানিব পাৰে৷ কিন্তু গুৱাহাটীৰ প্ৰতিজন লোকেই জানে তেওঁলোকৰ উদ্দেশ্য৷ শৰীৰটো বেপাৰৰ মূলধন কৰি লোৱা যুৱতীৰ দলে নিশা গ্ৰাহকৰ সৈতে এচিৰ বতাহ খাবলৈ যায়৷ বিনিময়ত পুৱা কাষ্টমাৰৰ পৰা পাই যায় এটোপোলা ধন৷
গণেশগুৰিৰ এই বিশেষ এলেকাটো ভাৰ্জিন চ’ক বুলি অভিহিত কৰা হয়৷ গ্ৰাহকৰ মতে এই স্থানত ৰৈ থকা যুৱতীসকল কলেজীয়া ছাত্ৰী৷ গণেশগুৰিৰ যি এলেকাত সততে বেশ্যাই গ্ৰাহকৰ বাবে অপেক্ষা কৰে তেওঁলোক বহুদিনৰ পৰা এই বৃত্তিৰে জড়িত৷ কিন্তু বৰ্তমান গুৱাহাটীত পুৰণি বেশ্যাৰ সংখ্যা ক্ৰমশ: টুটি আহিছে৷ তেওঁলোকক বেশ্যাবৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে কলেজীয়া ছাত্ৰীয়ে৷ ঘৰৰ পৰা পঢ়িবলৈ ওলাই যোৱা ছাত্ৰীয়ে গণেশগুৰিত বিজনছ আৰম্ভ কৰি দিছে৷ সেই ব্যৱসায়ৰ ফলত আইসকলে ঘৰৰ সহায় অবিহনে গুৱাহাটীত বিলাস কৰিছে৷ নিশাৰ ভাগত অচিনাকী গ্ৰাহকক দেখুৱাইছে নগ্ন শৰীৰ৷
এই ভাৰ্জিন চ’কত আমাৰ কেমেৰাত বন্দী হৈছে কেইগৰাকীমান যুৱতী৷ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোক উলুবাৰীৰ এখন কলেজৰ ছাত্ৰী৷ বিজনেছ কৰাত সুবিধা হোৱাকৈ তেওঁলোকে নিজাকৈ ৰূম লৈ থাকে৷ সেয়ে আন্ধাৰ হোৱাৰ লগে লগে ৰূমৰ পৰা ওলাই আহিব পাৰে ভাৰ্জিন চ’কৰ আইসকল৷ মালিকক ফাঁকি দি ৰূমৰ পৰা ওলালেই তেওঁলোকে ঘটিব পাৰে হাজাৰৰ ঘৰত টকা৷ দিনটো পৰিশ্ৰম কৰি আপুনি উপাৰ্জন কৰিব নোৱাৰা ধন তেওঁলোকে এনিশাতে পাই যায়৷ অৱশ্যে তাৰ বাবে অলপ কষ্ট কৰিব লাগে৷ বিশেষকৈ জিমলৈ গৈ শৰীৰটো আকৰ্ষণীয় কৰি ৰখাত এই আইসকল ওস্তাদ৷ তেওঁলোকৰ বেছিভাগকে লাগে মাৰোৱাৰী কাষ্টমাৰ৷ অৱশ্যে ভাৰ্জিন চ’কতে যে পছন্দৰ শৰীৰ কিনিবলৈ পাই সেয়া গুৱাহাটীৰ অভিজ্ঞ কাষ্টমাৰে জানে৷ সেয়ে গণেশগুৰিৰ পুৰণি বেশ্যাক বৰ্তমান গুৰুত্বই নিদিয়া হৈছে ধনৱান কামুক গ্ৰাহকে৷
ভাৰ্জিন চ’কৰ ওপৰতে আকৌ আছে এখন বাৰ৷ প্ৰধানত: সেই বাৰখনলৈ অসংখ্য গ্ৰাহকৰ সমাগম ঘটে৷ তাতে গ্ৰাহকৰ সৈতে আইসকল চিনাকি হয়৷ শ্বৰ্টছ পিন্ধি তাত ৰৈ থকা যুৱতীক এহাতেৰে আলিংগন কৰি বাৰত প্ৰৱেশ কৰে ধনৱান কাষ্টমাৰে৷ বাৰৰ পৰা নামি অহাৰ পিছত এইসকল যুৱতী আমাৰ কেমেৰাত বন্দী হৈছে৷ অচিনাকী গ্ৰাহকৰ পৰা ইনকাম কৰা ধনৰ বাবে ভাৰ্জিন চ’কৰ যুৱতী সবাতোকৈ চহকী৷ তেওঁলোকে বিজনেছ কৰিলেও দিব নালাগে টেক্স৷ GST ফ্ৰী বিজনেছ কৰি ভাৰ্জিন চ’কৰ যুৱতীয়ে দিনত দিয়ে সতী সাৱিত্ৰীৰ ভাও৷ নিশা মোবাইল এপৰ জৰিয়তে তেওঁলোকে পাই যায় মনে বিচৰা এনিশাৰ সংগী৷ পুৱা খমখমীয়া নোটেৰে ভৰি থকা বেগ লৈ আইসকল ৰূমত সোমালেই হৈ পৰে পাপ্পা কী পৰী৷



