হাগ্ৰামাৰ ঘোষণা- মোৰ দিনত এইবোৰ নচলিব

আগতে যি হ’ল হ’ল, মোৰ দিনত এইবোৰ নচলিব
স্পষ্ট ঘোষণাৰে কাৰবাৰ বন্ধ কৰি দিলে হাগ্ৰামা মহিলাৰীয়ে
অবৈধ বেপাৰ বন্ধ কৰিবই হাগ্ৰামা মহিলাৰীয়ে৷ BTCত কোনেও দুইনম্বৰী গৰু বেপাৰ কৰিব নোৱাৰিব৷ এই স্পষ্ট ঘোষণাৰে হাগ্ৰামা মহিলাৰীয়ে বন্ধ কৰি দিছে গৰুৰ বজাৰ৷ BTCৰ পৰা গৰু সৰবৰাহৰ অভিযোগৰ বাবে তেওঁ হৈ পৰিছে কঠোৰ৷ কোনেও যাতে অবৈধভাৱে গৰুৰ কাৰবাৰ কৰিব নোৱাৰে তাৰ বাবে তেওঁ প্ৰশাসনক সতৰ্ক কৰি দিছে৷ চৰকাৰী নিৰ্দেশনা পালন কৰিবলৈ প্ৰতিজন বেপাৰীকে বাধ্য কৰোৱাৰ বাবে হাগ্ৰামাই জাৰি কৰিছে জাননী৷ BTCৰ সচিবৰ দ্বাৰা স্বাক্ষৰিত জাননীত ততালিকে চাৰি খন গৰু বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ যদি এই বজাৰত কোনোবাই অবৈধভাৱে গৰু বেপাৰ কৰে তেন্তে শাস্তিৰ সন্মুখীন হ’ব বুলি জাননীত উল্লেখ কৰা হৈছে৷ গৰুৰ দুইনম্বৰী বেপাৰৰ পুলি-পোখা উছন কৰিবলৈ কঠোৰ হাগ্ৰামাই সকলোকে দিছে সকীয়নি৷ মাফিয়াকো ৱাৰ্নিং দিছে হাগ্ৰামা মহিলাৰীয়ে৷
বিগত সময়ত BTCত অবৈধ গৰু বেপাৰক কেন্দ্ৰ কৰি ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছিল৷ অভিযোগ কৰা হৈছিল যে গৰু মাফিয়াই বড়োভূমিৰ পৰা বিভিন্ন ঠাইলৈ গোধন চালান দিয়ে৷ এই গৰুবোৰ তাতে সংগ্ৰহ কৰা হয় বুলি অভিযোগ উত্থাপিত হৈছিল৷ বিশেষকৈ BTCৰ গৰু বজাৰৰ পৰিস্থিতিৰ বিষয়েও এটা চক্ৰই আঙুলি টোঁৱাইছিল৷ এই অভিযোগক হাগ্ৰামা মহিলাৰীয়ে গুৰুত্বসহকাৰে গ্ৰহণ কৰিলে৷ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি হাগ্ৰামাই বন্ধ কৰিলে বজাৰ৷ শেহতীয়া নিৰ্দেশনা অনুসৰি হাগ্ৰামাই ভাওৰাগুৰি গৰু বজাৰ বন্ধ কৰি দিছে৷ তাৰোপৰি হাৰাপুটা, দেৱীতোলা আৰু জৰাগুৰিৰ গৰু বজাৰতো ক্ৰয়-বিক্ৰয় নিষিদ্ধ ঘোষণা কৰা হৈছে৷ মুঠতে ছিণ্ডিকেট সমুদায় উৎখাত কৰিবলৈ তৎপৰ হৈ পৰিছে BTCৰ মুৰব্বী৷
হাগ্ৰামা মহিলাৰীৰ পূৰ্বেও BTCত গৰুৰ ছিণ্ডিকেট চলি আছিল৷ প্ৰভাৱশালী চক্ৰই BTCৰ পৰা ভিন্নপ্ৰান্তলৈ গৰু সৰবৰাহ কৰিছিল৷ এই ছিণ্ডিকেটৰ মূল্য আছিল কেবাকোটি টকা৷ কিন্তু হাগ্ৰামা মহিলাৰী আকৌ BTCৰ মুৰব্বী হোৱাৰ পিছত তেওঁ ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে৷ গৰু বেপাৰীক নাকী লগোৱাৰ উদ্দেশ্যে হাগ্ৰামা মহিলাৰীয়ে বন্ধ কৰি দিলে অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ পথ৷ তেওঁ গৰু বেপাৰীৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলো বিষয়াকে নিৰ্দেশ দিলে৷ সৰ্বশেষত ছিণ্ডিকেট উৎখাত কৰাৰ বাবে হাগ্ৰামাই বজাৰ নিষিদ্ধ কৰিলে৷ গতিকে এতিয়াৰ পৰা বড়োভূমিত গৰু ছিণ্ডিকেটৰ পথ বন্ধ হ’ল৷ অবৈধভাৱে গৰু বেপাৰ কৰি ধৰা পৰা মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ অভিযোগৰ বাবে কঠোৰতা অৱলম্বন কৰা হাগ্ৰামাই জাননীৰ দ্বাৰা সকলোকে দিলে লাষ্ট ৱাৰ্নিং৷
বড়োভূমিৰ পৰা ছিণ্ডিকেট উৎখাত কৰিবলৈ চেষ্টা কৰা হাগ্ৰামাৰ জাননীৰ জৰিয়তে BTCৰ কৃষক উপকৃত হ’ব৷ মাফিয়াৰ বাবে সাধাৰণ লোকে বিগত সময়ত গৰুৰ উপযুক্ত দাম লাভ কৰা নাছিল৷ চুৰি হোৱাৰ ভয়ত কৃষকে গৰু বিক্ৰী কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু হাগ্ৰামাৰ কঠোৰতাৰ পিছত BTCত স্বাভাৱিকতে গৰু মাফিয়া চক্ৰ সাৱধান হ’বলৈ বাধ্য হ’ব৷ মাফিয়াই গৰু সৰবৰাহ কৰিব নোৱাৰিলে সুফল লাভ কৰিব সাধাৰণ গঞাই৷ তেওঁলোকে গৰু বিক্ৰী কৰি লাভ কৰিব উপযুক্ত দাম৷ গতিকে সাম্প্ৰতিক প্ৰেক্ষাপটত হাগ্ৰামা মহিলাৰীৰ জাননীখন বড়োভূমিৰ ৰাজনীতিত তাৎপৰ্যপূৰ্ণ৷ যি সকাহ দিছে জনতাকো৷